নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমিকৰ সৈতে পলাল পত্নী ! চৰম দুখত চাৰি সন্তানক লৈ যমুনাত জাঁপ যুৱকৰ

নিউজ ডেস্ক, ৫ অক্টোবৰ : পৰকীয়া প্ৰেমৰ চৰম পৰিণতি! পত্নীক হেৰুওৱাৰ দুখ সহ্য কৰিব নোৱাৰি যুৱকে ল’লে কঠোৰ সিদ্ধান্ত! ঘৰত আছে স্বামী আৰু চাৰি সন্তান। সুখৰ সেই সংসাৰ এৰি আন এজন যুৱকৰ সৈতে পলাই যায় পত্নীয়ে। সেই দুখ সহ্য কৰিব নোৱাৰি চাৰি সন্তানক লৈ যমুনাত জাঁপ দিয়ে স্বামীয়ে। শনিবাৰে এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ শামলিত।

জানিব পৰা মতে, চৰম পথ বাছি লোৱা যুৱকজনৰ নাম ছলমান। শুকুৰবাৰে ছলমানৰ সৈতে তীব্ৰ বাকবিতণ্ডা লাগে তেওঁৰ পত্নীৰ। ইয়াৰ পিছতেই নিজৰ প্ৰেমিকৰ সৈতে পলাই যায় খুশনুমা নামৰ মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে আন যুৱকৰে পলাই যোৱাৰ পিছতে চৰম সিদ্ধান্ত লয় ছলমানে।

উল্লেখ্য যে চাৰি সন্তানক লৈ যমুনাত জাঁপ দিয়াৰ আগতে এটা ভিডিঅ’ বনাই নিজৰ ভনীয়েক গুলিষ্টালৈ পঠিয়ায় যুৱকজনে। এই চৰম সিদ্ধান্তৰ বাবে পত্নী খুশনুমাকেই দায়ী কৰিছে ছলমানে। সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰিছে সেই ভিডিঅ’। অৱশ্যে যমুনাত জাঁপ দিয়া পাঁচোজনৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই।

এই ঘটনাৰ পিছতে ভনীয়েক গুলিষ্টা পুলিচৰ দ্বাৰস্থ হৈছে। ককায়েকৰ এই পৰিণতিৰ বাবে খুশনুমা আৰু তেওঁৰ প্ৰেমিকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে তেওঁ। আৰক্ষীয়ে তেওঁলোকৰ সন্ধানত তালাচী অভিযান অব্যাহত ৰাখিছে।

আৰক্ষীয়ে জনোৱা মতে, ছলমানৰ সৈতে যমুনাত জাঁপ দিয়া চাৰি সন্তান হ’ল ১২ বছৰীয়া মেহেক, পাঁচ বছৰীয়া শিফা, তিনি বছৰীয়া আমান আৰু আঠ মাহৰ ইনাইশা। পৰিয়ালৰ তৰফৰ পৰা পুলিচক জনোৱা মতে, ১৫ বছৰ ধৰি সংসাৰ কৰি আছিল খুশনুমা আৰু ছলমানে। যদিও শেহতীয়াকৈ তেওঁলোকৰ সংসাৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল।

You might also like