নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সর্বাধিক দ্রুতগতিত বৃদ্ধি পোৱা প্রধান অর্থনীতি হৈ থাকিব ভাৰত

বিশ্ব বেংকৰ এক প্রতিবেদনত ভাৰত-বর্ষ বিশ্বৰ সর্বাধিক দ্রুতগতিত বৃদ্ধি পোৱা প্রধান অর্থনীতি হিচাপে থাকিব বুলি পূর্বানুমান কৰিছে৷

সুস্থিৰ ঘৰুৱা চাহিদা, শক্তিশালী গ্রামোন্নয়ন আৰু কৰ সংস্কাৰৰ ইতিবাচক প্রভাৱৰ কথা উল্লেখ কৰি বিশ্ব বেংকে জুন মাহত ভাৰতৰ বিকাশৰ হাৰ ৬.৩ শতাংশ বুলি ঘোষণা কৰাৰ বিপৰীতে ২০২৬ বর্ষত এই হাৰ ৬.৫ শতাংশ হ’ব বুলি পূর্বানুমান কৰিছে৷

বিশ্বৰ অর্থনৈতিক মন্দাৱস্থা, অনিশ্চিত বাণিজ্য নীতি, ৰাজনৈতিক অস্থিৰতা আৰু কৃত্রিম বুদ্ধিমত্তাৰ প্রভাৱৰ বিপৰীতে ভাৰতৰ উত্থান বিশ্ববাসীৰ বাবে আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ ভাৰতত উত্থান হ’লেও দক্ষিণ এছিয়াত অর্থনীতিত কিছু প্রভাৱ পৰিব বুলিও প্রতিবেদনত প্রকাশ৷

নিয়মীয়া বাৰ্তা ডেস্ক, ৮ অক্টোবৰ

You might also like