আলফাৰ শিবিৰলৈ ঔষধ প্ৰেৰণ! তিনিচুকীয়াত ৭ লিংকমেন আটক
আটকাধীন ব্যক্তি কেইজনৰ তিনিজন জিতু মৰাণ, জুলি গগৈ আৰু দিপক গগৈ । আন চাৰি জন ব্যক্তি ম্যানমাৰ নাগৰিক বুলি জানিব পৰা গৈছে
উগ্ৰপন্থী বিৰুদ্ধে সেনা আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে আজি অৰুণাচলৰ নামপং হৈ ম্যানমাৰস্থিত আলফা স্বাধীনৰ শিবৰলৈ বুজন পৰিমাণৰ ঔষধ সৰবৰাহ কৰোতে ৭জন ব্যক্তিক আটক কৰাৰ বিপৰীতে বুজন পৰিমাণৰ ঔষধ জব্দ কৰে।
লেখাপানী আৰু তিনিচুকীয়া আৰক্ষীৰ অভিযানত জব্দ হোৱা ঔষধ খিনি আলফা স্বাধীন জ্যেষ্ঠ নেতা অৰুণোদয় দহতিয়াৰ নিৰ্দেশত নিয়া হৈছিল বুলি বিশেষ সূত্ৰে জানিব পাৰি এই আৰক্ষীয়ে এই অভিযান চলায়। এই ঘটনাৰ লগত জড়িত ১গৰাকী মহিলা আৰু ৬গৰাকী পুৰুষ লোকক আৰক্ষীয়ে আটক কৰিছে।
আটকাধীন ব্যক্তি কেইজনৰ তিনিজন জিতু মৰাণ, জুলি গগৈ আৰু দিপক গগৈ । আন চাৰি জন ব্যক্তি ম্যানমাৰ নাগৰিক বুলি জানিব পৰা গৈছে। উল্লেখ যে কিছুদিন পূৰ্বে ম্যানমাৰস্থিত সেনা শিবিৰত ভাৰতীয় সেনাই দ্ৰণ আক্ৰমণ কৰাৰ ফলত আলফাৰ শিবিৰ ধ্বংস হোৱাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে জীৱনদায়নী ঔষধ নষ্ট হৈছিল।
ফলত আলফা স্বাধীনৰ শিবিৰত খাদ্য সামগ্ৰীৰ লগতে ঔষধ যথেষ্ট প্ৰয়োজনীয়তা বৃদ্ধি পোৱাৰ ফলতেই এইদৰে অসমৰ মাজেৰে অৰুনাচলী প্ৰদেশৰ নামপং পথেৰে ম্যানমাৰলৈ ঔষধখিনি সৰবৰাহ কৰোতে ধৃত ৭ জন ব্যক্তিৰ লগতে ঔষধখিনি জব্দ কৰা হয় বুলি জানিব পৰা হৈছে। আটকাধীন ব্যক্তি কেইগৰাকীকৰ পৰা অধীক তথ্যৰ লাভাৰ বাবে লেখাপানী থানাত ব্যক্তিকেইগৰাকীক অসম আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে বুলি সূত্ৰত প্ৰকাশ।
নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ২৪ অক্টোবৰ