প্রদূষিত চহৰৰ শীর্ষত দিল্লী
অসমীয়াৰ প্রাণৰ শিল্পী জুবিন গার্গৰ আকস্মিক বিদায়ৰ পিছত আজিও শোকত ম্রিয়মাণ হৈ আছে সমগ্র জাতিটো৷ বিগত এমাহৰো অধিক কাল প্রায় সকলো ধৰণৰ উৎসৱ–আনন্দৰ পৰা বিৰত আছে প্রতিটো জাতি–ধর্মৰ লোক৷ আনকি এইবাৰ দীপাৱলীৰ সময়তো স্বতঃস্ফূর্তভাৱে আতচবাজী, শব্দবাজীৰ পৰা নিজকে আঁতৰাই ৰাখিছিল প্রায় সকলো অসমীয়াই৷ ইয়াৰ ফলস্বৰূপে অসমত এইবাৰ দীপাৱলী শান্তিপূর্ণভাৱে উদযাপন হ’ল আৰু কোনোধৰণৰ অঘটন ঘটাও পৰিলক্ষিত নহ’ল৷ অন্য বছৰতকৈ এইবাৰ দীপাৱলীৰ সময়ত বায়ু প্রদূষণ আৰু শব্দ প্রদূষণৰ পৰিমাণো যথেষ্ট হ্রাস পাইছিল৷ বর্তমান সময়ত মানৱ জাতিৰ বাবে ইয়াতকৈ আশাৰ কথা আন একো হ’ব নোৱাৰে৷ কাৰণ বায়ু প্রদূষণ ৰোধৰ বাবে কেৱল চৰকাৰেই নহয, দেশৰ উচ্চতম ন্যায়ালয়েও কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ ইতিমধ্যে বিশ্বৰ প্রদূষিত চহৰৰ ভিতৰত দেশৰ ৰাজধানী চহৰ দিল্লী শীর্ষস্থানত আছে৷ আনকি ভাৰতৰ আন কেইবাখনো চহৰ এই তালিকাৰ একেবাৰে আগৰফালে আছে৷ সেইবাবেই ৰাজধানী চহৰখনত প্রদূষণ কিছু পৰিমাণে হ’লেও হ্রাস কৰাৰ বাবে তৎপৰ হৈ পৰিছে চৰকাৰ আৰু উচ্চতম ন্যায়ালয়৷ সন্ধিয়া ৭ বজাৰ পৰা ১০ বজালৈ সেউজীয়া আতচবাজী কৰিবলৈ নির্দেশনা দিছিল ন্যায়ালয়ে৷ কিন্তু দিল্লীবাসীয়ে এই নির্দেশনাৰ প্রতি কোনোধৰণৰ সঁহাৰি নজনালে৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশ উলংঘা কৰি ৰাজধানী চহৰ দিল্লীত এইবাৰ গোটেই নিশা আতচবাজীৰে দ্বীপান্বিতা উদযাপন কৰিলে৷ ফলত দেৱালীৰ দ্বিতীয় দিনাই বায়ুৰ সূচকাংক অতি ভয়ংকৰ অৱস্থালৈ পর্যবসিত হয়৷ কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ ৱেবছাহটত প্রকাশিত তথ্য অনুসৰি দীপাৱলীৰ দ্বিতীয় দিনা পুৱাৰ ভাগতে দিল্লীৰ গড় সূচকাংক ৰেকর্ড হয় ৩৪৫৷ এই সূচকাংক অতি ভয়াৱহ শ্রেণীত পৰে৷ চহৰখনত মুঠ ৩৮টা পর্যবেক্ষণ কেন্দ্রৰ ভিতৰত ৩৪টাই ৰেড জ’ন ঘোষণা কৰা হৈছে৷ অধিকাংশ অঞ্চলতে বতাহৰ গুণমান আছিল অতিশয় ভয়াৱহ৷ পঞ্জাব বাগ আৰু ৱাজিৰপুৰত বায়ুৰ গুণ মানে ৪০০ৰ গণ্ডী অতিক্রম কৰিছে৷
সমগ্র দিল্লী চহৰ প্রদূষণৰ আস্তৰণে ঢাকি পেলাইছে৷ অৱশ্যে দ্বীপান্বিতাৰ প্রথম দিনা দিল্লীৰ বায়ুৰ গুণমান সূচাংক অতি ভয়াৱহ পর্যায়ত আছিল৷ সেইদিনা পুৱা ৰাজধানী চহৰখনৰ বতাহৰ গড় বায়ুৰ গুণমান আছিল ৪৫১৷ এই সূচকাংক ৰাষ্ট্রীয় গড়ৰ তুলনাত ১.৮ গুণ অধিক৷ মন কৰিবলগীয়া যে শস্য চপোৱাৰ পিছত শস্যৰ গুৰিৰ অংশ জ্বলাই দিয়া বাবেই দিল্লীত প্রদূষণৰ পৰিমাণ বৃদ্ধি পায় বুলি বহুদিনৰ পৰা অভিযোগ উত্থাপন হৈ আহিছে৷ এইবাৰ পিছে সেই ধাৰণা সলনি হৈছে৷ কাৰণ সেই ৰীতি এইবাৰ পূর্বতকৈ ৭৭.৫ শতাংশ হ্রাস পাহছে৷ কিন্তু তৎসত্ত্বেও প্রদূষণৰ ছবিখনৰ বিশেষ পৰিৱর্তন হোৱা নাই৷ ইয়াৰ বিপৰীতে বতাহত পি এম ২.৫ গড়মাত্রা প্রতি ঘন মিটাৰত ৪৮৮ মাইক্র’গ্রামলৈ বৃদ্ধি পাইছে৷ এই পৰিসংখ্যা বিশ্ব স্বাস্থ্য সংস্থাৰ নির্ধাৰিত বিপদসীমাৰ প্রায় ১০০ গুণ বেছি৷ উল্লেখ্য যে বতাহৰ গুণমান সূচক তথা এ কিউ আই শূন্যৰ পৰা ৫০ৰ ভিতৰত থাকিলে তাক ভাল বুলি ধৰি লোৱা হয়৷ গুণমান সূচক ৫১ৰ পৰা ১০০ হ’লে সন্তোষজনক পর্যায়ত থাকে৷ এই সূচক ১০১ৰ পৰা ২০০ হ’লে মধ্যমীয়া আৰু ২০১ৰ পৰা ৩০০ হ’লে বেয়া আৰু ৩০১ৰ পৰা ৪০০ হ’লে অতি বেয়া, ৪০১ৰ পৰা ৪৫০ হ’লে ভয়ানক আৰু ৪৫০ ৰ পৰা অধিক হ’লে অতি ভয়ানক বুলি গণ্য কৰা হয়৷ সেইবাবেই দীপাৱলীৰ পৰৱর্তী পর্যায়ৰ প্রদূষণ ৰোধৰ বাবে প্রতিবছৰৰ দৰে এইবাৰো দিল্লীত পূর্বৰ পৰাই বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছিল৷ শব্দবাজী, আতচবাজীৰ বিক্রী মজুত আৰু নির্মাণৰ ওপৰত বিধি–নিষেধ আৰোপ কৰা হৈছিল৷ অৱশ্যে চর্তসাপেক্ষে সেউজীয়া আতচবাজী তৈয়াৰ আৰু বিক্রীৰ অনুমতি দিছিল দেশৰ শীর্ষ আদালতে৷ কিন্তু সেই নির্দেশৰ প্রতি দিল্লীবাসীয়ে কোনো গুৰুত্ব নিদিয়াত ৰাজধানী চহৰখন ভয়াৱহ প্রদূষণৰ কবলত পৰিছে৷ এতিয়া বিশ্বৰ আটাইতকৈ প্রদূষিত চহৰসমূহৰ ভিতৰত দিল্লী আছে শীর্ষ স্থানত৷ এই অৱস্থা কিছু বছৰ পিছত অসমতো যে নহ’ব তাক কোনেও ন–দি ক’ব নোৱাৰে৷ সেইবাবে সময় থাকোঁতেই সাৱধান হ’বৰ হ’ল৷ কেৱল জুবিন গার্গৰ দৰে হিয়াৰ আমঠুৰ মৃত্যুৰ শোকতে নহয়, লাহে লাহে অসমতো আতচবাজী, ফটকা আদি বন্ধ কৰি সেউজ দীপাৱলী পালনৰ অভ্যাস সকলোৱে গঢ়ি তুলিব লাগিব৷