নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ডিজিটেল যুগত গ্রন্থমেলা

প্রতি বছৰ শৰৎ–হেমন্ত কালৰ বতাহে অসমৰ বুকুলৈ লৈ আহে গ্রন্থমেলাৰ দ্বাৰ উন্মোচনৰ খবৰ, নতুন কিতাপৰ গোন্ধ, পাঠকৰ ভিৰ আৰু কিতাপৰ পৃষ্ঠা লুটিওৱা৷ কিন্তু এই পৰিচিত মেলাৰ ভিতৰতেহ সংগোপনে সলনি হৈ গৈ আছে এটা যুগৰ স্বৰূপ– কিতাপ আৰু পঠনৰ জগতখনৰ চৰিত্র আৰু স্বৰূপ৷

এসময়ত গ্রন্থমেলা আছিল কেৱল ছপা আখৰৰ উৎসৱ, এতিয়া সেই মেলাত ইংকৰ লগত মিশ্রণ হৈছে পিক্সেল৷ এই পৰিৱর্তনৰ চৰিত্র আৰু ভৱিষ্যতৰ ৰূপৰ কথাটি কিন্তু এতিয়াও বহুতে, বিশেষকৈ কিতাপৰ প্রকাশকসকলে গভীৰভাৱে অনুভৱ কৰিব পৰা নাই৷

গ্রন্থমেলা মানে অকল বিক্রী–বাণিজ্য নহয়, এয়া সাহিত্য–সংস্কৃতিৰ এক নির্মল উৎসৱ, য’ত ক্রেতাই ক্রয়ৰ মাজেৰেই অনুভৱ কৰে উৎসৱৰ আনন্দ৷ লগতে ই হৈ পৰে পাঠক, লেখক, প্রকাশক আৰু বিক্রেতাৰ মিলনস্থল৷ এই বিশাল মেলাৰ মাজতে খুব কমেইহে অনুভৱ কৰিছে যে বর্তমান ছপা কাগজৰ কিতাপৰ লগত একে সময়ত প্রতিযোগিতাত নামিছে ই–বুক, অডিঅ’বুক আৰু পিডিএফ ফাইল৷

নতুন প্রজন্মৰ মাজত পঠন অভ্যাসো সলনি হৈছে৷ তেওঁলোকে এতিয়া কিতাপ মেলি নপঢ়ে, ম’বাইল স্ক্রীন, কিণ্ডল, টেব বা লেপটপৰ স্ক্রীনত পঢ়ে৷ পৃথিৱীত ই–বুক পাঠকৰ সংখ্যা ২০২৫ চনৰ ভিতৰত এক বিলিয়ন পাৰ হৈ যাব বুলি বিশেষজ্ঞসকলে অনুমান কৰিছে৷

২০২০ চনত ভাৰতৰ ই–বুক বজাৰ প্রায় ১৯৬ মিলিয়ন ডলাৰৰ আছিল৷ ২০২৯ চনত এই সংখ্যা দ্বিগুণতকৈও অধিক হ’ব বুলি ধৰা হৈছে৷ আনহাতে, ছপা কিতাপৰ বজাৰ এতিয়াও প্রায় ৫ বিলিয়ন ডলাৰৰ, কিন্তু ইয়াত বৃদ্ধিৰ গতি অতি ধীৰ৷ নতুন প্রজন্মৰ পৰিৱর্তিত পঠন অভিজ্ঞতা আৰু অভ্যাসে ছপা কিতাপৰ বিক্রিত প্রভাৱ পেলাইছে৷

আজিৰ দিনত পিডিএফ হৈছে তথ্য বিনিময়ৰ নতুন মাধ্যম৷ এই প্রজন্মৰ বহু পাঠকে পাঠ্যপুথি কিনাৰ পৰিৱর্তে পাঠৰ ডিজিটেল ফাইল শ্বেয়াৰ কৰে৷ ইয়াত অর্থ বিনিয়োগ হয় অতি সামান্য আৰু পঠন সুবিধা তেওঁলোকৰ প্রযুক্তিবন্ধুত্বৰ লগত খাপ খোৱাবিধৰ৷ অসমৰ ক্ষেত্রতো এই একেই ছবি৷ ছাত্র–ছাত্রীৰ মাজত পাঠ্যপুথি, সহায়িকা আদিৰ লগতে কবিতা, গল্প বা উপন্যাসৰ পিডিএফো ঘূৰি ফুৰে৷ পঠন বাচি আছে, কিন্তু পঠন মাধ্যম সলনি হৈছে৷

কিন্তু ব্যৱসায় আৰু প্রযুক্তিবিদ্যাৰ দিশৰ পৰা চালে দেখা যায় যে বহু প্রকাশকে এতিয়াও এই পৰিৱর্তনৰ গভীৰতা উপলব্ধি কৰিব পৰা নাই আৰু যিসকলে পাৰিছে, তেওঁলোক দ্বিধাগ্রস্ত অৱস্থাত ৰৈ আছে৷ মহানগৰীৰ দুই–এটি প্রতিষ্ঠান ই–বুক বা অডিঅ’বুকৰ পিনে আগবাঢ়িছে যদিও অধিকাংশই এতিয়াও পৰম্পৰাগত কাগজত ছপা কৰা কিতাপৰ সীমাৰ পৰা বাহিৰলৈ যাব পৰা নাই৷

এই স্থবিৰতাৰ ফলত নতুন প্রজন্মৰ পাঠকসকলক ধৰি ৰখাটো এটা কঠিন কাম হ’ব৷ এই পৰিৱর্তনৰ গুৰুত্ব উপলব্ধি কৰোৱাত আৰু কার্যপদ্ধতিৰ আর্হি প্রস্তুত কৰাত গ্রন্থমেলাই নেতৃত্বৰ ভাৰ বহন কৰিব পাৰে৷ গ্রন্থমেলাত হৈ থকা বিভিন্ন আলোচনাত অন্তর্ভুক্ত হ’ব পাৰে ই–পাব্লিছিঙৰ কার্যশালা, ডিজিটেল পাঠৰ অভ্যাসৰ ওপৰত আলোচনা আৰু বত্তৃণতা অথবা লেখক–প্রকাশক–মুদ্ মত বিনিময়ৰ মিলন সভা৷

অসমৰ সাহিত্যৰ ভৱিষ্যৎ আদিৰ দৰে আলোচনাই সময়ত অডিঅ’ বুক, ই–বুক আদিৰ কথাও আলোচনা কৰিব পাৰি৷ এনেধৰণৰ আয়োজনে নতুন প্রজন্মক আকর্ষণ কৰিব পাৰে আৰু একে সময়ত স্থানীয় লেখক–প্রকাশকক সময়ৰ লগত খোজ মিলাবলৈ অলপ হ’লেও প্রেৰণা লাভ কৰিব৷ বর্তমান মুদ্রিত কিতাপৰ জগতকো পৰিৱর্তনৰ বতাহে কোবাইছে৷ ‘প্রিণ্ট অন ডিমাণ্ড’ প্রযুক্তিয়ে প্রকাশন–বাণিজ্যক সম্পূর্ণভাৱে সলনি কৰি আনিছে৷

আগৰ দৰে হাজাৰ কপী ছপা কৰি গুদামত থোৱা দিন গ’ল৷ এতিয়া পাঠকে অ’ৰ্ডাৰ দিলেই প্রয়োজন অনুসৰি এটা কপীও ছপা কৰিব পৰা ব্যৱস্থা আহিছে৷ অনলাইন বিক্রীৰ বজাৰখনে এই ‘প্রিণ্ট অন ডিমাণ্ড’ৰ চাহিদা বৃদ্ধি কৰি নি আছে৷ ভাৰতত প্রিণ্ট অন ডিমাণ্ড বজাৰ বর্তমান প্রায় ৫,০০০ কোটি টকাতকৈও অধিক আৰু তীব্র হাৰত ইয়াৰ চাহিদা বৃদ্ধি পাইছে৷

অসমৰ প্রকাশকসকলেও এই কথা চিন্তা কৰিব পাৰে৷ এই পদ্ধতিত আৰম্ভণি মূলধন বা বিনিয়োগৰ পৰিমাণ খুব কম হয় বাবে প্রকাশকসকলে নতুন নতুন ধৰণৰ কিতাপ প্রকাশৰ চিন্তা কৰিবলৈ সাহস পাব৷ সন্দেহ নাই গ্রন্থমেলা নিঃসন্দেহে প্রয়োজনীয় আৰু প্রাসংগিক৷ কিন্তু তাৰ চৰিত্র সময়ৰ লগত মিলা হ’ব লাগিব৷ গ্রন্থমেলা যদি আধুনিক হয়, তেনেহ’লে স্ক্রীনৰ যুগতো ছপা পৃষ্ঠাই বাচি থাকিব অতীতৰ স্মৃতি হিচাপে নহয়, ভৱিষ্যতৰ সংগী হিচাপে৷

You might also like