পাভৈ ডিজিটেল চিনেমা হলত ৰৈ ৰৈ বিনালেৰ ৬ দিনৰ টিকট শেষ
৩১ অক্টোবৰত মুক্তি হ’বলগীয়া জুবিন গাৰ্গৰ অন্তিমখন ছবি “ৰৈ ৰৈ বিনালে”ৰ বাবে বিশ্বনাথৰ পাভৈ ডিজিটেল চিনেমা হলত মুক্তিৰ দিন ধৰি ৬টা দিনলৈ সকলো টিকট মুক্তিৰ পূৰ্বেই ইতিমধ্যেই বিক্ৰী হৈছে।
বৰ্তমান ৬টা দৰ্শনী দৰ্শকৰ বাবে মুকলি কৰা হৈছে যদিও পাছলৈ আৰু এটা দৰ্শনী ৰাইজৰ বাবে দিয়াৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে পাভৈ ডিজিটেলৰ স্বত্বাধিকাৰী মনোজ কুমাৰ বৰাই।
লগতে জানিবলৈ দিয়ে যে ৭ নৱেম্বৰৰ পৰা প্ৰতিদিনে বিশেষভাৱে সক্ষম লোকৰ বাবে বিনামূলীয়াকৈ ২/৩টা আসন সংৰক্ষিত কৰা হব। এই সংৰক্ষিত আসন আগতীয়াকৈ পাবলৈ হলে 7099795636 নম্বৰত যোগাযোগ কৰিব পাৰিব।
উল্লেখযোগ্য যে “ৰৈ ৰৈ বিনালে”ৰ অধিকাংশ দৃশ্যগ্ৰহণ বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তত প্ৰায় ডেৰ মাহ দিন সংগ্ৰহ কৰাত ব্যস্ত আছিল জুবিন গাৰ্গ। “ৰৈ ৰৈ বিনালে” চাবলৈ এতিয়া বিশ্বনাথৰ ৰাইজ বহুত উৎকণ্ঠাৰে বাট চাই আছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৯ অক্টোবৰ