৩১ অক্টোবৰত ৰ’য়েল গ্ল’বেল বিশ্ববিঃৰ পঞ্চম দীক্ষান্ত সমাৰোহ
পদ্মশ্রী আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী য়েছে দর্জে ঠংচিলৈ ডক্টৰ অৱ লিটাৰেচাৰ
অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ (আৰ জি ইউ)ৰ পঞ্চম দীক্ষান্ত সমাৰোহ ৩১ অক্টোবৰত ৰাজ্যপাল আৰু বিশ্ববিদ্যালয়খনৰ ভিজিটৰ লক্ষ্মণ প্রসাদ আচার্যৰ সভাপতিত্বত অনুষ্ঠিত হ’ব৷ ইয়াত উপস্থিত থাকিব আৰ জি ইউৰ আচার্য ড০ এ কে পানছাৰি, সহঃআচার্য এ কে মোদী, উপাচার্য প্রফেছৰ এ কে বুঢ়াগোহাঁই, ৰাজ্যসভাৰ সদস্য ড০ শুধাসু ত্রিবেদী, লোকসভাৰ কামাখ্যা প্রসাদ তাছা, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, উদ্যোগ আৰু বাণিজ্য মন্ত্রী বিমল বৰা আৰু বহুকেইজন বিশিষ্ট অতিথি আৰু গণ্য–মান্য ব্যক্তি৷
বিশ্ববিদ্যালয়খনৰ প্রাংগণত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰা হয়৷ সংবাদ মেলখন সম্বোধন কৰে প্রফেছৰ এ কে বুঢ়াগোহাঁই, প্রফেছৰ অমৰজ্যোতি চৌধুৰী (ড০ ভূপেন হাজৰিকা কেন্দ্র ফৰ ক্রিয়েটিভিটীৰ এমেৰিটার্ছ প্রফেছৰ), ড০ শীলা বৰা (ইতিহাস বিভাগৰ অধ্যাপক আৰু আই কে এছ চেলৰ উপদেষ্টা), ড০ দিগন্ত মুন্সী, পঞ্জীয়ক (প্রশাসন), আৰু ড০ ডি এন সিং, পঞ্জীয়ক (একাডেমিক)৷ দিক্ষান্ত ভাষণ দিব ড০ শুধাসু ত্রিবেদীয়ে৷
এই বছৰত মুঠ ১,৯৬৭জন ছাত্র–ছাত্রীক ডিগ্রী প্রদান কৰা হ’ব, য’ত অন্তর্ভুক্ত ১,০৯৩জন স্নাতক, ৭৭৭জন স্নাতকোত্তৰ আৰু ৩২জন পিএইছডি গৱেষক৷ একাডেমিক উৎকর্ষ উদ্যাপন কৰি ৫৬জন স্বর্ণপদক বিজয়ী আৰু ৫৮জন ৰজতপদক বিজয়ীক সন্মানিত কৰা হ’ব৷বিশেষ সন্মানৰূপে ২টা চেঞ্চেলৰৰ স্বর্ণপদক আৰু ৫টা বিশেষ বঁটা প্রদান কৰা হ’ব সাহিত্যিক, সাংস্কৃতিক, সমাজসেৱা, মেণ্টৰিং আৰু খেলা–ধূলাৰ ক্ষেত্রত উৎকর্ষৰ বাবে৷ অনুষ্ঠানটোৰ এক বিশেষ আকর্ষণ হ’ব ৪জন বিশিষ্ট ব্যক্তিক সন্মানীয় ডক্টৰেট ডিগ্রী প্রদান৷
তেওঁলোকক প্রদান কৰা হ’ব মেদান্ত হাস্পতালৰ চেয়াৰমেন তথা মেনেজিং ডাইৰেক্টৰ, পদ্মভূষণ বিজয়ী ড০ নৰেশ ত্রেহানলৈ ডক্টৰ অৱ ছায়েঞ্চ ডিগ্রী, পদ্মশ্রী আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী য়েছে দর্জে ঠংচিলৈ ডক্টৰ অৱ লিটাৰেচাৰ, সঞ্জীৱ গোয়েংকালৈ ডক্টৰ অৱ লেটার্চ আৰু বিশিষ্ট আইনজ্ঞ মহেশ আগৰৱাললৈ ডক্টৰ অ’ফল৷ এইবাৰৰ দিক্ষান্ত সমাৰোহত থীম হিচাপে অৰুণাচল প্রদেশক বাছনি কৰা হৈছে, যাৰ দ্বাৰা ৰাজ্যখনৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু উত্তৰ–পূর্বাঞ্চলৰ অৱদানক সন্মান জনোৱা হ’ব৷
প্রতি বছৰে দীক্ষান্ত সমাৰোহত উত্তৰ–পূর্বাঞ্চলৰ এখন ৰাজ্যক থীমৰূপে বাছনি কৰাৰ অনন্য পৰম্পৰা বিশ্ববিদ্যালয়খনৰ বৈচিত্র্য আৰু সংহতিক প্রতিফলিত কৰে৷ উত্তৰ–পূর্বাঞ্চলৰ অগ্রণ্য বেচৰকাৰী বিশ্ববিদ্যালয় হিচাপে আৰ জি ইউৱে উচ্চ শিক্ষা, গৱেষণা আৰু হ’লিষ্টিক বিকাশৰ ক্ষেত্রত নতুন মান স্থাপন কৰিছে৷ বর্তমান বিশ্ববিদ্যালয়খনত ৮,৫০০ৰো অধিক ছাত্র–ছাত্রীয়ে অধ্যয়ন কৰি আছে, যাৰ ভিতৰত ১৩খন বহিঃ দেশৰ ছাত্র–ছাত্রীও অন্তর্ভুক্ত৷ বিশ্ববিদ্যালয়খনত ৫০০ৰো অধিক অধ্যাপক আৰু ২৪খন স্কুলৰ অন্তর্গত ১৩০ৰো অধিক একাডেমিক পাঠ্যক্রম আছে৷
ডিজিটেল ডেস্ক, ২৯ অক্টোবৰ