উত্তৰ-পূবৰ ৰাজনীতিত নতুন ৰাজনৈতিক দল ONE-ৰ আত্মপ্ৰকাশ
এতিয়ালৈকে অসম গণ পৰিষদ, মিজোৰামৰ শাসকীয় জোৰাম পিপলছ মুভমেন্ট, মিজো নেচনেল ফ্ৰন্ট, নাগালেণ্ডৰ নেছনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী ONEত অন্তৰ্ভূক্ত হোৱা নাই
উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক দলসমূহক একত্ৰিত তথা ঐক্যবদ্ধ কৰাৰ লক্ষ্যেৰে ৰাজধানী নতুন দিল্লীৰ বুকুত ONE নামেৰে আত্মপ্ৰকাশ ঘটিল এখন নতুন ৰাজনৈতিক মঞ্চৰ। নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাৱত এখন সংবাদ মেল সম্বোধন কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা নেছনেল পিপলছ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি কনৰাড চাংমাই ONE অৰ্থাত One North East (ওৱান নৰ্থ ইষ্ট)ৰ কথা আজি ঘোষণা কৰে।
সংবাদমেলত চাংমাৰ উপৰি পিপলছ পাৰ্টি, অসমৰ প্ৰতিষ্ঠাপক ডেনিয়েল লাংথাছা, ত্ৰিপুৰাৰ তিপ্ৰা মথাৰ প্ৰতিষ্ঠাপক প্ৰদ্যুত বিক্ৰম মাণিক্য আৰু বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা নাগালেণ্ডৰ মন্ত্ৰী মহনলুমো কিকনে উপস্থিত থাকি উত্তৰপূৰ্বাঞ্চলৰ বৈচিত্ৰময় কণ্ঠক একক ৰাজনৈতিক সত্তাৰ অধীনত ঐক্যবদ্ধ কৰাৰ হাথিয়াৰ হিচাপে ONEক উপস্থাপন কৰে।
ONE-এ সামগ্ৰিকভাৱে উত্তৰপূৰ্বাঞ্চলৰ জনসাধাৰণৰ আকাংখাক প্ৰতিনিধিত্ব কৰিব বুলি নেতাসকলে অংগীকাৰ কৰে। সংবাদ মেলত মেঘালয়ৰ মুখ্যমন্ত্ৰীজনে লগতে এয়াও স্পষ্ট কৰি দিয়ে যে অনাগত দিনত উত্তৰপূৰ্বাঞ্চলৰ আঞ্চলিক দলসমূহক একত্ৰিত কৰিহে একক আৰু স্বতন্ত্ৰ ৰাজনৈতিক দল গঠন কৰা হব। ইয়াৰ বাবে ONEৰ নেতৃবৰ্গই ইতিমধ্যে এখন কমিটি গঠন কৰিছে তথা আগন্তুক ৪৫ দিনৰ ভিতৰত কমিটিখনে নতুন তথা ঐক্যবদ্ধ ৰাজনৈতিক দলৰ ফ্ৰেমৱাৰ্কৰ খচৰা প্ৰস্তুত কৰিব।
লক্ষ্যনীয়ভাৱে সংবাদ মেলত চাংমাই কয় যে আমাৰ এই নতুন ৰাজনৈতিক দল গঠনৰ উদ্দেশ্য বৰ্তমানৰ কোনো ৰাজনৈতিক দলৰ বিৰোধীতা কৰাৰ বাবে নহয়, বৰঞ্চ উত্তৰপূৰ্বাঞ্চলৰ জনসাধাৰণক এখন ঐক্যবদ্ধ ৰাজনৈতিক মঞ্চ প্ৰদানৰ বাবে কুচকাৱাজ চলাই থকা হৈছে। এক সুকীয়া ৰাজনৈতিক সত্তাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
লক্ষ্যনীয়ভাবে উত্তৰপূৰ্বাঞ্চলৰ সকলো আঞ্চলিক দলসমূহক ঐক্যবদ্ধ কৰাৰ বাবে আজিৰ এই নতুন ৰাজনৈতিক মঞ্চৰ আত্মপ্ৰকাশ ঘটিছে যদিও এতিয়ালৈকে অসম গণ পৰিষদ, মিজোৰামৰ শাসকীয় জোৰাম পিপলছ মুভমেন্ট, মিজো নেচনেল ফ্ৰন্ট, নাগালেণ্ডৰ নেছনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী ONEত অন্তৰ্ভূক্ত হোৱা নাই।
এই প্ৰসংগত মেঘালয়ৰ মুখ্যমন্ত্ৰীজনে কয় যে এয়া আৰম্ভণিহে। আমাৰ কমিটিখনে উত্তৰপূৰ্বাঞ্চৰ আঠখন ৰাজ্যৰ সকলোবোৰ আঞ্চলিক দলৰ নেতৃত্বৰ সৈতে আলোচনা কৰিব আৰু তাৰ পিছতহে স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰা হব। ONEৰ গঠন উত্তৰপূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক পদক্ষেপ বুলি চাংমাই মন্তব্য কৰে।
ONEৰ অন্যতম লক্ষ্যই হব খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা। পিছে ONE-এ সংখ্যালঘু কিম্বা সংখ্যাগুৰুক লৈও ৰাজনীতি নকৰে বুলি চাংমাই সংবাদ মেলত স্পষ্ট কৰি দিয়ে। আনহাতে সংবাদমেলত উপস্থিত থকা তিপ্ৰা মোথাৰ প্ৰদ্যুত মানিক্যই কয় যে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা আমাৰ মাজত পাৰ্থক্য থকাৰ পিছতো আমি উত্তৰপূৰ্বাঞ্চলৰ জনগণক ঐক্য়বদ্ধ কৰাৰ লগতে উমৈহতীয়া উদ্দেশ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছো।
ONE-এ উত্তৰপূৰ্বাঞ্চলৰ জনসাধাৰণৰ হকে দৃঢ়তা আৰু সততাৰ সৈতে মাত মাতিব। তেওঁ লগতে কয় যে আমি কোনো ৰাজনৈতিক দলৰ সৈতে যুঁজিবৰ বাবে নহয় বৰঞ্চ আমাৰ অধিকাৰৰ বাবেহে যুঁজিবলৈ ঐক্য়বদ্ধ হৈছো। উত্তৰপূৰ্বাঞ্চলৰ একক আৰু স্বতন্ত্ৰ ৰাজনৈতিক দলটোয়ে অঞ্চলটোৰ জনসাধাৰণৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব।
উত্তৰপূৰ্বাঞ্চলৰ স্বকীয় পৰিচয় আৰু উন্নয়নৰ বাবে যুঁজ দিয়া অতীতৰ আঞ্চলিক নেতাসকলৰ আদৰ্শ তথা দৃষ্টিভংগীৰ পৰা নতুন ৰাজনৈতিক দলটোয়ে শিক্ষা গ্ৰহণ কৰিব বুলিও ONEৰ নেতাসকলে সংবাদমেলত ব্যক্ত কৰে। মুঠৰ ওপৰত উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আশা-আকাংখাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰিবলৈ ONE গঠন কৰা হৈছে বুলিও তেওঁলোক অভিমত ব্যক্ত কৰে।
বিশেষ বাৰ্তা, নতুন দিল্লী, ৪ নৱেম্বৰ