ট্রাম্পৰ পাৰমাণৱিক পৰীক্ষণ
আধুনিক বিশ্বত মানৱ জাতিৰ বাবে অতি বিপজ্জনক পাৰমাণৱিক অস্ত্র–শস্ত্র নির্মাণ বন্ধৰ বাবে সকলো দেশেই মান্তি হয় যদিও গোপনে এই পাৰমাণৱিক অস্ত্র নির্মাণ কৰি থকাটো মুক্ত সত্য৷ প্রথম বিশ্বযুদ্ধত আমেৰিকা যুক্তৰাষ্ট্রই জাপানৰ হিৰোছিমা আৰু নাগাছাকিত পৰমাণু বোমা নিক্ষেপ কৰাৰ পাছত তাৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি পৰমাণু অস্ত্র নিৰস্ত্রীকৰণ দেশসমূহে উদ্যোগ লৈ আহিছে৷ পৰমাণু অস্ত্র নির্মাণত প্রতিবন্ধকতা আছে যদিও পৰমাণু অস্ত্র থকা দেশসমূহে এই অস্ত্র নির্মাণ কৰিয়েই আছে৷ আনকি, পৰমাণু অস্ত্রৰ পৰীক্ষণ চলাই আছে৷ আমেৰিকা যুক্তৰাষ্ট্রই ১৯৯২ চনৰ পাছত পৰমাণৱিক অস্ত্র–শস্ত্রৰ পৰীক্ষণ চলোৱা নাই৷ এই তথ্য চর্চিত৷ মার্কিন যুক্তৰাষ্ট্রৰ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতি পদত অধিষ্ঠিত হৈ ড’নাল্ড ট্রাম্পে পাৰমাণৱিক অস্ত্রৰ পৰীক্ষণ পুনৰ আৰম্ভ কৰিব বুলি ঘোষণা কৰা বিষয়টোৱে সম্প্রতি বিশ্বত আলোড়নৰ সৃষ্টি কৰিছে৷ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতি হৈ ড’নাল্ড ট্রাম্পে বিশ্বৰ দেশসমূহৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ সমান্তৰালকৈ কঠোৰ প্রব্রজন নীতি ৰূপায়ণ কৰি বিশ্বৰ ভূ–ৰাজনৈতিক পৰিস্থিতি উত্তেজনাময় কৰি তুলিছে৷ আমেৰিকাত বসবাস কৰি থকা অবৈধ প্রব্রজনকাৰীক কঠোৰ নীতিৰে স্বদেশলৈ বিতাড়িত কৰি আহিছে৷ শুল্ক বোমা আৰু প্রব্রজন নীতিৰে ট্রাম্পে বিশ্বক একপ্রকাৰ অস্থিৰ কৰি ৰখাৰ সময়তে পাৰমাণৱিক অস্ত্র পৰীক্ষণ পুনৰ আৰম্ভৰ ঘোষণা তাৎপর্যপূর্ণ৷ কিয়নো, প্রথমবাৰ ৰাষ্ট্রপতি হৈ থাকোঁতে ট্রাম্পে পাৰমাণৱিক অস্ত্র পৰীক্ষণ কৰাৰ কোনো পৰিকল্পনা নাই বুলি কোৱাৰ উপৰি এনে পৰীক্ষণে নেতিবাচক প্রভাৱ পেলাব বুলিও মত ব্যক্ত কৰিছিল৷ কিন্তু দ্বিতীয় কার্যকালত পাৰমাণৱিক অস্ত্রৰ পৰীক্ষণৰ ঘোষণা বিশ্বৰ বাবে ইতিবাচক হ’ব নোৱাৰে৷ ৰাষ্ট্রপতি ট্রাম্পে চিৰপ্রতিদ্বন্দ্বী ৰাছিয়া আৰু চীনৰ পাৰমাণৱিক অস্ত্র পৰীক্ষণৰ লগতে উত্তৰ কোৰিয়া আৰু পাকিস্তানৰ পাৰমাণৱিক পৰীক্ষণৰ প্রসংগ উল্লেখ কৰি পৰীক্ষাৰ ঘোষণা কৰিছে৷ ৰাষ্ট্রপতি ট্রাম্পে পেণ্টাগণক ইতিমধ্যে পাৰমাণৱিক অস্ত্র পৰীক্ষণৰ নির্দেশ দিছে৷ প্রশ্ণ উত্থাপিত হৈছে– হঠাতে কিয় ট্রাম্পে পাৰমাণৱিক পৰীক্ষণৰ ঘোষণা কৰিলে৷ চর্চিত মতে ৰাছিয়া, চীন, উত্তৰ কোৰিয়া আৰু পাকিস্তানে নিজৰ দেশৰ পাৰমাণৱিক অস্ত্রৰ ক্ষমতা বৃদ্ধি কৰি আহিছে৷ গতিকে, আমেৰিকাই কিয় পিছপৰি থাকিব৷
বর্তমান সময়ত পাৰমাণৱিক অস্ত্রৰ ভঁৰালত আমেৰিকা শীর্ষ স্থানত আছে যদিও ৰাছিয়া আৰু চীনে এই অস্ত্রৰ ভঁৰাল বৃদ্ধি কৰি থাকিলে মার্কিন চৰকাৰ পিছপৰি যাব৷ উন্নত তথা শক্তিশালী দেশ হিচাপে বিশ্বক দমন কৰি থাকিবলৈ পাৰমাণৱিক অস্ত্রৰ ভঁৰালো টনকিয়াল কৰি ৰখাটো জৰুৰী বুলি ধাৰণা কৰা দেখা যায়৷ পাৰমাণৱিক অস্ত্র ক্ষমতাসম্পন্ন দেশৰ বিৰুদ্ধে স্বাভাৱিকতে আন দেশে যুঁজিবলৈ সততে সাহস কৰা দেখা নাযায়৷ মন কৰিবলগীয়া যে পাৰমাণৱিক অস্ত্র–শস্ত্র নির্মাণৰ উপৰি যুদ্ধত কোনো দেশে এই ভয়াৱহ অস্ত্র যাতে প্রয়োগ নকৰে তাৰ বাবে বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘই প্রতিবদ্ধকতা জাৰি কৰিছে৷ এইক্ষেত্রত বিশ্বত দেশ তথা পাৰমাণৱিক ক্ষমতাসম্পন্ন দেশ এই অস্ত্র প্রয়োগ নকৰাৰ ক্ষেত্রত সহমতত আছে৷ ইয়াৰ পাছতো পাৰমাণৱিক অস্ত্র থকা দেশৰ মাজত যুদ্ধ লাগিলেও মাৰাত্মক অস্ত্র প্রয়োগৰ শংকা থাকে৷ ৰাছিয়াই ইউক্রইনৰ ওপৰত পাৰমাণৱিক অস্ত্র প্রয়োগৰ হুংকাৰ দিয়েই আছে৷ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হ’লেই পাৰমাণৱিক অস্ত্র প্রয়োগৰ বিষয়টো চর্চিত হৈ পৰে৷ প্রথম বিশ্বযুদ্ধৰ বিভীষিকাৰ পাছত কোনো দেশেই এতিয়াও যুদ্ধত পাৰমাণৱিক অস্ত্র প্রয়োগ কৰা নাই কিন্তু নির্মাণ কৰি আছে৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে শুল্ক বোমাৰে বিশ্বৰ দেশসমূহক ত্রাসিত কৰি ৰখাৰ সময়ত মার্কিন চৰকাৰৰ বিৰুদ্ধে বিশ্বত আন শক্তিশালী দেশসমূহ একত্রিত হোৱাৰ দিশে আগবাঢ়িছে৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পক পৰোক্ষ কিম্বা প্রত্যক্ষভাৱে প্রত্যাহ্বানো জনাই আছে৷ ট্রাম্পৰ কূটনীতিক সহজতে ধাৰণা কৰাটো জটিল৷ এনে পৰিপ্রেক্ষিতত হঠাতে ট্রাম্পে সেনাক পাৰমাণৱিক অস্ত্রৰ পৰীক্ষণ কৰিবলৈ নির্দেশ দিয়া আৰু সাংবাদিকৰ সন্মুখত সদম্ভে পাৰমাণৱিক পৰীক্ষণ পুনৰ আৰম্ভ কৰা ট্রাম্পৰ ঘোষণা বিশ্বৰ বাবে ইতিবাচক নহয়৷ ট্রাম্পৰ এই সিদ্ধান্ত কোনো কাৰণতে বিশ্বৰ বাবে ইতিবাচক হ’ব নোৱাৰে৷ এই ঘোষণাৰ পাছতেই আন আন দেশসমূহেও অস্ত্র নির্মাণৰ প্রতিযোগিতাত নামি পৰিব৷ একবিংশ শতিকাৰ তৃতীয় দশকতো সন্ত্রাসবাদ মানৱ জাতিৰ বাবে প্রত্যাহ্বান হৈ পৰাটো উদ্বেগজনক বিষয়৷ সন্ত্রাসবাদীৰ হাতত পাৰমাণৱিক অস্ত্র পৰিলে ই কিমান ভয়াৱহ হ’ব পাৰে তাক কল্পনাই কৰাটো জটিল৷ এনে কাৰণতেই পাৰমাণৱিক অস্ত্র–শস্ত্র নির্মাণ আৰু পৰীক্ষণ বন্ধ হোৱাটো মানৱ জাতিৰ বাবে কল্যাণময়৷