নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ISL-ক লৈ অনিশ্চয়তা : ছুপ্ৰিম ক’ৰ্ট-ৰ দ্বাৰস্থ সর্বভাৰতীয় ফুটবল সন্থা

ভাৰতীয় ফুটবলৰ অচলাৱস্থা যেন ক্রমান্বয়ে বৃদ্ধি পাব ধৰিছে৷ পুনৰ ছুপ্ৰিম ক’ৰ্ট-ৰ দ্বাৰস্থ হৈছে সর্বভাৰতীয় ফুটবল সংস্থা৷ ইণ্ডিয়ান ছুপাৰ লীগ আয়োজনৰ বাবে দাবী পত্র বিচাৰিছিল ভাৰতীয় ফুটবল সংস্থাই৷

কিন্তু নির্দিষ্ট সময় পাৰ হৈ গ’লেও কোনেও নিবিদা পত্র জমা দিবলৈ আগবাঢ়ি নাহিল৷ ফলত ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ফুটবল সংস্থা৷ তেওঁলোকৰ দাবী ইয়াৰ পিছত কি পদক্ষেপ গ্রহণ কৰা হ’ব সেয়া শীর্ষ আদালতেই জনাই দিব লাগিব৷ সংস্থাটোৱে লগতে জনাইছে যে এইবাৰ উচ্চতম ন্যায়ালয়ৰ নির্দেশলৈ তেওঁলোকে অপেক্ষা কৰিব৷

এক বিবৃতিত জনোৱা হৈছে– দেওবাৰে সর্বভাৰতীয় ফুটবল সংস্থাৰ দাবী পর্যবেক্ষণ কমিটীয়ে এখন বৈঠকৰ আহ্বান জনাইছিল৷ তাত দাবী পত্রৰ অৱস্থা সম্পর্কে আলোচনা কৰা হৈছে৷ সেই আলোচনাৰ পিছত কমিটীৰ অধ্যক্ষ তথা অৱসৰপ্রাপ্ত ন্যায়াধীশ এল নাগেশ্বৰ ৰাৱে তেওঁৰ প্রতিবেদন উচ্চতম ন্যায়ালয়ৰ জমা দিব৷

তাৰ পিছত আদালতে পৰৱর্তী পদক্ষেপ নির্ধাৰণ কৰিব৷ উল্লেখ্য যোৱা ১৭ অক্টোবৰত দাবী পত্র আহ্বান কৰিছিল সর্বভাৰতীয় ফুটবল ফেডাৰেচনে৷ সম্প্রচাৰস্বত্ব, স্পনছৰশ্বীপসহ আইএছএলৰ বাণিজ্যিক কাম–কাজ পৰিচালনাৰ বাবে সংস্থাসমূহৰ পৰা দাবী পত্র বিচৰা হৈছিল৷ ইখনৰ পিছত সিখন আলোচনা, পর্যবেক্ষণ আৰু সময় সীমা বৃদ্ধিৰ পিছতো আইএছএলৰ আয়োজক বিচাৰি পোৱা নগ’ল৷

ধাৰণা কৰা হৈছিল যে বিগত ১৫ বছৰ প্রতিযোগিতাখন আয়োজন কৰা এফএছডিএলে দাবী পত্র জমা দিব৷ কিন্তু তেওঁলোকেও আগ্রহ প্রকাশ নকৰিলে৷ অৱসৰপ্রাপ্ত ন্যায়াধীশ ৰাওৰ সন্মুখত এটি বেচৰকাৰী সংস্থাৰ সাহায্যত এখন বৈঠক আৰু আয়োজন কৰা হৈছিল৷

সেই বৈঠকত এফএছডিএলৰ উপৰি ৩টা সংস্থাই আগ্রহ দেখুৱাইছিল৷ প্রাথমিক আগ্রহ দেখুওৱাৰ পিছত কোনো সংস্থাই দাবী পত্র জমা নিদিলে৷ স্বার্থৰ সংঘাতৰ বাবে এই সংস্থাকেইটাত বাতিল কৰা হৈছে৷ নিবিদাৰ আর্থিক মডেল আৰু পৰিকাঠামো সম্পর্কীয় ব্যাখ্যাৰ অভাৱকে ইয়াৰ বাবে দায়ী কৰা হৈছে৷

বিনিয়োগকাৰী সংস্থাৰ বাবে ফেডাৰেচনে যি আর্থিক মাপকাঠি ৰাখিছে তাৰ বাবেই কোনেও আগ্রহ প্রকাশ নকৰা বুলি জানিব পৰা গৈছে৷ ফেডাৰেচনৰ তৰফৰপৰা আগ্রহী সংস্থাসমূহৰ পৰা প্রতিবছৰে ৩৭.৫ কোটি টকা অথবা লাভৰ ৫ শতাংশ বিচৰা হৈছিল৷ তদুপৰি ১৫ বছৰৰ বাবে চুক্তি কৰিবলৈ পোৱা হৈছিল৷

বিশেষজ্ঞসকলৰ মতে বর্তমান ভাৰতীয় ফুটবলৰ যি বাণিজ্যিক অৱস্থা, তেনে ক্ষেত্রত এনে বৃহৎ ধন দাবী কৰা অবাস্তৱ৷ ইয়াৰ পিছতে ফেডাৰেচনে জনাইছিল যে দাবী পর্যবেক্ষণ কমিটীয়ে আলোচনাৰ জৰিয়তে পৰৱর্তী পদক্ষেপ গ্রহণ কৰিব৷ কিন্তু এই বৈঠকৰ পিছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সংস্থাটো৷

ডিজিটেল ডেস্ক, ১০ নৱেম্বৰ

You might also like