২৩সংখ্যক এছিয়া মাষ্টাৰ্ছ এথলেটিকছত উজলিল শিক্ষক বাবুল ফুকন
প্ৰতিযোগিতাখনত সোণৰ পদকেৰে প্ৰথম স্থান লাভ কৰে শ্ৰীলংকা, ৰূপৰ পদকেৰে দ্বিতীয় স্থান লাভ কৰে থাইলেণ্ড আৰু তৃতীয় স্থান লাভ কৰে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা বাবুল ফুকনে।
তামিলনাডুত অনুষ্ঠিত ২৩তম্ এছিয়া মাষ্টাৰ্ছ এথলেটিকছত ব্ৰঞ্জৰ পদকেৰে উজলিল লাহোৱালৰ মেলেঙীয়াল গাঁৱৰ বাবুল ফুকন। বাবুল ফুকন টেঙাখাত শেনচুৱা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক।
তামিলনাডুত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৪১খন দেখে অংশগ্ৰহণ কৰিছিল। ৪১খন দেশৰ মাজত অনুষ্ঠিত ৪০০ মিটাৰ ৰিলে প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি তৃতীয় স্থান পাবলৈ সক্ষম হয় বাবুল ফুকন।
এই প্ৰতিযোগিতাখনত সোণৰ পদকেৰে প্ৰথম স্থান লাভ কৰে শ্ৰীলংকা, ৰূপৰ পদকেৰে দ্বিতীয় স্থান লাভ কৰে থাইলেণ্ড আৰু তৃতীয় স্থান লাভ কৰে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা বাবুল ফুকনে।
এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক হৈ অত্যন্ত ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতেও নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিগত ১৫ বছৰে অনুশীলন কৰি আহিছিল বাবুল ফুকনে। বাবুল ফুকনৰ এই সফলতাত বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে অভিনন্দন জনোৱাৰ লগতে সমগ্ৰ ৰাজ্যনৰ লগতে ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি অৱগত কৰে স্থানীয় ৰাইজে।
ডিজিটেল ডেস্ক, ১৩ নৱেম্বৰ