নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রযুক্তিবিদ্যাৰ মানৱীকৰণ ! সাধুকথাৰ কাহিনীৰ দৰেই চমকপ্রদ আখ্যান

নিউজ ডেস্ক, ১৮ নৱেম্বৰ : সাধুকথাৰ কাহিনীৰ দৰেই চিত্তাকর্ষক, কিন্তু বাস্তৱত এখন অভিনৱ বিবাহ অনুষ্ঠিত হৈছে জাপানত৷ দেখাত এগৰাকী সুন্দৰী যুৱতী৷ জাপানী পৰম্পৰা অনুসৰি বিয়াৰ গাউন পৰিহিত যুৱতীগৰাকীয়ে শিৰত পিন্ধিছে ৰত্নখচিত মুকুট ৷ পিছে এই বিয়াৰ দৰাগৰাকী নহয় এগৰাকী তেজ–মঙহৰ যুৱক, যদিও তেৱোঁ পৰিধান কৰিছে বিয়াৰ পৰম্পৰাগত পোছাক৷

বিয়াৰ ৰভাতলীলৈ নিমন্ত্রিত অতিথিসকল আহিছে৷ উদুলি–মুদুলি পৰিৱেশ৷ কিন্তু দৰাক দেখি চকু কপালত উঠিছে অভ্যাগতসকলৰ৷ কাৰণ সেই দৰা আছিল কৃত্রিম বুদ্ধিমত্তাৰে সৃষ্ট ছবিৰ নিচিনা এজন পুৰুষ৷ স্বাভাৱিকতে আটাইৰে আচৰিত হোৱাৰেই পাল৷ তাকে দেখি কইনাগৰাকীয়ে গভীৰ আত্মবিশ্বাসেৰে অভ্যাগতসকলক আশ্বস্ত কৰি কৈছে- ‘তেওঁ মোৰ মন বুজি পায়৷ সেইবাবেই মই তেওঁৰ সৈতে বিয়াত বহিছোঁ৷’

জাপানৰ ওকায়ামা মহানগৰীৰ বাসিন্দা ৩২ বছৰীয়া যুৱতী কানোৱে নিজ হাতেৰে গঢ়ি তুলিছে নিজৰ দৰা ৷ ‘নিজৰ মনৰ মাধুৰী সানি’ যুৱতীগৰাকীয়ে চাট জিপিটিৰ সহায়ত গঢ়ি তুলিছে উক্ত যুৱকগৰাকীক ৷ সৃষ্টি সম্পূর্ণ হৈ উঠাৰ পিছত সেই এআই পুৰুষগৰাকীকেই নিজৰ জীৱনসংগী ৰূপে বাছনি কৰি বিয়াত বহে যুৱতীগৰাকী৷ এআইৰ জৰিয়তে সৃষ্টি কৰা পুৰুষগৰাকীৰ তেওঁ নাম ৰাখিছে ক্লছ৷ আৰু তেওঁৰ সৈতেই ৰীতি মতে উলহ–মালহেৰে বিয়াত বহিছে তেওঁ৷

You might also like