নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা নথিৰে হিন্দুৰ ভূমি গ্রাস আল-ফালাহৰ মুৰব্বীৰ

দিল্লী বিস্ফোৰণৰ সৈতে জড়িত শিক্ষানুষ্ঠানখনৰ আচার্যৰ বিৰুদ্ধে বিস্ফোৰক তথ্য লাভ ইডিৰ

ভুৱা নথি–পত্র তৈয়াৰ কৰি হিন্দুৰ মাটি গ্রাস কৰাৰ বিস্ফোৰক অভিযোগ আনিছে বিতর্কিত আল–ফালাহ বিশ্ববিদ্যালয়ৰ আচার্যৰ বিৰুদ্ধে৷ এনফ’চমেণ্ট ডাইৰেক্টৰেটৰ ফালৰ পৰা দাবী কৰা হৈছে যে ইতিপূর্বে মৃত্যু হোৱা হিন্দুসকলৰ মালিকানাধীন মাটি তুলি দিয়া হৈছে আল–ফালাহ বিশ্ববিদ্যালয়ৰ আচার্য জাভেদ আহমেদ ছিদ্দিকীৰ ঘনিষ্ঠসকলৰ হাতত৷

উল্লেখযোগ্য যে দিল্লী বিস্ফোৰণৰ পিছতে গ্রেপ্তাৰ কৰা হৈছে আল–ফালাহৰ আচার্যগৰাকীক৷ যোৱা কিছুদিন ধৰি এটাৰ পিছত এটা সন্ত্রাসবাদীৰ সৈতে বিশ্ববিদ্যালয়খনৰ সম্পর্কৰ কথা পোহৰলৈ আহিছে৷ গ্রেপ্তাৰৰ পিছতেই তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ইডিয়ে৷

কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰা মতে দিল্লীৰ মদনপুৰ এলেকাৰ ভূমি বেআইনীভাৱে দখল কৰিছে ছিদ্দিকীৰ ঘনিষ্ঠই৷ ৭৯২নং দাগৰ বহু মাটি ২০০৪ চনৰ জেনেৰেল পাৱাৰ অৱ এটর্নী ব্যৱহাৰ কৰি ছিদ্দিকীৰ ঘনিষ্ঠ তার্বিয়া এডুকেচন ফাউণ্ডেচনৰ হাতত তুলি দিয়া হৈছে৷

লক্ষণীয়ভাৱে এই মাটিৰ গৰাকীসকল আছিল হিন্দু আৰু তেওঁলোকৰ আটায়ে ১৯৭২ৰ পৰা ১৯৭৮ৰ ভিতৰত স্বর্গগামী হৈছে৷ অর্থাৎ ভুৱা পাৱাৰ অৱ এটর্নী ব্যৱহাৰ কৰি সেই মাটি দখল কৰিছে ছিদ্দিকীৰ ঘনিষ্ঠ সংস্থাটোৱে৷

উল্লেখযোগ্য যে ফৰিদাবাদত বিস্ফোৰক উদ্ধাৰ সন্দর্ভত বহুকেইজন চিকিৎসকক গ্রেপ্তাৰ আৰু তাৰ পিছতেই দিল্লী বিস্ফোৰণৰ সৈতে জড়িত হৈ পৰে আল–ফালাহ বিশ্ববিদ্যালয়ৰ নাম৷ সূত্রৰ খবৰ মতে আল–ফালাহ বিশ্ববিদ্যালয়ৰ বহুকেইজন চিকিৎসক জড়িত হৈ আছে এই কাণ্ডৰ আঁৰত৷ দিল্লী বিস্ফোৰণৰ আত্মঘাতী বোমাৰু সন্ত্রাসবাদী ওমৰ–উল–নবীও এই আল–ফালাহ বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ আছিল৷

ইতিপূর্বে বিশ্ববিদ্যালয়খনৰ আচার্যগৰাকীক গ্রেপ্তাৰ কৰা হৈছে আৰু আচার্য ছিদ্দিকী এতিয়াও ইডিৰ জিম্মাত আছে৷

ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ

You might also like