নাগালেণ্ড-ৰ ৰিহাব চেণ্টাৰত অসমীয়া যুৱকক হ*ত্যাৰ সন্দেহ!
ৰিহাব চেণ্টাৰৰ পৰিচালন সঞ্চালক অভিষেক ঘোষৰ আক্ৰমণত মৃত্যু যুৱকজন!
সৰুপথাৰ সমজিলাৰ উৰিয়ামঘাট মধ্যমপুৰৰ এজন যুৱকক নাগালেণ্ড-ৰ এটা ৰিহাব চেণ্টাৰত হত্যা কৰা ঘটনা পোহৰলৈ অহাত সমগ্ৰ সমজিলাখনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নাগালেণ্ডৰ চুমুকডিমা চেকিয়ে গাঁৱৰ য়েছু আৰ্মছ ৱেলনেছ ফাউণ্ডেশ্যন ৰিহাব চেণ্টাৰৰ পৰিচালন সঞ্চালক অভিষেক ঘোষৰ আক্ৰমণত মৃত্যু হয় উৰিয়ামঘাটৰ যুৱকজনৰ।
কিছুদিনৰ পৰা নাগালেণ্ডৰ চুমুকডিমা ব্লক নং ৬, চেকিয়ে গাঁৱৰ য়েছু আৰ্মছ ৱেলনেছ ফাউণ্ডেশ্যন ৰিহাব চেণ্টাৰত চিকিৎসাধিন হৈ আছিল যুৱকজন। যুৱকজন সৰুপথাৰ সমজিলাৰ উৰিয়াঘাটৰ দীপ বসুমতাৰি বুলি জানিব পৰা গৈছে।
যোৱা ২৬ তাৰিখে প্ৰায় ৩ বজাত ডিমাপুৰ আৰক্ষীয়ে চিকিৎসালয়খনত ৰখা এটা মৃতদেহ সম্পৰ্কে ডিমাপুৰ ৰেফাৰেল হাস্পতালৰ পৰা এটা তথ্য লাভ কৰে, যিটো উক্ত ৰিহাব চেণ্টাৰৰ পৰা অনা বুলি জানিব দিয়ে চিকিৎসকে।
খবৰ পোৱা লগে লগে তৎক্ষণাত আৰক্ষীৰ দলটোৱে পৰীক্ষাৰ বাবে চিকিৎসালয়ত উপস্থিত হয় । কৰ্তব্যৰত চিকিৎসকে ব্যক্তিজনক মৃত অৱস্থাত অনা বুলি নিশ্চিত কৰে। নিহত লোকজন উৰিয়ামঘাট মৈধ্যমপুৰ পঞ্চায়তৰ অন্তৰ্গত গণেশপুৰ গাঁৱৰ স্বৰ্গীয় লম্বুথৰ বসুমতাৰীৰ পুত্ৰ প্ৰদীপ বসুমতাৰী, বয়স ৪৬ বছৰ।
আৰক্ষী আৰু চিকিৎসকে প্ৰাথমিক পৰীক্ষাত শৰীৰত শাৰীৰিক আক্ৰমণৰ দৃশ্যমান চিন পোৱাৰ লগতে ভৰি, বাওঁ গাল আৰু বাওঁহাতত আঘাতৰ চিন দেখা পায়। ফলত মৃত্যু হোৱা লোকজনক শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছিল, শেষত তেওঁৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কৰে।
মৃত্যুৰ সঠিক কাৰণ জানিবলৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিমাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই কাণ্ডৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বুলি চিনাক্ত কৰা অভিষেক ঘোষ, বিজয় দেব, বিশাল ঘোষ, দিলদাৰ হুচেইন, বাপেন চেং ক গ্ৰেপ্তাৰ কৰি ডিমাপুৰ আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ইয়াৰ উপৰি কেন্দ্ৰটোৰ অনুজ্ঞাপত্ৰ আৰু কেন্দ্ৰতোয়ে মানদণ্ড মানি চলিছেনেই সকলো পৰীক্ষা কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
নিয়মীয়া বার্তা, চুঙাজান, ২৯ নৱেম্বৰ