৩২,০০০ শিক্ষকৰ মুখত হাঁহি বিৰিঙালে কলকাতা হাইকৰ্ট-এ
ন্যায়াধীশ তপব্রত চক্রৱৰ্তী নেতৃত্বাধীন ডিভিজন বেঞ্চে তৎকালীন ন্যায়াধীশ অভিজিত গঙ্গোপাধ্যায়ে দিয়া এজনীয়া বিচাৰপীঠৰ ৰায় বাতিল কৰে
কলকাতা উচ্চ ন্যায়ালয়ে প্ৰায় ৩২ হাজাৰ প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে উল্লেখযোগ্য সকাহ ঘোষণা কৰিছে। আদালতে ২০২৩ চনৰ শিক্ষক নিয়োগ বন্ধ কৰাৰ সিদ্ধান্তক উঠাই নিয়োগ পুনৰ বাহাল ৰখাৰ আদেশ জাৰি কৰিছে।
ন্যায়াধীশ তপব্রত চক্রৱৰ্তী নেতৃত্বাধীন ডিভিজন বেঞ্চে তৎকালীন ন্যায়াধীশ অভিজিত গঙ্গোপাধ্যায়ে দিয়া এজনীয়া বিচাৰপীঠৰ ৰায় বাতিল কৰে। এই ৰায় দিয়াৰ পিছতে পশ্চিমবঙ্গৰ উচ্চ শিক্ষা মন্ত্ৰী ব্রাত্য বসুৱেও শিক্ষকসকলক অভিনন্দন জনায়।
মন্ত্ৰী বসুৱে কয়— “আজিৰ হাইকর্টৰ আদেশৰ বাবে প্ৰাইমাৰী শিক্ষাবৰ্ডক অভিনন্দন। উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠৰ ২০২৩ চনৰ আদেশ ওভটাই দিলে। এতিয়া ৩২ হাজাৰ প্ৰাইমাৰী শিক্ষকৰ চাকৰি সুৰক্ষিত। শিক্ষকসকলকো অভিনন্দন। সত্যৰ জয় হ’ল।”
ডিজিটেল ডেস্ক, ৩ ডিচেম্বৰ