নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমানবন্দৰত অব্যৱস্থা, Indigo-ৰ ১০০খন বিমানৰ উৰণ বাতিল

দেশৰ বিভিন্ন বিমানবন্দৰত Indigoৰ কমেও ১০০টা ফ্লাইট বাতিল বা বিলম্বিত হোৱাৰ ফলত পুনে, হাইদৰাবাদ, আহমেদাবাদ আৰু বেংগালৰুৰ শতাধিক যাত্ৰী তীব্ৰ বিপদত পৰিছে

ভাৰতৰ বৃহত্তম বিমান সংস্থা Indigo অবিৰত তৃতীয় দিনটোও কৰ্মচাৰী অভাৱৰ সন্মুখীন হৈছে। ইয়াৰ প্ৰভাৱত দেশজুৰি ইণ্ডিগ’ৰ অপাৰেচনত বেয়া প্ৰভাৱ পৰিছে। বুধবাৰে দিল্লীতেই Indigoৰ ৩০ৰো অধিক উৰণ বাতিল হয়। মুম্বাইত ৮৫খন বিমান বাতিল হৈছে। হাইদৰাবাদত ৩৩খন বিমান বাতিল কৰা হৈছিল। মাত্ৰ ৩ দিনত ৬০০ৰো অধিক বিমানৰ ওপৰত প্ৰভাৱ পৰিছে।

দেশৰ বিভিন্ন বিমানবন্দৰত Indigoৰ কমেও ১০০টা ফ্লাইট বাতিল বা বিলম্বিত হোৱাৰ ফলত পুনে, হাইদৰাবাদ, আহমেদাবাদ আৰু বেংগালৰুৰ শতাধিক যাত্ৰী তীব্ৰ বিপদত পৰিছে।

Indigoৱে এক বিবৃতিত কয় যে এই ব্যাপক বিলম্বৰ মূল কাৰণ হৈছে ‘বহুসংখ্যক অনাকাংক্ষিত অপাৰেচনেল সমস্যা’। ইয়াৰ অন্তৰ্গত আছিল সামান্য প্ৰযুক্তিগত সমস্যা, শীতকালীন সময়সূচী পৰিৱর্তন, বেয়া বতৰ, বিমান পৰিৱহণ ব্যৱস্থাৰ অধিক ভিৰ আৰু ফ্লাইট কৰ্মচাৰীসকলৰ বাবে নতুন Flight Duty Time Limitations—যাৰ সমষ্টিগত প্ৰভাৱ আগতীয়াকৈ অনুমান কৰিব নোৱৰাৰ দৰে হ’ল বুলি সংস্থাটোৱে ‘X’ত প্ৰকাশ কৰে।

বৃহস্পতিবাৰে হাইদৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (RGIA) সম্পূৰ্ণ অৱ্যৱস্থা সৃষ্টি হয়। ইণ্ডিগোৰ দ্বিতীয় দিনজোৰা ব্যাপক ফ্লাইট ৰদৰ ফলত হাজাৰ হাজাৰ যাত্ৰীৰ যাত্ৰা বিপৰ্যস্ত হয়।

পুনেলৈ অৱতৰণ কৰা অধিকাংশ বিমান পলম হয়, কাৰণ সীমিত সংখ্যাৰ পাৰ্কিং বাৰ্থ (aerobridges) উপলব্ধ থকাৰ বাবে বহু যাত্ৰী ঘণ্টা ঘণ্টা বিমানৰ ভিতৰতে বহি থাকিব লগা হল। ইয়াৰ প্ৰভাৱ অন্য বিমান সংস্থাৰ ওপৰতো পৰিল।

হাইদৰাবাদৰ বিমানবন্দৰ সূত্র অনুসৰি, Indigoৰ ৬৮খন বিমান বাতিল হয়— ৩৫খন আগমন আৰু ৩৩খন প্ৰস্থান। বুধবাৰৰ তুলনাত (যেতিয়া ৩১খন বিমান বাতিল হৈছিল), বৃহস্পতিবাৰে বিলম্বৰ পৰিমাণ বহু গুৰুতৰ আছিল।

ইণ্ডিগোৱে কয় যে সেৱা স্বাভাৱিক কৰিবলৈ ৪৮ ঘণ্টাৰ বাবে সময়সূচীত সুসংগঠিত পৰিৱর্তন আনি অপাৰেচন স্থিৰ কৰাৰ চেষ্টা চলাইছে।

সংস্থাটোৱে কয় যে এই পদক্ষেপসমূহে সাময়িক অৱ্যৱস্থা নিয়ন্ত্ৰণ কৰিবলৈ আৰু সম্পূৰ্ণ নেটৱৰ্কৰ সময়নিষ্ঠতা পুনৰুদ্ধাৰ কৰাত সহায়ক হব।

ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ

You might also like