নিউজ ডেস্ক, ৬ ডিচেম্বৰ : উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগীৰ বিভিন্ন নীতিয়ে ইতিমধ্যে যিদৰে সমগ্র দেশৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে, তেনেদৰে নিয়োগ নীতিৰ ক্ষেত্রতো তেওঁৰ নীতিয়ে এক মাইলৰ খুঁটি স্থাপন কৰিছে৷ যোগী আদিত্যনাথৰ নিয়োগ নীতিৰ ফলত উত্তৰ প্রদেশত মুকলি হৈছে ব্যাপক কর্মসংস্থাপনৰ পথ৷ ৰাজ্যখন বিগত বছৰসমূহত নিবনুৱা সমস্যাৰে ভাৰাক্রান্ত হৈ আছিল যদিও সম্প্রতি ৰাজ্যখনত নিবনুৱা সমস্যাৰ চাপ বহু পৰিমাণে কমিবলৈ ধৰিছে৷ ৰাজ্য চৰকাৰৰ শক্তিশালী নীতিয়ে ৰাজ্যখনৰ অর্থনৈতিক আৰু সামাজিক অৱস্থানক বহু উচ্চতাত আৰোহণ কৰাইছে৷
চৰকাৰখনৰ এই নীতিসমূহৰ ভিতৰত আটাইতকৈ সাফল্যপূর্ণ দিশটো হ’ল নিবনুৱা সমস্যাৰ ব্যাপক সমাধান৷ এসময়ত ৰাজ্যখনত নিবনুৱাৰ হাৰ আছিল ১৯ শতাংশ৷ যোগী চৰকাৰৰ নিয়োগ নীতিৰ ফলত সম্প্রতি ৰাজ্যখনত নিবনুৱাৰ হাৰ হৈছেগৈ ২.৪ শতাংশ৷ ৰাজ্যখনত জিচিচি নীতি–২০২৫ৰ জৰিয়তে ২ লাখৰো অধিক কর্মসংস্থাপনৰ সৃষ্টি হৈছে৷ ইউপি এমপ্লইমেণ্ট মিছনে মাত্র এটা বছৰতে ১.২৫ লাখ নিবনুৱাক কর্মসংস্থাপন দিছে৷ এমএছএমই ৰাজ্যখনৰ অর্থনীতিৰ প্রধান মেৰুদণ্ড৷ বর্তমান ৰাজ্যখনত ৯৬ লাখৰো বেছি এমছএমই ইউনিট আৰম্ভ হৈছে৷ এইক্ষেত্রত ২ কোটিৰো অধিক কর্মসংস্থাপন সৃষ্টি হৈছে৷ যোৱা এটা বছৰত এই ক্ষেত্রখনত ১৮ লাখ নিবনুৱাই নিযুক্তি লাভ কৰিছে৷ স্কিল ডেভেলপ্মেণ্ট মিছনে ১.৪ মিলিয়ন যুৱক–যুৱতীক প্রশিক্ষণ দিছে৷ এইসকলৰ ভিতৰত ৫ লাখ ৬৬ হাজাৰে চৰকাৰী চাকৰি লাভ কৰিছে৷
চাকৰিৰ বজাৰত মহিলাসকলো পিছপৰি থকা নাই যোগীৰ ৰাজ্যত৷ উদ্যোগ ক্ষেত্রত মহিলাসকলৰ অংশগ্রহণ ২৫ শতাংশ হৈছেগৈ৷ ‘ৰোজগাৰ মহাকুম্ভ–২০২৫’য়েও বিভিন্ন অর্থনৈতিক আঁচনিৰ জৰিয়তে শ্রমিকসকলৰ ন্যূনতম মজুৰি আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰিছে৷ উত্তৰ প্রদেশক ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ যোগী চৰকাৰ৷