লিভিং টুগেদাৰক লৈ ন্যায়ালয়ে কি ৰায় দিলে? জানক সবিশেষ
১৮ বছৰৰ এগৰাকী যুৱতী আৰু ১৯ বছৰৰ এজন যুৱকে সুৰক্ষা বিচাৰি ৰাজস্থান উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল
দুজন প্রাপ্তবয়স্কই বিচাৰিলে লিভিং টুগেদাৰ বা একত্র বাস কৰিব পাৰে৷ বিয়াৰ বাবে আইনী বয়স নহ’লেও তেওঁলোকে একেলগে থাকিব পাৰে৷ তেওঁলোকৰ সাংবিধানিক অধিকাৰক বয়সৰ দোহাই দি খর্ব কৰিব পৰা নাযায়৷ –এই কথা জনাইছে ৰাজস্থান উচ্চ ন্যায়ালয়ে৷
আমাৰ দেশত ১৮ বছৰ বয়স হ’লেও ২১ বছৰ বয়সৰ পূর্বে পুৰুষৰ বিয়া বৈধ নহয়৷ তথাপি বিয়াৰ এই বৈধ বয়সত উপনীত হোৱাৰ পূর্বেই তেওঁলোকে একত্র বাস কৰিব পাৰে৷ এয়াই পর্যবেক্ষণ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ৷
১৮ বছৰৰ এগৰাকী যুৱতী আৰু ১৯ বছৰৰ এজন যুৱকে সুৰক্ষা বিচাৰি ৰাজস্থান উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল৷ তেওঁলোক দুয়োজনেই কোটাৰ বাসিন্দা৷ তেওঁলোকে ন্যায়ালয়ক জনায় যে তেওঁলোকে স্বেচ্ছাই একত্র বাস কৰিছে৷
একেলগে থাকিবলৈ ২০২৫ বর্ষৰ ২৭ অক্টোবৰত দুয়ো চুক্তিবদ্ধ হৈছিল৷ তেওঁলোকৰ অভিযোগ মতে তাৰ পিছৰে পৰাই যুৱতীৰ পৰিয়ালৰ লোকে তেওঁলোকক মাৰি পেলোৱাৰ ভাবুকি দিয়ে৷ চৰকাৰী অধিবক্তাই তেওঁলোকৰ আবেদনৰ বিৰোধিতা কৰিলেও ন্যায়ালয়ে মন্তব্য কৰে যে আইনী বয়স হোৱা নাই বুলিয়ে তেওঁলোকক সেই অধিকাৰৰ পৰা বঞ্চিত কৰিব পৰা নাযায়৷
ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ
লগতে এইটোও পঢ়ক — ভাৰতৰ বুকুৱেদি বোৱাই দিয়া হ’ব ৰাছিয়াৰ তেল