অৰুণাচলক লৈ এইবাৰ কি গোপন অভিসন্ধি চিৰবৈৰী পাকিস্তানৰ
উত্তৰ পূর্বাঞ্চলৰ ভূমি অৰুণাচল প্রদেশক সদায়েই নিজৰ মানচিত্রৰ অধীন বুলি দাবী কৰি অহা ৰঙা চীনৰ পক্ষত এইবাৰ আনুষ্ঠানিকভাৱে থিয় দিলে চিৰবৈৰী ৰাষ্ট্র পাকিস্তানে৷
পাকিস্তানৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র তাহিৰ আন্দ্রাবিয়ে অৰুণাচলক লৈ মুকলিকৈ চীনক সমর্থন জনাইছে৷ চিৰবৈৰী ৰাষ্ট্রখনৰ বৈদেশিক মন্ত্রালয়ৰ বিষয়াজনে কালি সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে কয়– ‘সার্বভৌমত্ব তথা আঞ্চলিক অখণ্ডতা সম্পর্কীয় প্রতিটো বিষয়ৰ ক্ষেত্রত চীনৰ সৈতে পাকিস্তানৰ ধাৰাবাহিক পূর্ণ সমর্থন আছে৷’
এই কথা উল্লেখৰ নিষ্প্রয়োজন যে বিগত সময়ছোৱাত বেইজিঙে অৰুণাচল প্রদেশক নিজৰ অধীন হিচাপে দাবী কৰি আহিছে৷ আনকি অৰুণাচল প্রদেশক বেইজিঙে ‘জাংনান’ হিচাপেও নামকৰণ কৰিছে৷
এই সন্দর্ভত চীনৰ বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র মাও নিঙে স্পষ্টভাৱে কৈছিল যে চীনে কেতিয়াও অৰুণাচল প্রদেশক ভাৰতৰ অংশ হিচাপে গণ্য নকৰে৷ আনকি শেহতীয়াকৈ চাংহাই বিমান বন্দৰত অৰুণাচল প্রদেশৰ পেম ৱাংজম নামৰ এগৰাকী মহিলাক দুর্ব্যৱহাৰ কৰাৰ প্রসংগতো অনুৰূপ বক্তব্যই দাঙি ধৰিছিল চীনা কর্তৃপক্ষই৷
নিজৰ আগ্রাসী মনোভাৱ বাৰম্বাৰ স্পষ্ট কৰি অৰুণাচল প্রদেশক দক্ষিন তিব্বতৰ অংশ হিচাপে দাবী কৰি অহা বেইজিঙক এইক্ষেত্রত পাকিস্তানে মুকলিকৈ সমর্থন আগবঢ়োৱাটো যথেষ্ট তাৎপর্যপূর্ণৰূপে বিবেচিত হৈছে৷
ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ