১৬ বছৰৰ তলত ছ’চিয়েল মিডিয়া ব্যৱহাৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি
কোনো কোম্পানীয়ে নিয়ম মানি নচলিলেই ৪৯.৫ মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ (প্ৰায় ৩২ মিলিয়ন ডলাৰ) পৰ্যন্ত জৰিমনা ভৰিব লগা হ'ব
অষ্ট্ৰেলিয়াই কিশোৰ-কিশোৰীসকলক অনলাইন বিপদৰ পৰা ৰক্ষা কৰিবলৈ ১৬ বছৰলৈকে ছ’চিয়েল মিডিয়া ব্যৱহাৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। আজি, ১০ ডিচেম্বৰ পৰা দেশজুৰি কার্যকৰী হোৱা এই নতুন নিয়ম অনুসৰি কোনো শিশুৱে ১৬ বছৰৰ তলত টিকটক, ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব আদি প্লেটফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিব।
নতুন নিয়ম মানি চলা বাধ্যতামূলক কৰা প্লেটফৰ্মসমূহৰ তালিকাত আছে— টিকটক, ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুক, থ্ৰেডছ, এক্স (পূৰ্বতে টুইটাৰ), স্নেপচ্যাট, কিক, টুইচ আৰু ৰেডিট। এই সকলো প্লেটফৰ্মে নাবালক একাউণ্ট ৰোধ কৰিবলৈ নতুন ব্যৱস্থা জাৰি কৰিবলৈ সন্মতি জনাইছে।
এই নিষেধাজ্ঞাৰ পৰা বৰ্তমান ৰেহাই পোৱা প্লেটফৰ্মসমূহ হৈছে— Discord, Google Classroom, Messenger, GitHub, WhatsApp, Lego Play, Steam, Roblox আৰু YouTube Kids। তথাপিও অষ্ট্ৰেলিয়া চৰকাৰে কয়, কিছুমান প্লেটফৰ্ম এতিয়াও পৰ্যালোচনাৰ অধীনত আছে, ফলত ভবিষ্যতে তালিকাখন সলনি হ’ব পাৰে।
এই আইন বলৱৎ কৰিবলৈ প্লেটফৰ্মসমূহে—
- একাউণ্টৰ বয়স,
- প্ৰফাইল ফটো,
- কন্টেন্টৰ সৈতে সম্পৰ্কিত ক্ৰিয়া-কলাপ আদি পৰ্যালোচনা কৰিব লাগিব। বিভিন্ন ঢাপত বয়স অনুমান কৰাৰ ব্যৱস্থা বাধ্যতামূলক কৰা হৈছে।
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনী আলবানিজে এই দিনটো “গৌৰৱৰ দিন” বুলি অভিহিত কৰে। তেওঁ কয়, এই সিদ্ধান্তই বিশ্বব্যাপী প্ৰথম, কোনো দেশৰ কঠোৰতম পদক্ষেপ।
বিশেষজ্ঞসকলে কয়—এই ব্যৱস্থাই কিছুমান দুৰ্বল কিশোৰ-কিশোৰীক মূল প্লেটফৰ্মৰ পৰা আঁতৰাই ইণ্টাৰনেটৰ অধিক বিপজ্জনক অংশলৈ ঠেলি দিব পাৰে।
এই নিষেধাজ্ঞা ভংগ কৰিলে— অভিভাৱক বা শিশুৰ কোনো শাস্তি নহয়। সম্পূৰ্ণ জৰিমনাৰ দায় প্লেটফৰ্মৰ ওপৰত। কোনো কোম্পানীয়ে নিয়ম মানি নচলিলেই ৪৯.৫ মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ (প্ৰায় ৩২ মিলিয়ন ডলাৰ) পৰ্যন্ত জৰিমনা ভৰিব লগা হ’ব।
ডিজিটেল ডেস্ক, ১০ ডিচেম্বৰ