নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩ জানুৱাৰীত শিল্পগ্ৰামত নাট সমাৰোহ, পূৰ্ণগতিত আখৰা

নৃত্যাচাৰ্য গোবিন্দ শইকীয়াই, সমাজসেৱক নৰেন হাজৰিকা, লেখক-সাংবাদিক কমল কুমাৰ, ডিম্পী ভৰালীৰ উপস্থিতত মাংগলিক কাৰ্যসূচীৰে নাটখনিৰ আখৰা অনুষ্ঠানৰ শুভাৰম্ভ হয়

নৃত্য-নাট্যমৰ গৌৰৱোজ্জ্বল দশম বৰ্ষপূৰ্তি উপলক্ষে অহা ৩ জানুৱাৰীত মহানগৰীৰ শিল্পগ্ৰামত আয়োজন কৰিছে নাট সমাৰোহ। মঞ্চস্থ হ’বলগীয়া পৌৰাণিক নাট দেৱৰাজ নহুষ’ আখৰা ইতিমধ্যে নাৰেংগীস্থিত শিৱম ডাঞ্চ একাডেমীত শিল্পী সকলে অব্যাহত ৰাখিছে।

কিছুদিন পুৰ্বে শ্ৰীশ্ৰীৰাজহুৱা সত্ৰৰ সত্ৰাধিকাৰ সনাতন দাস আৰু সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক নৃত্যাচাৰ্য গোবিন্দ শইকীয়াই, সমাজসেৱক নৰেন হাজৰিকা, লেখক-সাংবাদিক কমল কুমাৰ, ডিম্পী ভৰালীৰ উপস্থিতত মাংগলিক কাৰ্যসূচীৰে নাটখনিৰ আখৰা অনুষ্ঠানৰ শুভাৰম্ভ হয়।

নৃত্যাচাৰ্য্য গোবিন্দ শইকীয়াৰ কাহিনী, প্ৰকাশ জ্যোতি বৰুৱাৰ পৰিকল্পনা আৰু কন্যা কুমাৰী শইকীয়াৰ পৰিচালনাৰে অনুষ্ঠিত হ’বলগীয়া ‘দেৱৰাজ নহুষ’ শীৰ্ষক নাটখনত জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা, বিকি ৰাজখোৱাৰ লগতে  কন্যা কুমাৰী শইকীয়াই অভিনয় কৰিব।

নাটখনত অভিনয় কৰিবলগীয়া আন শিল্পীসমূহ হৈছে ক্ৰমে মানসজ্যোতি গগৈ, অজয় বসুমতাৰী, নৱজিৎ শইকীয়া বিজুমনি দাস গগৈ, বিনীতা শৰ্মা, নয়নমণি নাথ, হিমাক্ষী ৰাজখোৱা, কাজল কৌশিকী, গৰিমা শৰ্মা, দীপিকা বড়ো, সংগীতা বৰ্মন আদি।

সম্প্ৰতি ৰাইজৰ মাজত বিশেষভাৱে চৰ্চা লাভ কৰা শীৰ্ষক নাট খনি বিনামুলীয়াকৈ উপভোগৰ বাবে নাট্যপ্ৰেমী ৰাইজে 70023 76430, 98649 13626 নম্বৰত যোগাযোগ কৰিব পাৰে।

ডিজিটেল ডেস্ক, ১২ ডিচেম্বৰ

You might also like