নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পৰ সিদ্ধান্ত বাতিল কৰিবলৈ মার্কিন সংসদত প্রস্তাৱ, ভাৰতৰ সামগ্রীত ৫০ শতাংশ শুল্ক আৰোপ বেআইনী

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : ভাৰতীয় সামগ্রীৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আৰোপ কৰা ৫০ শতাংশ শুল্ক বেআইনী৷ অবিলম্বে এই সিদ্ধান্ত বাতিল কৰা উচিত৷ মার্কিন সংসদৰ নিম্নকক্ষ হাউছ অৱ ৰিপ্রেজেণ্টেটিভত আনুষ্ঠানিকভাৱে উত্থাপন কৰা হ’ল এই প্রস্তাৱ৷ য’ত কোৱা হৈছে– উচ্চ নিৰিখৰ কৰ আৰোপৰ পৰিপ্রেক্ষিতত প্রকৃতপক্ষে ক্ষতি হৈছে আমেৰিকাৰেই৷ সংসদত ইয়াক লৈ আলোচনা হ’ব লাগে৷

ভাৰতৰ ওপৰত আৰোপিত শুল্ক বাতিল হোৱাৰ দাবীৰে প্রস্তাৱ উত্থাপনৰ নেপথ্যত আছে প্রধানতঃ তিনিজন সাংসদ৷ তেওঁলোক হ’ল– ডেৱৰা ৰছ, মার্কভিছে আৰু ভাৰতীয় বংশোদ্ভৱ ৰাজা কৃষ্ণমূর্তি৷ ভাৰতৰ উপৰি ব্রাজিলৰ সৈন্যৰ ওপৰত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আৰোপ কৰা ৫০ শতাংশ শুল্ক বাতিলৰো তেওঁলোকে দাবী উত্থাপন কৰিছে৷

এই সম্পর্কীয় প্রস্তাৱত কোৱা হৈছে যে ভাৰতৰ ওপৰত উচ্চ নিৰিখৰ শুল্ক আৰোপ কৰাৰ ফলত আটাইতকৈ ক্ষতিগ্রস্ত হৈছে উত্তৰ কেৰ’লিনা প্রদেশ৷ কিয়নো তাৰ অর্থনীতি বহুলাংশে ভাৰতৰ ওপৰত নির্ভৰশীল৷ বাণিজ্যিক কথা বাদেই, এই প্রদেশখনত বৃহৎসংখ্যক ভাৰতীয় ব্যৱসায়ীৰ বিনিয়োগ আছে৷ সর্বোপৰি কেৰ’লিনা প্রদেশত ভাৰতীয় বংশোদ্ভৱ আমেৰিকাৰ নাগৰিকৰ সংখ্যা তুলনামূলকভাৱে অধিক৷ তেওঁলোক উচ্চ হাৰৰ শুল্কৰ কাৰণে যথেষ্ট ক্ষতিগ্রস্ত হৈছে৷ ইয়াৰ সমান্তৰালভাৱে অৱনতি ঘটিছে বাণিজ্যৰো৷

সংসদৰ মজিয়াত ভাৰতীয় বংশোদ্ভৱ ৰাজা কৃষ্ণমূর্তিয়ে স্পষ্টভাৱে কয় যে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰোপিত শুল্কই বাণিজ্যৰ সৰবৰাহৰ শৃংখলক ব্যাহত কৰিছে৷ যিয়ে মার্কিন কর্মচাৰীসকলৰ ক্ষতি কৰাৰ বিপৰীতে বৃদ্ধি কৰিছে ব্যয়৷ পৰিণতিত শুল্ক আৰোপৰ ফল হিতে বিপৰীত হৈছে৷ উল্লেখ্য যে ভাৰতীয় পণ্যৰ ওপৰত প্রথম অৱস্থাত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ২৫ শতাংশ কৰ আৰোপ কৰিছিল৷ কিন্তু ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয়ৰ ক্ষেত্রত নতুন দিল্লীৰ অটল সিদ্ধান্তৰ বাবে পৰৱর্তী সময়ত পুনৰ অতিৰিক্ত ২৫ শতাংশ কৰ আৰোপ কৰা হয়৷ যোৱা ২৭ আগষ্টৰ পৰা এই মুঠ ৫০ শতাংশ কৰ ভাৰতৰ ৰপ্তানিকৃত সামগ্রীৰ ওপৰত আমেৰিকাই বলৱৎ কৰিছে৷

You might also like