৩৯খন দেশৰ নাগৰিকৰ বিৰুদ্ধে আমেৰিকাৰ দুৱাৰ প্ৰায় বন্ধ! কিন্তু কিয়?
নতুন ঘোষণাত স্থায়ী বাসিন্দা (গ্ৰীনকাৰ্ড ধাৰক), বৰ্তমানৰ ভিছাধাৰী, কূটনীতিক, খেলুৱৈ আৰু যিসকলৰ আমেৰিকাত প্ৰৱেশ ৰাষ্ট্ৰীয় স্বাৰ্থত জড়িত, তেওঁলোকক ৰেহাই দিয়া হৈছে। ইয়াৰ উপৰি ব্যক্তিগত ক্ষেত্ৰত বিশেষ ৰেহাই (কেছ-বাই-কেছ ৱেইভাৰ) ব্যৱস্থা অব্যাহত ৰখা হৈছে, যদিও পৰিয়ালভিত্তিক ভিছা ৰেহাই সীমিত কৰা হৈছে
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু জনসাধাৰণৰ সুৰক্ষাক অজুহাত হিচাপে লৈ প্ৰব্ৰজন নীতি অধিক কঠোৰ কৰি তুলিছে। মঙলবাৰে (১৬ ডিচেম্বৰ, ২০২৫) ট্ৰাম্প প্ৰশাসনে আৰু সাতখন দেশৰ লগতে ফিলিস্তিনী নাগৰিকসকলৰ ওপৰত সম্পূৰ্ণ ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰে। ইয়াৰ উপৰি আন ১৫খন দেশৰ নাগৰিকৰ আমেৰিকাত প্ৰৱেশৰ ক্ষেত্ৰত আংশিক নিষেধাজ্ঞা বলৱৎ কৰা হৈছে। এই পদক্ষেপৰ ফলত আমেৰিকাৰ ট্ৰেভেল বেন বা প্ৰৱেশ নিষেধাজ্ঞাৰ সন্মুখীন হোৱা দেশৰ মুঠ সংখ্যা ৩৯লৈ বৃদ্ধি পাইছে।
১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব নতুন নিষেধাজ্ঞা
হোৱাইট হাউছৰ ফেক্ট-শ্বীট অনুসৰি, এই বর্ধিত ভ্ৰমণ নিষেধাজ্ঞা আৰু প্ৰৱেশ সম্পৰ্কীয় প্ৰতিবন্ধকতাসমূহ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব। প্ৰশাসনৰ মতে, দুৰ্বল ভিছা পৰীক্ষা ব্যৱস্থা, ভিছা ওভাৰষ্টে (ম্যাদ উকলি থকাৰ) উচ্চ হাৰ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ আশংকাৰ প্ৰেক্ষাপটত এই সিদ্ধান্ত লোৱা হৈছে।
এই ৭খন দেশৰ ওপৰত সম্পূৰ্ণ ভ্ৰমণ প্ৰতিবন্ধকতা
নতুন ঘোষণা অনুসৰি, বুৰ্কিনা ফাছো, মালি, নাইজাৰ, দক্ষিণ চুদান আৰু ছিৰিয়াৰ ওপৰত সম্পূৰ্ণ ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ লগতে ফিলিস্তিনী অথৰিটীয়ে জাৰি কৰা ভ্ৰমণ নথিপত্ৰ ধাৰণ কৰা ফিলিস্তিনী নাগৰিকসকলকো নিষিদ্ধ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি, লাওছ আৰু ছিয়াৰা লিঅ’নৰ ওপৰতো এতিয়া সম্পূৰ্ণ ভ্ৰমণ প্ৰতিবন্ধকতা বলৱৎ কৰা হৈছে, যিবোৰ দেশৰ ওপৰত পূৰ্বে আংশিক নিষেধাজ্ঞা আছিল।
১৫খন দেশৰ ওপৰত আংশিক প্ৰৱেশ নিষেধাজ্ঞা
ট্ৰাম্প প্ৰশাসনে আংগোলা, এণ্টিগুৱা আৰু বাৰবুডা, বেনিন, কোট ডি’আইভ’ৰ, ড’মিনিকা, গেবন, গাম্বিয়া, মালাৱি, ম’ৰিটানিয়া, নাইজেৰিয়া, চেনেগাল, তানজানিয়া, টোঙা, জাম্বিয়া আৰু জিম্বাবুৱেৰ নাগৰিকসকলৰ ওপৰত আংশিক প্ৰৱেশ নিষেধাজ্ঞা আৰোপ কৰিছে। বুৰুণ্ডি, কিউবা, টোগো আৰু ভেনিজুৱেলাৰ নাগৰিকসকলৰ ক্ষেত্ৰত পূৰ্বৰে পৰা বলৱৎ আংশিক নিষেধাজ্ঞা অব্যাহত থাকিব। নতুন ব্যৱস্থাৰ অধীনত তুৰ্কমেনিস্তান একমাত্ৰ দেশ যাক আংশিক ৰেহাই দিয়া হৈছে। এই দেশখনৰ নাগৰিকসকলৰ বাবে নন-ইমিগ্ৰেণ্ট ভিছাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে।
পূৰ্বৰে পৰা ১২খন দেশৰ বিৰুদ্ধে ভ্ৰমণ প্ৰতিবন্ধকতা
ইতিমধ্যে আমেৰিকাই আফগানিস্তান, ম্যানমাৰ, চাদ, কংগো গণৰাজ্য, ইকুৱেটোৰিয়েল গিনি, ইৰিত্ৰিয়া, হাইতি, ইৰান, লিবিয়া, ছোমালিয়া, চুদান আৰু য়েমেনৰ নাগৰিকসকলৰ বিৰুদ্ধে ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰি আহিছে।
সুৰক্ষা ঘটনাৰ পিছতে কঠোৰ সিদ্ধান্ত
ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপ শেহতীয়া সুৰক্ষা ঘটনাৰ পিছতেই লোৱা হৈছে। ২৬ নৱেম্বৰত ৱাশ্বিংটন ডিচিত নেচনেল গাৰ্ডৰ দুজন জোৱান নিহত হৈছিল। আক্ৰমণকাৰীজন এজন আফগান নাগৰিক আছিল, যাক আমেৰিকাৰ সেনা প্ৰত্যাহাৰৰ পিছত শৰণ দিয়া হৈছিল। ইয়াৰ উপৰি ১৩ ডিচেম্বৰত ছিৰিয়াত ইছলামিক ষ্টেটৰ আক্ৰমণত দুজন আমেৰিকান সৈনিক আৰু এজন আমেৰিকান নাগৰিক দোভাষীৰ মৃত্যু হৈছিল।
হোৱাইট হাউছৰ মতে, বহু দেশত সক্ৰিয় সন্ত্ৰাসবাদী ভাবুকি, আভ্যন্তৰীণ সংঘাত আৰু ভিছা ওভাৰষ্টেৰ উচ্চ হাৰ এই সিদ্ধান্তৰ মুখ্য কাৰণ। বুৰ্কিনা ফাছো, মালি, নাইজাৰ আৰু নাইজেৰিয়াক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ক্ষেত্ৰ হিচাপে চিনাক্ত কৰা হৈছে। আনহাতে, ছিৰিয়াক বছৰজোৰা গৃহযুদ্ধৰ বাবে পাছপ’ৰ্ট আৰু নাগৰিক নথিপত্ৰ জাৰি কৰিবলৈ “যথেষ্ট কেন্দ্ৰীয় কৰ্তৃপক্ষ” নথকা দেশ বুলি বৰ্ণনা কৰা হৈছে।
কিছুমান শ্ৰেণীক ৰেহাই
নতুন ঘোষণাত স্থায়ী বাসিন্দা (গ্ৰীনকাৰ্ড ধাৰক), বৰ্তমানৰ ভিছাধাৰী, কূটনীতিক, খেলুৱৈ আৰু যিসকলৰ আমেৰিকাত প্ৰৱেশ ৰাষ্ট্ৰীয় স্বাৰ্থত জড়িত, তেওঁলোকক ৰেহাই দিয়া হৈছে। ইয়াৰ উপৰি ব্যক্তিগত ক্ষেত্ৰত বিশেষ ৰেহাই (কেছ-বাই-কেছ ৱেইভাৰ) ব্যৱস্থা অব্যাহত ৰখা হৈছে, যদিও পৰিয়ালভিত্তিক ভিছা ৰেহাই সীমিত কৰা হৈছে।
ডিজিটেল ডেস্ক, ১৭ ডিচেম্বৰ