‘নিউজ লাইভ’ৰ কার্যবাহী সম্পাদক লুইত নীল ডনৰ গ্রন্থ ‘লোৱাডোং’ উন্মোচন
লুইত নীল ডনৰ সাংবাদিক জীৱনৰ বহু মনোজ্ঞ অভিজ্ঞতা প্রকাশ পাইছে ‘লোৱাডোং’ত৷ ‘নিউজ লাইভ’ৰ কার্যালয়ত উন্মোচন কৰা হয় এই গ্রন্থখন
গ্রন্থপ্রেমী ৰাইজৰ বাবে সুখবৰ৷ প্রকাশ পালে ‘নিউজ লাইভ’ৰ কার্যবাহী সম্পাদক লুইত নীল ডনৰ দ্বিতীয়খন গল্প সংকলন ‘লোৱাডোং’৷ পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণৰ পিছৰ চাক্ষুষ বর্ণনাৰ লগতে নানা অভিজ্ঞতাৰ ২০টা কাহিনী সন্নিৱিষ্ট কৰা হৈছে গ্রন্থখনত৷
উল্লেখযোগ্য যে পেহেলগামত পাক সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ পিছত উক্ত স্থানত উপস্থিত হৈ সংবাদ পৰিৱেশন কৰিছিল ‘নিউজ লাইভ’ৰ কার্যবাহী সম্পাদক লুইত নীল ডনে৷ পাক সন্ত্রাসবাদীয়ে কেনেকৈ নিৰীহৰ ওপৰত বর্বৰতা প্রদর্শন কৰিছিল এই সকলো কথা বর্ণনা কৰা হৈছে গ্রন্থখনত৷
উল্লেখযোগ্য, লুইত নীল ডনৰ সাংবাদিক জীৱনৰ বহু মনোজ্ঞ অভিজ্ঞতা প্রকাশ পাইছে ‘লোৱাডোং’ত৷ ‘নিউজ লাইভ’ৰ কার্যালয়ত উন্মোচন কৰা হয় এই গ্রন্থখন৷
গ্রন্থখন মুকলি কৰে ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেহন, কার্যবাহী সম্পাদক নন্দনপ্রতিম শর্মা বৰদলৈ, নিউজ এডিটৰ মনজিত ৰাজকোঁৱৰ আৰু সাংবাদিক–লেখক পংকজ কুমাৰ দত্তই৷ ‘বাক্য’ই প্রকাশ কৰা এই গ্রন্থখনৰ পৰিৱেশক ‘এম আৰ পাব্লিকেচন’৷
গ্রন্থখন পঢ়ুৱৈ সমাজে আদৰি ল’ব বুলি আশাবাদী লুইত নীল ডন৷ আগন্তুক গ্রন্থমেলাত উপলব্ধ হ’ব লুইত নীল ডনৰ ‘লোৱাডোং’ গ্রন্থখন৷
মহানগৰ বিশেষ,বার্তা, ২০ ডিচেম্বৰ