সম্পাদকীয় : বর্ধিত প্রদূষণ
মানুহ সুস্থভাৱে জীয়াই থাকিবলৈ হ’লে পৃথিৱী নামৰ গ্রহটোক সুস্থ কৰি ৰখাটো জৰুৰী৷ পৃথিৱীক সুস্থ কৰি ৰাখিবলৈ হ’লে মানুহে পানী, বায়ু, মাটি, আকাশ সুৰক্ষিত কৰি ৰাখিব লাগিব৷ সেইবোৰ সুৰক্ষিত হৈ নাথাকিলে কোনো প্রাণী জীয়াই থাকিব নোৱাৰে৷ কিন্তু বর্তমান সময়ত বায়ু, পানী, মাটি একেবাৰেই সুৰক্ষিত নহয়৷ ইয়াৰ বাবে প্রধানকৈ মানুহেই দায়ী৷ বায়ু, পানী, মাটিৰ প্রদূষণক লৈ চৰকাৰ, সংগঠনসমূহে ৰাইজক সচেতন কৰাৰ উদ্দেশ্যে বিভিন্ন কার্যসূচী গ্রহণ কৰে যদিও বাস্তৱত অধিক সফল হোৱা নাই যেন অনুমান হয়৷ গছ ৰোপণ, বিদ্যুৎ সংৰক্ষণ, প্লাষ্টিক ব্যৱহাৰ নকৰা, পানী সংৰক্ষণক লৈ মানুহ যিমান সচেতন হ’ব লাগিছিল হোৱা নাই৷ বায়ু প্রদূষণৰ মাত্রা বাঢ়িছে, মাটি প্রদূষণ হৈছে, পানী প্রদূষণ হৈছে৷ খোৱাপানীৰ সমস্যাই সমগ্র বিশ্বকে চিন্তিত কৰিছে৷ তথাপি যেন বহু মানুহ সজাগ নহয়, সচেতন নহয়৷ নদীবোৰত বহুতে পূজা কৰে, কিন্তু পাৰবোৰ পৰিষ্কাৰ কৰি নাৰাখে৷ বহুতে নদীৰে যাত্রা কৰে, কিন্তু পানী খোৱা বটল, প্লাষ্টিক সকলো নদীতে পেলায়৷ ন ন উদ্যোগ গঢ় লৈ উঠে ভাল কথা, কিন্তু উদ্যোগৰ আৱর্জনাবোৰ বহুতে নদীতে পেলায়৷ এইবোৰ অবিবেচনাপূর্ণ কার্যৰ বাবে নদীসমূহ প্রদূষিত হৈ আছে৷ বর্ধিত প্রদূষণৰ বাবে ভাৰতৰ মুখ্য নদীবোৰৰ পানী প্রদূষিত হৈছে৷ ভাৰতত পানীৰ ভাৰসাম্য বিনষ্ট হৈছে৷ বৰষুণৰ পানী সংৰক্ষণৰ প্রচেষ্টাও পর্যাপ্ত নহয়৷ ভাৰতৰ তিনি চতুর্থাংশ গ্রাম্য পৰিয়ালত এতিয়াও বিশুদ্ধ খোৱাপানীৰ অভাৱ৷ তেওঁলোক আজিও বিশুদ্ধ পানী লাভৰ পৰা বঞ্চিত হৈ আছে৷ জানি আচৰিত হ’ব, আমাৰ দেশৰ ৭০ শতাংশ পানীৰ উৎস দূষিত৷ ভাৰতৰ প্রায় ৩৫১খন নদীয়ে প্রদূষিত নদী৷ এই প্রদূষিত নদীৰ পানী খোৱাটো কিমান বিপজ্জনক এবাৰ ভাবক৷ সম্প্রতি মানুহে ভূ–গর্ভৰ পানী অধিক ব্যৱহাৰ কৰে৷ ভূ–গর্ভৰ পানীও প্রাকৃতিকভাৱে উৎপন্ন হোৱা দূষিত পদার্থ যেনে– আর্ছেনিক, ফ্ল’ৰাইডৰ দ্বাৰা দূষিত হয়৷ ইয়াৰ উপৰি কৃষিত সাৰৰ অত্যধিক প্রয়োগ, বর্জিত পানী শোধন প্রকল্পৰ পৰা বর্জিত পানীৰ দ্বাৰাও ভূ–গর্ভৰ পানী প্রদূষিত হৈছে৷
Central Ground Water Boardৰ তথ্য অনুযায়ী ভাৰতৰ ৭০০খন জিলাৰ প্রায় ২৫৬খন জিলাৰ ভূ–গর্ভৰ পানীৰ মাত্রাধিক ব্যৱহাৰ হৈছে৷ যাৰ বাবে পানীৰ স্তৰ ক্রমাৎ হ্রাস পাইছে৷ পানী পাবলৈ কঠিন হৈ পৰিছে সেই অঞ্চলসমূহত৷ অসমতো ভূ–গর্ভৰ পানী ক্রমাৎ হ্রাস পাইছে৷ পৰিৱর্তনশীল বতৰৰ বাবে, মানুহৰ ভুলৰ বাবেই পানীৰ বিভিন্ন সমস্যাই দেখা দিছে৷ আমাৰ অসমতে ভৰলু, বৰছলা, দীপৰবিল, ডিগবৈ, কমলপুৰ, খাৰচাং, পাগলাদিয়া, বৰাক, বেঁকী, ভোগদৈ, বগীনদী, বৰবিল, বৰদৈবাম বিলমুখ, ধনশিৰি, দিখৌ, ডিক্রং, দিপলাই, দিচাং, কপিলী, কলং আদি কৰি প্রায় ৪৪খন প্রদূষিত নদী আছে৷ এই প্রদূষিত নদীসমূহৰ তালিকাৰ প্রথমতে আছে ভৰলু নৈৰ নাম৷ যিখন নৈয়ে পানীৰ সলনি গুৱাহাটী চহৰৰ আৱর্জনাৰ এক বৃহৎ অংশ বহন কৰে৷ ইয়াৰ উপৰি প্রদূষিত নদীসমূহৰ তালিকাত ব্রহ্মপুত্রও এখন৷ এই তালিকাসমূহে আমাক এখন ভয়ানক পৃথিৱীৰ ছবি দাঙি ধৰা নাইনে ৷ মানুহৰ সমস্যাৰ অন্ত নাই৷ একবিংশ শতিকাৰ বিজ্ঞান আৰু প্রযুক্তিৰ চৰম বিকাশৰ যুগতো মানুহে বিশুদ্ধ খোৱাপানী, বিশুদ্ধ বায়ুৰ অভাৱত বিভিন্ন দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱাটো বেদনাদায়কেই নহয়, অতি দুর্ভাগ্যজনকো৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে পানীৰ সমস্যা, বায়ু প্রদূষণৰ সমস্যাও ক্রমাৎ বৃদ্ধি পাইছে৷ জনসংখ্যা বৃদ্ধি অনুপাতে খাদ্যৰ চাহিদা পূৰণ কৰিবলৈ নানা প্রকাৰৰ ৰাসায়নিক সাৰ খেতিপথাৰত প্রয়োগ কৰা দেখা যায়৷ কল–কাৰখানাৰ সংখ্যাও বৃদ্ধি পাইছে৷ এইবোৰে পানী দূষিতকৰণত বিপুল অৰিহণা যোগাইছে৷ সেয়ে এতিয়া পানীক লৈ বিশ্বৰ প্রতিখন দেশেই সজাগ–সচেতন হোৱা পৰিলক্ষিত হৈছে৷ কেৱল পানীৰ বাবেই মানুহ সচেতন হ’লে নহ’ব৷ পৃথিৱীত সুস্থভাৱে জীয়াই থাকিবলৈ হ’লে প্রদূষণ ৰোধ কৰিবই লাগিব৷ দেশৰ ৰাজধানী দিল্লীৰ দৰে চহৰত ক্রমাৎ বৃদ্ধি পাইছে বায়ু প্রদূষণ৷ প্রদূষণৰ বাবে বহু লোকে শ্বাস–প্রশ্বাসত কষ্ট অনুভৱ কৰিছে৷ যাৰ বাবে প্রাথমিক বিদ্যালয় বন্ধ ৰখাৰ উপৰি ৫০ শতাংশ কর্মচাৰীহে কার্যালয়ত থকাৰ নির্দেশ দিছে৷ বাকী ৫০ শতাংশক ঘৰৰ পৰাই কাম কৰিবলৈ নির্দেশনা প্রদান কৰিছে৷ বিদ্যালয় যদিও বন্ধ দিছে তথাপি ক্লাছসমূহ অনলাইন চলাই নিবলৈ পৰামর্শ দিছে৷ দেশৰ ৰাজধানীত প্রদূষণে চৰম সীমাত উপনীত হৈছে৷ এনে সময়খিনিত আমি কিমান সজাগ আৰু সচেতন হোৱা প্রয়োজন বুলি সকলোৱে অনুভৱ কৰা উচিত৷