নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রাক্তন বিশ্ব চেম্পিয়ন মেৰী কমৰ বিতর্কিত মন্তব্য

ছবাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমৰ শেহতীয়া এলানি চর্চাক লৈ উত্তাল হৈ পৰিছে ক্রীড়া বিশ্ব৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ এটা অনুষ্ঠানত প্রাক্তন বিশ্ব চেম্পিয়ন মেৰী কমে প্রাক্তন স্বামীৰ বিৰুদ্ধে অনা এলানি অভিযোগক লৈ ক্ষুব্ধ হৈ পৰিছে ক্রীড়াপ্রেমী৷

২০ বছৰীয়া বৈবাহিক জীৱনত আউল লগাৰ বাবেই দুবছৰ পূর্বে বিবাহ বিচ্ছেদ হোৱা মেৰী কম আৰু কাৰুং অনলাৰৰ কাহিনীয়ে এতিয়া প্রাক্তন বিশ্ব চেম্পিয়নগৰাকীৰ সকলো কীর্তি যেন মাটিৰ লগত মিহলি কৰি দিছে৷

২০১৪ চনত মেৰী কমৰ বায়’পিক ‘মেগনিফিচেণ্ট মেৰী’ মুক্তি পোৱাৰ পিছত ঘৰে ঘৰে চর্চা হৈছিল মণিপুৰৰ পিছপৰা অঞ্চলৰ পৰা বিশ্ব দপদপাই থকা খেলুৱৈগৰাকীৰ কথা৷ সেই বায়’পিকত মেৰী কমৰ ক্রীড়া ক্ষেত্রৰ সফলতাৰ আঁৰত স্বামী অনলাৰৰ সহায়ৰ কথা সুন্দৰভাৱে প্রতিফলিত কৰা হৈছে৷

২০০০ চনত দিল্লী বিশ্ববিদ্যালয়ত প্রথমবাৰৰ বাবে প্রাক্তন স্বামী অনলাৰক লগ পাইছিল মেৰী কমে৷ সেই সময়ত নিজৰ কেৰিয়াৰৰ বাবে সংঘর্ষ কৰি আছিল মণিপুৰী খেলুৱৈগৰাকীয়ে৷ ইয়াৰ পিছৰে পৰাই দুয়োগৰাকীৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পায় আৰু ২০০৫ চনত অনলাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মেৰী কম আৰু অনলাৰ৷

প্রাক্তন স্বামী অনলাৰে প্রতিশ্রুতিসম্পন্ন খেলুৱৈ মেৰী কমক আগবঢ়াই নিয়াৰ বাবেই নিজৰ উচ্ছাকাংক্ষী কেৰিয়াৰ সামৰি পৰিয়ালৰ চোৱাচিতাৰ বাবে লাগি পৰিছিল৷ অনলাৰৰ এটাই লক্ষ্য আছিল যাতে পত্নী মেৰী কমে সম্পূর্ণভাৱে বক্সিঙত মনোনিৱেশ কৰিব পাৰে৷ সেই সময়ছোৱা আছিল মেৰী কমৰ আটাইতকৈ নির্ণায়ক মুহূর্ত৷ কিয়নো মেৰী কমৰ সমুখত আছিল ৱর্ল্ড চেম্পিয়নশ্বিপ, অলিম্পিক আৰু বহু আন্তঃৰাষ্ট্রীয় প্রতিযোগিতা৷

২০০৭ চনত তেওঁলোকৰ পৰিয়াললৈ আহিল যমজ সন্তান৷ ২০১৩ চনত পুনৰ আন এটি পুত্র সন্তানৰ জন্ম হয়৷ ২০১৮ত এগৰাকী কন্যাক দত্তক হিচাপে গ্রহণ কৰে মেৰী কম আৰু অনলাৰে৷ ২০১৭ চনৰ পৰা মেৰী কম আৰু অনলাৰৰ সংসাৰত বাক–বিতণ্ডাৰ আৰম্ভ হয়৷ অনলাৰে মেৰী কমক আন ব্যক্তিৰে পৰকীয়া প্রেমৰ সন্দেহ কৰাত ২০ বছৰীয়া বৈবাহিক জীৱনৰ যতি পৰাৰ দিশে অগ্রসৰ হয়৷

মেৰী কম বক্সিং একাডেমীতে কর্মৰত আন কাৰোবাৰ সৈতে সম্পর্ক ৰক্ষা কৰা বুলি উত্থাপিত অভিযোগৰ পিছত ২০২৩ চনত দুয়োৰে মাজত বিবাহ বিচ্ছেদ হয়৷ সম্প্রতি এগৰাকী ব্যৱসায়ীৰ সৈতে সম্পর্ক থকা মেৰী কমে কেইদিনমান পূর্বে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ এক অনুষ্ঠানত অনলাৰৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন কৰে৷

তেওঁ আনকি বিগত সময়ত উপার্জন কৰা ধন গোপনে আত্মসাৎ কৰা বুলি অনলাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে৷ ইয়াৰ পিছতে নেটিজনে প্রাক্তন বিশ্ব চেম্পিয়ন মেৰী কমৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গৈছে৷ বহুতে আনকি গৃহ কন্দলক ৰাজহুৱা মঞ্চত ফাদিল কৰাক লৈ প্রাক্তন বিশ্ব চেম্পিয়নগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে৷

মেৰী কমৰ মন্তব্যত প্রাক্তন স্বামী অনলাৰেও প্রতিক্রিয়া প্রকাশ কৰি তেওঁৰ এনে মন্তব্যই যথেষ্ট আঘাত দিয়া বুলি সদৰী কৰিছে৷ প্রেম আৰু পৰিয়ালৰ প্রতি থকা দায়িত্বৰ বাবেই জীৱনৰ সকলো সপোন সামৰি মেৰী কমৰ কেৰিয়াৰৰ বাবেই উছর্গা কৰা অনলাৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ অনুষ্ঠানত কৰা মন্তব্য লজ্জাজনক বুলি কয়৷

ডিজিটেল ডেস্ক, ১৭ জানুৱাৰী

You might also like