নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষমতাৰ বল

ভেনিজুৱেলাৰ ৰাষ্ট্রপতি নিকোলাছ মাদুৰোক আমেৰিকাই আটক কৰাৰ পিছত এইবাৰ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰে যে পশ্চিম গোলার্ধৰ প্রধান শক্তি হ’ব লাগিব আমেৰিকা৷ ট্ৰাম্পৰ শীর্ষ উপদেষ্টা ষ্টিফেন মিলাৰে শেহতীয়াকৈ কয়– ‘বিশ্ব এতিয়া শক্তিৰ দ্বাৰা শাসিত, প্রভাৱৰ দ্বাৰা শাসিত, ক্ষমতাৰ দ্বাৰা শাসিত৷’ এই চিন্তাধাৰাৰ পৰা এটা কথাই অনুমান কৰিব পাৰি যে আমেৰিকাই ক্ষমতাৰ বলেৰে সৰু–বৰ সকলো দেশকে সামৰিক, অর্থনৈতিক, ৰাজনৈতিকভাৱে প্রভাৱ পেলাবলৈ চেষ্টা কৰিছে৷ কেৱল আমেৰিকাই নহয়, চীন–ৰাছিয়াৰ দৰে দেশেও নিজৰ চুবুৰীয়া দেশবোৰৰ লগতে দূৰৈৰ দেশসমূহতো চকু দিয়া আৰম্ভ কৰিছে৷ চীনৰ প্রভাৱ এতিয়া বিশ্বজুৰি দেখা যায়৷ দক্ষিণ প্রশান্ত মহাসাগৰীয় অঞ্চলৰ পৰা দক্ষিণ আৰু মধ্য এছিয়ালৈকে, লেটিন আমেৰিকালৈও চীনৰ প্রভাৱ আছে৷ চীনে উৎপাদনশীলতাক ব্যৱহাৰ কৰি বিশ্বত আধিপত্য স্থাপন কৰিবলৈ চেষ্টা কৰি আছে৷ এটা কথা মনত ৰাখিব লাগিব যে বিশ্বৰ মুঠ নির্মিত সামগ্রীৰ প্রায় এক তৃতীয়াংশ চীনত নির্মিত৷ আমাৰ পকেটত থকা ম’বাইলৰ পৰা ঘৰৰ ভিতৰলৈকে চীনা সামগ্রীয়ে আৱৰি থাকে৷ চীনে নিজৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ বিশ্বৰ সর্বাধিক অংশত খনিজ পদার্থ সংগ্রহ নিশ্চিত কৰাৰ বাবে আগভাগ লৈছে৷ কাৰণ খনিজ পদার্থসমূহত স্মার্টফোন, ইলেকট্র’নিক গাড়ী, বতাহৰ টার্বাইন, সামৰিক অস্ত্র আদি প্রযুক্তিগত সামগ্রী নির্মাণৰ বাবে অতি প্রয়োজন৷ যোৱা বছৰ চীন–আমেৰিকাৰ বাণিজ্য যুদ্ধৰ সময়ত ৰপ্তানিত বাধা আৰোপ কৰিছিল, যাৰ বাবে হয়তো এতিয়া আমেৰিকাই গ্রীনলেণ্ডত চকু দিছে৷ এই দুয়োখন দেশেই সম্পদ ৰক্ষাৰ প্রতিযোগিতাত যে লিপ্ত হৈছে, এই কথা অনুমান কৰিব পাৰি৷ ইতিমধ্যে চীন বাণিজ্য, প্রযুক্তি আৰু বিনিয়োগৰ ক্ষেত্রত বহুখিনি আগুৱাই গৈছে৷ ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে এবাৰ কৈছিল– ‘ৰাছিয়াৰ কোনো সীমা নাই৷’ সেয়ে হয়তো ২০২২ চনত ইউক্রেইনত পূর্ণাংগ আক্রমণ চলায়৷

২০০৮ বর্ষত জর্জিয়াত আক্রমণ কৰে৷ এই আক্রমণৰ ফলত ৰাছিয়াই জর্জিয়াৰ প্রায় ২০ শতাংশ ভূখণ্ডৰ ওপৰত নিয়ন্ত্রণ কৰে৷ ৰাছিয়াই ২০০৮ চনত জর্জিয়া আৰু ২০১৪ চনত ইউক্রেইন আক্রমণ কৰাৰ পিছতো পশ্চিমীয়া বিশ্বৰ পৰা বিশেষ প্রতিক্রিয়া নাপালে, যাৰ বাবে পুটিনৰ আত্মবিশ্বাস বৃদ্ধি পাইছিল৷ পূর্বৰ ছোভিয়েট গণৰাজ্যসমূহৰ এতিয়াও বহুকেইখন ৰাছিয়াৰ সৈতে ঘনিষ্ঠ৷ তাৰ ভিতৰত হ’ল– বেলাৰুছ, তাজিকিস্তান, কির্গিস্তান, কাজাখাস্তান আৰু আর্মেনিয়া৷ মুঠতে শক্তিৰ বলেৰে সকলোৱে নিজক আৰু অধিক শক্তিশালী কৰাৰ স্বার্থত বাণিজ্যিক নতুবা সামৰিক যুদ্ধ চলাই গৈছে৷ ইৰানতো এতিয়া চৰকাৰবিৰোধী প্রতিবাদে ৰাজপথ কঁপাইছে৷ দেশজুৰি প্রতিখন চহৰৰ লোক ৰাজপথলৈ ওলাই আহিছে৷ এই আন্দোলনৰ কাৰণ অর্থনৈতিক সংকট৷ ডলাৰৰ বিপৰীতে ইৰানৰ মুদ্রা ৰিয়েলৰ দ্রুত অৱনতি হৈছে৷ দীর্ঘকালৰ বাণিজ্যিক নিষেধাজ্ঞাৰ ফলত জনসাধাৰণৰ ওপৰত প্রভাৱ পৰিছিল৷ যাৰ বাবে সাধাৰণ জনতাৰ ক্ষোভ আছিল৷ এই ক্ষোভৰ বহিঃপ্রকাশ ঘটিছে ইৰানত৷ বহু ঠাইত প্রতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘর্ষৰ সৃষ্টি হৈছে, এই সংঘর্ষত বহুলোকৰ মৃত্যু হৈছে ৷ প্রায় ২১তকৈ অধিক হাজাৰ লোকক গ্রেপ্তাৰ কৰা হৈছে৷ ইৰান চৰকাৰে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে৷ ইৰানৰ প্রতিবাদ ইমানেহ ভয়ংকৰ যে ৰাজপথত গুলীৰ শব্দ ৷ ৰাজপথে যেন মৃত্যুৰ দুৱাৰখনহে খুলি দিছে৷ ইৰানৰ এই আভ্যন্তৰীণ অশান্তিৰ বাবে চৰকাৰে মূলতঃ বিদেশী শত্রুক জগৰীয়া কৰিছে৷ এই ‘বিদেশী শত্রু’ বুলি ইজৰাইল আৰু আমেৰিকাকেই লক্ষ্য কৰি কৈছে৷ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পে ইৰান চৰকাৰক হুংকাৰ দিয়ে যে প্রয়োজন হ’লে ইৰানৰ প্রতিবাদকাৰীসকলক সহায় কৰা বাবে আমেৰিকাই সামৰিক শক্তি ব্যৱহাৰ কৰিব৷ আমেৰিকাই ইৰানক আক্রমণ কৰাৰ খবৰ প্রতিপলে আহি আছিল যদিও আমেৰিকাই বর্তমানলৈ ইৰানক আক্রমণ কৰা নাই৷ দেশখনত বর্তমান আভ্যন্তৰীণ সংকটৰ লগতে অন্য ৰাষ্ট্রৰ চাপো যথেষ্ট আছে৷ মুঠতে সময়ৰ লগে লগে ইৰানৰ জনসাধাৰণে জীৱন ধাৰণৰ মান, সামগ্রীৰ বর্ধিত দাম বৃদ্ধি, অধিক ৰাজনৈতিক স্বাধীনতা বিচাৰি প্রতিবাদত নামিছে৷ আনফালে শক্তিশালী দেশসমূহে নিজৰ শক্তি প্রয়োগ কৰি প্রভাৱ বিস্তাৰ কৰিছে৷ ক্ষমতাকেন্দ্রিক যুঁজবোৰৰ বাবে বহু দেশত অশান্তময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই পৰিস্থিতিয়ে বিশ্বক ক’লৈ নিয়ে ই হ’ব লক্ষণীয়৷

You might also like