ডিজিটেল ডেস্ক, ২২ জানুৱাৰী : জম্মু-কাশ্মীৰৰ ডোডা জিলাত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। সেনাৰ এখন গাড়ী আজি নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ২০০ ফুট গভীৰ খাদত পৰি যায়। ঘটনাস্থলীতে ১০ জন জোৱানৰ মৃত্যু হয় আৰু আন সাতজন গুৰুতৰভাৱে আহত হয়।
ডোডা জিলাৰ ভাদেৰৱাহ অঞ্চলত ভাৰতীয় সেনাৰ এখন গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ২০০ ফুট গভীৰ খাদত পৰে। সেনা সূত্ৰই জানিবলৈ দিছে যে উক্ত গাড়ীত মুঠ ১৭ জন সেনা কৰ্মী আছিল। ভাদেৰৱাহ–চাম্বা পথৰ খান্নি টপ এলেকাত এই দুৰ্ঘটনা সংঘটিত হয়। বিপদসংকুল পাহাৰীয়া পথত চলি থকাৰ সময়তে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই খাদত পৰে।
খবৰ পোৱাৰ লগে লগে সেনা আৰু আৰক্ষীৰ যৌথ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। বৰ্তমানলৈকে ১০জন জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। গাড়ীত থকা আন সাতজনৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে। ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আহত জোৱানসকলক বিমানযোগে উধমপুৰস্থিত সেনা চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
ঘটনাৰ পিছতে এক বিবৃতি প্ৰকাশ কৰে। উক্ত বিবৃতিত কোৱা হয় যে উক্ত জোৱানসকলে এটা অভিযানত অংশ ল’বলৈ গৈ আছিল। দুৰ্বল বতৰৰ মাজে মাজে বিপদসংকুল পাহাৰীয়া পথত চলাৰ সময়তে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গভীৰ খাদত পৰে। হতাহত সম্পৰ্কে সেনাৰ ফালৰ পৰা এই মুহূৰ্তলৈকে নিশ্চিত সংখ্যা প্ৰকাশ কৰা হোৱা নাই।