নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপত ভাৰতৰে মেচ বর্জনত হতাশ পাক অধিনায়ক

ইতিমধ্যে আইচিচিয়ে পাকিস্তানক শাস্তি দিয়াৰ ইংগিত দিছে৷ সূত্র অনুসৰি, এইবাৰ ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ মেচ বর্জনৰ বিষয়ক লৈ জৰুৰী বৈঠক আহ্বান কৰিছে৷

টি–২০ বিশ্বকাপ আৰম্ভ হোৱাৰ পূর্বে এই বৈঠকখন অনুষ্ঠিত হ’ব৷ ভাৰতৰ বিৰুদ্ধে খেল বর্জন কৰাৰ বাবে পাকিস্তানক কি শাস্তি দিয়া হ’ব সেয়াও উক্ত বৈঠকতে সিদ্ধান্ত লোৱা হ’ব৷

আনহাতে, পাকিস্তানৰ অধিনায়ক ছলমান আলী আঘাই চৰকাৰৰ নির্দেশ অনুসৰি ভাৰতৰ বিৰুদ্ধে খেলখন বর্জন কৰিব বুলি স্পষ্ট কৰি দিয়ে৷ পাক অধিনায়কগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰে যে বিশ্বকাপৰ খেল সন্দর্ভত তেওঁলোকৰ হাতত একো নাই৷

অষ্ট্রেলিয়াৰ বিৰুদ্ধে দেওবাৰে খেলা অন্তিমখন টি–২০ মেচৰ অন্তত সংবাদ মেল সম্বোধন কৰি ছলমানে কয়– ‘আমি নিশ্চিতভাৱে বিশ্বকাপত খেলিবলৈ যাম, কিন্তু সেয়া আমাৰ সিদ্ধান্ত নহয়৷ জানি থওক আমাৰ হাতত একো নাই৷ আমাৰ চৰকাৰ বা অধ্যক্ষই যি নির্দেশ দিয়ে সেয়া আমি মানি চলিব লাগিব৷ তেওঁলোকে যি কয় আমি তাকেই কৰিম৷’

পাক অধিনায়কগৰাকীৰ মন্তব্যই স্পষ্ট কৰি দিয়ে যে পাকিস্তান ব’র্ডে প্রকৃততে ক্রিকেটাৰসকলৰ স্বার্থ বা ইচ্ছাৰ প্রতি গুৰুত্ব দিয়া নাই৷ টি–২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে মেচখন পাক চৰকাৰে বর্জন কৰাৰ সিদ্ধান্ত লোৱাত একপ্রকাৰ হতাশ হৈ পৰিছে পাক অধিনায়কগৰাকী৷

ডিজিটেল ডেস্ক, ৩ ফেব্রুৱাৰী

You might also like