T20 WC 2026 : নামিবিয়াৰ বিৰুদ্ধে সাত উইকেটত জয় লাভ নেদাৰলেণ্ডৰ
নামিবিয়াৰ বিৰুদ্ধে মঙ্গলবাৰে দিল্লীত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ খেলত নেদাৰলেণ্ডছে সাত উইকেটত জয় লাভ কৰিছে। ১৫৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি নেদাৰলেণ্ডছে ১৮ অভাৰত ১৫৯/৩ ৰান কৰি বিজয় সাব্যস্ত কৰে।
নেদাৰলেণ্ডৰ বাচ ডে লিডে ৪৮ বলত অপৰাজিত ৭২ ৰান কৰে, য’ত তেওঁ পাঁচটা চাৰি আৰু চাৰিটা ছিক্স মাৰে। লগতে দলৰ অধিনায়ক স্কট এডৱাৰ্ডছ ১৮ ৰান কৰি অপৰাজিত থাকে। খেলৰ আৰম্ভণিত অপেনাৰ মেক্স অডৱাৰ্ড তৃতীয় অভাৰত আউট হয়, য’ত তেওঁক শ্বল্টজে উইকেটটো লয় আৰু নামিবিয়াই অপেনিং পাৰ্টনাৰশ্বিপ ভাঙে।
পূৰ্বে নামিবিয়াই নেদাৰলেণ্ডৰ বিৰুদ্ধে ২০ অভাৰত ১৫৬/৮ ৰান কৰে। দলীয় বেটিঙত কেৱল জন ফ্ৰিলিংক (২৬ বলত ৩০) আৰু জন নিক’ল লফটি-ইটন (৩৮ বলত ৪২)-এ ভাল বেটিং কৰে।
উল্লেখ্য যে নেদাৰলেণ্ডে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় আৰু নামিবিয়াক পৰাস্ত কৰে।
ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী