নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ ছুপাৰ এইটৰ মেচত আজি টীম ইণ্ডিয়াৰ সন্মুখত দক্ষিণ আফ্রিকা

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : ৰানার্ছআপ দক্ষিণ আফ্রিকাৰ বিপক্ষে খেলি চলিত টি–২০ বিশ্বকাপৰ ছুপাৰ এইটত অভিযান আৰম্ভ কৰিব ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াই৷ আজি আহমেদাবাদত ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ ছুপাৰ এইটৰ মেচখন অনুষ্ঠিত হ’ব৷ এই গুৰুত্বপূর্ণ মেচখনৰ পূর্বে দীঘলীয়া অনুশীলনত ভাগ লয় সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ দক্ষিণ আফ্রিকাৰ শক্তিশালী বলিং আক্রমণক প্রতিহত কৰাৰ বাবে বিশেষ ৰণনীতি প্রস্তুত কৰিছে ভাৰতীয় দলটোৱে৷

অৱশ্যে আজিৰ এই মেচখনৰ পূর্বে বিস্ফোৰক অপেনাৰ অভিষেক শর্মাৰ দুর্বল ফর্মে ভাৰতীয় দলটোক কিছু পৰিমাণে চিন্তিত কৰি ৰাখিছে৷ কালি আয়োজিত এখন সংবাদমেলত অভিষেকক লৈ ইটোৰ পিছত সিটো প্রশ্ণ কৰা হৈছিল যদিও ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱে কয় যে তেওঁলোকে অভিষেক শর্মাক লৈ চিন্তিত নহয়৷ টি–২০ বিশ্বকাপত শূন্যৰ হেটট্রিক অর্জন কৰাৰ পিছতো দলীয় মেনেজমেণ্টে অভিষেকৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱা নাই৷ বর্তমান সময়ত অভিষেকে দুর্বল প্রদর্শন আগবঢ়াই আছে যদিও তেওঁ ৰান পাবলৈ বেছি সময় নালাগে৷ ক্রিজত অধিক সময় টিকিলেই অভিষেকে নিজৰ ছন্দ ওভতাই পাব বুলি উল্লেখ কৰি অধিনায়ক সূর্যকুমাৰ যাদৱে লগতে কয় যে বিগত দুখন মেচত দেখা গৈছে যে সোঁহতীয়া অফস্পিনাৰৰ সন্মুখত অভিষেকে সমস্যাৰ সন্মুখীন হৈছে৷ অভিষেকৰ ফ্রেনছাইজী ক্রিকেট আৰু আন্তঃৰাষ্ট্রীয় ক্রিকেট খেলাৰ দীর্ঘ অভিজ্ঞতা আছে৷ গতিকে আমি তেওঁক লৈ বিশেষ চিন্তা কৰা নাই৷

ইফালে, আজিৰ মেচখনত মূল একাদশলৈ ঘূৰি আহিব কুলদ্বীপ যাদৱ আৰু অক্ষৰ পেটেল৷ ফলত অর্শদীপ সিং আৰু ৱাশ্বিংটন সুন্দৰে মূল একাদশৰ পৰা বাহিৰ হ’ব৷ ইপিনে, চলিত বিশ্বকাপত তিলক বার্মাৰ বেটিং প্রদর্শনক লৈও প্রশ্ণ উত্থাপন হৈছে যদিও ভাৰতীয় দলটোৰ অধিনায়কগৰাকীয়ে কয় যে তিলকে দলৰ কথা ভাবি লেহেমীয়া গতিত বেটিং কৰি আহিছে৷ কম সময়ৰ ভিতৰত দুটাকৈ উইকেটৰ পতন ঘটাৰ পিছত ক্রিজত বর্তি থকাৰ বাবেই তিলকে লেহেমীয়া গতিত বেটিং কৰিছে৷ গতিকে তেওঁৰ প্রদর্শনক লৈ আমি বিশেষ চিন্তা কৰা নাই৷ আজিৰ খেলৰ সময় নিশা : ৭ বজা৷

You might also like