নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষিখণ্ডত অভূতপূর্ব পৰিৱর্তন সাধিব কৃত্রিম বুদ্ধিমত্তাই

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্রত দ্রুতগতিত অগ্রসৰ হৈছে ভাৰত৷ ষ্টেণ্ডফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গ্ল’বেল এআই ভাইব্রেণ্ট টুল ২০২৫ প্রতিযোগিতাত ভাৰতৰ স্থান তৃতীয়৷ ২০১৭ৰ পৰা ২০২৪ৰ সময়ছোৱাত গৱেষণা, উদ্ভাৱন, দক্ষ কর্মশক্তি, বিনিয়োগ আৰু আন্তঃগাঁথনি বিকাশৰ ওপৰত ভিত্তি কৰি এই মূল্যায়ন কৰা হৈছে৷ কৃষিক্ষেত্রতো কৃত্রিম বুদ্ধিমত্তাই নতুন সম্ভাৱনাৰ সূচনা কৰিছে৷ ছেটেলাইট ছবি, ছেন্সৰ, ড্রোন, বতৰ বিজ্ঞান কেন্দ্র আৰু কৃষিযন্ত্রৰ তথ্যৰ বিশ্লেষণে সিদ্ধান্ত গ্রহণত সহায় কৰিছে৷ ইয়াৰ ফলত উৎপাদনশীলতা, স্থায়িত্ব আৰু ক্ষতি শংকা নিয়ন্ত্রণৰ প্রভাৱ স্পষ্ট হৈ পৰিছে৷

কৃষিখণ্ডত বিশেষকৈ ভূমি স্বাস্থ্য পৰীক্ষাত কৃত্রিম বুদ্ধিমত্তাৰ প্রভাৱ অপৰিসীম৷ উপগ্রহীয় ছবি আৰু ড্রোনৰ সহায়ত ভূমিৰ গুণাগুণ বিশ্লেষণ কৰাটো সম্ভৱ হৈ পৰিছে৷ ইয়াৰ ফলত পৰীক্ষাগাৰ নির্ভৰশীলতা হ্রাস পাইছে৷ সময় মতে ব্যৱস্থা গ্রহণ কৰাটো এতিয়া এআইৰ বাবে সম্ভৱ হৈ পৰিছে৷ তদুপৰি বৰষুণ, তাপমাত্রা আৰু প্রতিকূল বতৰ সম্পর্কীয় বিশ্লেষণৰ ভিত্তিত শস্য ৰোপণ, জলসিঞ্চন আৰু সাৰ প্রয়োগৰ পৰামর্শ আগবঢ়োৱা হৈছে৷

কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে বীজাণু আৰু ৰোগসমূহ আগতীয়াকৈ চিনাক্তকৰণ কৰাটো সম্ভৱ হৈ পৰাত কৃষকৰ ক্ষয়–ক্ষতিৰ আশংকাও হ্রাস পাবলৈ ধৰিছে৷ ড্রোন আৰু ছেন্সৰৰ তথ্য বিশ্লেষণৰ জৰিয়তে শস্য পথাৰত অপতৃণ নিয়ন্ত্রণ, ৰোগ চিনাক্তকৰণ আৰু শস্য সংগ্রহৰ সঠিকতা বৃদ্ধি পাইছে৷ ইয়াৰ ফলত শ্রমৰ ওপৰত নির্ভৰশীলতা হ্রাস পাবলৈ ধৰিছে৷ শস্য উৎপাদন বৃদ্ধিৰ সময় আৰু বজাৰ নির্ধাৰণ কৰাত কৃত্রিম বুদ্ধিমত্তাই কৰা সহায়ৰ ফলত দেশৰ ১৮ লক্ষাধিক কৃষক উপকৃত হৈছে৷ ভাৰত চৰকাৰে ডিজিটেল কৃষি অভিযান আৰম্ভ কৰি কৃষকসকলক বিভিন্ন তথ্য যোগান ধৰি আহিছে৷

২০২৫–২৬ বর্ষত এই অভিযানৰ বাবে ৫৪৯৭২ কোটি টকা ধার্য কৰিছে৷ একে সময়তে ভূমিৰ জৰীপৰ জৰিয়তে ১১ কোটি কৃষকক এগ্রিষ্টেকৰ অধীনত কৃষক পৰিচয়–পত্র প্রদানৰ লক্ষ্য লোৱা হৈছে৷ ২০২৫ৰ ২৭ নৱেম্বৰলৈকে ৭.৬৩ কোটি পৰিচয়–পত্র জাৰি কৰা হৈছে৷ প্রধানমন্ত্রী ফচল বীমা যোজনাৰ দাবী নিষ্পত্তিতো কৃত্রিম বুদ্ধিমত্তাৰ সহায় লোৱা হৈছে৷ ২০২৪–২৫ বর্ষলৈকে এই আঁচনিৰ ৭৮.৫১ কোটি আবেদনকাৰীৰ নাম অন্তর্ভুক্ত কৰা হৈছে৷ কৃষকসকলে ৩৫ হাজাৰ ৯১৯ কোটি টকাৰ প্রিমিয়াম প্রদান কৰিছে৷

ইফালে, ক্ষয়–ক্ষতিৰ ছবি তাৎক্ষণিকভাৱে আপলোড কৰি ক্ষতিগ্রস্ত কৃষকক এতিয়ালৈকে ১,৯০,৩৭৪ কোটি টকাৰ বীমাৰ দাবী নিষ্পত্তি প্রদান কৰা হৈছে৷ ভাৰতীয় কৃষিখণ্ডত ক্ষুদ্র আৰু উপান্ত কৃষকসকলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি এআইৰ দায়বদ্ধতা আৰু প্রসাৰযোগ্য প্রয়োগৰ বাবে নীতি নির্ধাৰণ কৰা হৈছে৷ কৃত্রিম বুদ্ধিমত্তাই কৃষিকার্যত তথ্যভিত্তিক সিদ্ধান্ত গ্রহণত সহায় কৰিব পাৰে৷ ইয়াৰ জৰিয়তে উৎপাদনশীলতা বৃদ্ধি, জলবায়ু সুস্থিৰতা, সম্পদৰ ব্যৱহাৰ আৰু বজাৰত প্রৱেশাধিকাৰ বৃদ্ধি কৰিব৷ শেহতীয়াভাৱে ভাৰতত অনুষ্ঠিত এআই ইমপেক্ট ছামিটে দেশৰ কৃষিখণ্ডলৈ আশাৰ সঞ্চাৰ কৰিছে৷

You might also like