নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপাৰ এইটৰ অন্তিম মেচত জিকিও বিশ্বকাপৰ পৰা বাহিৰ পাকিস্তান

ডিজিটেল ডেস্ক, ১ মাৰ্চ : চলিত টি–২০ বিশ্বকাপৰ ছেমিত প্রৱেশৰ স্বপ্ন ধূলিসাৎ হ’ল পাকিস্তানৰ৷ কালি অনুষ্ঠিত ছুপাৰ এইটৰ গুৰুত্বপূর্ণ মেচখনত পাকিস্তানে শ্রীলংকাক ৫ উইকেটত পৰাস্ত কৰে যদিও ছেমিফাইনেলত প্রৱেশৰ পৰা বঞ্চিত হয়৷ পাকিস্তানক ছেমিফাইনেলত প্রৱেশ কৰাৰ বাবে শ্রীলংকাক অতি কমেও ৬৪ ৰানত পৰাস্ত কৰাটো প্রয়োজন আছিল যদিও সেয়া সম্ভৱ নহ’ল৷ ফলত পাকিস্তানে ছুপাৰ এইটৰ পৰা বিদায় লোৱাৰ বিপৰীতে নিউজিলেণ্ডে ছেমিফাইনেলত স্থান সুৰক্ষিত কৰে৷

ছুপাৰ এইটত পাকিস্তান আৰু নিউজিলেণ্ডে ৩ পইণ্টকৈ লাভ কৰে যদিও ৰান ৰেটৰ ভিত্তিত নিউজিলেণ্ডে ছেমিত প্রৱেশ কৰে৷ কালিৰ মেচখনত পাকিস্তানে জয়ৰ বাবে বান্ধি দিয়া ২১৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও অধিনায়ক ডাছুন ছানাকাৰ ৩১ বলত অপৰাজিত ৭৬, পৱন ৰত্নায়েকৰ ৫৮, কামিল মিছাৰাৰ ২৬ আৰু চৰিথ আছালাংকাৰ ২৫ ৰানৰ সহায়ত শ্রীলংকাই ৬ উইকেটত ২০৭ ৰান কৰে৷ পাকিস্তানৰ হৈ আব্রাৰ আহমেদে সর্বাধিক তিনিটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ ছাহিদজাদা ফাৰহানৰ ১০০ আৰু ফখৰ জামানৰ ৮৪ ৰানৰ সহায়ত পাকিস্তানে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২১২ ৰান কৰে৷ ফাৰহান আৰু জামানাৰ বাহিৰে বাকীসকল বেটাৰে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ পাকিস্তানে ১২ ৰানত অন্তিম ৬টা উইকেট হেৰুৱায়৷ শ্রীলংকাৰ হৈ দিলছান মদুছানাকাই সর্বাধিক তিনিটা উইকেট লয়৷

You might also like