নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজয় অপৰিহার্য মেচত মুম্বাই ইণ্ডিয়ানছৰ হাতত ৬ উইকেটত পৰাস্ত পঞ্জাব

ডিজিটেল ডেস্ক, ১৫ মে’ : ক্রমাগত পঞ্চম পৰাজয়ৰে চলিত আইপিএলৰ প্লে’অফত প্রৱেশৰ আশা ক্ষীণ হৈ পৰিল পঞ্জাব কিংছৰ৷ প্রতিযোগিতাখনত বৃহস্পতিবাৰে অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত পঞ্জাবে মুম্বাই ইণ্ডিয়ানছৰ হাতত ৬ উইকেটত পৰাস্ত হয়৷

মেচখনত পঞ্জাবে জয়ৰ বাবে বান্ধি দিয়া ২০১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি তিলক বার্মাৰ ৩৩ বলত অপৰাজিত ৭৫, ৰিকেলটনৰ ৪৮, জেকছৰ ১০ বলত অপৰাজিত ২৫ আৰু ৰোহিত শর্মাৰ ২৫ ৰানৰ সহায়ত মুম্বায়ে ১৯.৫ অভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰি প্রভছিমৰন সিঙৰ অর্ধশতক আৰু আজমতুল্লাহ ওমৰজাইৰ ৩৮ ৰানৰ সহায়ত পঞ্জাব কিংছে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ২০০ ৰান সংগ্রহ কৰে৷ প্রভছিমৰনে ৩২টা বলত ৫৭ ৰানৰ অৰিহণা আগবঢ়ায়৷ ইফালে, আজমতুল্লাহৰ ১৭টা বলৰ ইনিংছটোত আছিল দুটা ৪ আৰু চাৰিটা ৬৷ প্রিয়াংশ আর্যই ২২, ক’ন’লীয়ে ২১ ৰান কৰে যদিও অধিনায়ক শ্রেয়াছে ৪ ৰান কৰে৷ শেষৰপিনে বিষ্ণু বিনোদে ৮ বলত অপৰাজিত ১৫ আৰু জেভিয়াৰ বার্টলেটে ৭ বলত অপৰাজিত ১৮ ৰান কৰি দলক সবল স্থিতিত উপনীত কৰায়৷ মুম্বাইৰ হৈ শার্দুল ঠাকুৰে সর্বাধিক চাৰিটা উইকেট লাভ কৰে৷

You might also like