নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শেষ ছবি ‘দিল বেচাৰা’-ৰ বাবে সুশান্তই কিমান টকাৰ পাৰিশ্রমিক লৈছিল জানেনে !

নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ কেৰিয়াৰৰ অন্তিমখন চিনেমা দিল বেচাৰা-ৰ বাবে কিমান পাৰিশ্রমিক লৈছিল সুশান্ত সিং ৰাজপুতে জানেনে! সম্প্রতি প্রকাশ হৈছে সেই ৰিপোর্ট।

জনা গৈছে, দিল বেচাৰাৰ বাবে ৩ কোটি পাৰিশ্রমিক লৈছিল সুশান্ত সিং ৰাজপুতে। বন্ধু মুকেশ ছাবড়াই পৰিচালক হিচাবে দিল বেচাৰাৰ যোগেদিয়ে বলিউডত আত্মপ্ৰকাশ ঘটাইছিল। সেই কাৰণে মাত্র ৩ কোটিৰ পাৰিশ্রমিকতেই অভিনয় কৰিবলৈ মান্তি হৈছিল সুশান্তে।

উল্লেখ্য যে, প্রত্যেক চিনেমাৰ বাবদ ৬ ৰ পৰা ৭ কোটি টকা পাৰিশ্রমিক লয় সুশান্তে। অথচ দিল বেচাৰাৰ বাবে ৩ কোটিতেই ৰাজি হৈছিল তেওঁ। যদিও দিল বেচাৰা মুক্তিৰ পূৰ্বেই আত্মহত্যা কৰিছিল বলিউডৰ এইগৰাকী তৰুণ অভিনেতাই।

 

অধিক পঢ়কঃ 

ব্ৰইলাৰ বেছিকৈ খাই নেকি… কমিব পাৰে ৰোগ প্ৰতিৰোধী ক্ষমতা

You might also like