নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অকালবোধন

শৰতত দেৱী দুর্গাৰ আৰাধনাৰ কথা নাছিল৷ দেৱীক বসন্ততহে আৰাধনা কৰা হৈছিল৷ হিন্দুু শাস্ত্র অনুসৰি, শৰতত দেৱ–দেৱীসকল নিগ্রামগ্ণ হৈ থাকে৷ এই সময়ছোৱা তেওঁলোকৰ পূজাৰ বাবে সঠিক সময় নহয়৷ কিন্তু সময় এনে আছিল যে দেৱী দুর্গাৰ আৰাধনা অৱশ্যম্ভাৱী হৈ পৰিছিল৷ কালিকা পুৰাণৰ মতে, ৰাম আৰু ৰাৱণৰ যুদ্ধৰ সময়ছোৱাত দেৱী দুর্গাক শৰতত পূজা কৰিবলগীয়া হৈছিল৷ ৰামক সহায় কৰাৰ আঁৰতে ব্রহ্মাই দেৱীৰ বোধন আৰু পূজা কৰিছিল৷ কৃত্তিবাস ওজাৰ ৰামায়ণ অনুসৰি স্বয়ং ৰামে দেৱীৰ বোধন আৰু পূজা কৰিছিল৷ দেৱী দুর্গাৰ এই পূজা আছিল অসময়ত অনুষ্ঠিত হোৱা পূজা৷ বসন্তৰ আৰাধ্য দেৱী দুর্গাৰ শৰতত পূজাভাগক কোৱা হয় অকালবোধন৷ পৰিস্থিতি–পৰিৱেশ ঠিক বর্তমান সময়ৰ দৰে৷ ৰাৱণৰ বিনাশ আৰু সীতাৰ উদ্ধাৰ আছিল সেই সময়ৰ দাবী৷ যাৰ বাবে অকালতে দেৱীক আৰাধনা কৰিবলগীয়া হৈছিল৷ আজি ক’ৰোনা ভাইৰাছে পৃথিৱীখনত সৃষ্টি কৰা পৰিস্থিতিয়ে দুর্গা দেৱীৰ দৰে অকালবোধনৰ দৰে কিবা এটা বিচাৰিছে, যাতে মহাসংকটৰ পৰা মানৱ সভ্যতাক উদ্ধাৰ কৰিব পৰা যায়৷ ৰাৱণ ৰূপী ক’ৰোনাক চিৰদিনৰ বাবে এইখন পৃথিৱীৰ পৰা বিদায় দি সীতা ৰূপী মানৱ সভ্যতাক উদ্ধাৰ কৰিবলৈ আজি পৃথিৱীক লাগে অকালবোধন৷ কোনেনো ভাবিছিল, চীনৰ এটা সৰু ভূ–খণ্ডৰ পৰা এবিধ ভাইৰাছে সমগ্র পৃথিৱীখন ছানি ধৰিব৷ কেউফালে মৃত্যুৰ সমদল উলিয়াই মানৱ সভ্যতালৈ ভয়াৱহ বিপর্যয়ৰ সৃষ্টি কৰিব৷ মাহৰ পাছত মাহ ধৰি লকডাউনৰ দৰে ব্যৱস্থাৰ গ্রাসত পৰি সকলো বদ্ধ হৈ পৰিব৷ ৰাজপথ উকা হৈ পৰিব৷ সদাচঞ্চল পৃথিৱীখন স্তব্ধ হৈ পৰিব৷ কিন্তু অপ্রত্যাশিত, অবাঞ্ছিত হ’লেও এই ইতিহাসৰ সাক্ষী হ’বলগীয়া সমগ্র মানৱ জাতি৷ ভেকচিন নতুবা দৰব নোলোৱালৈকে আমি সকলোৱে কেতবোৰ ব্যৱস্থা মানি চলিবই লাগিব৷ ইয়াৰ বিকল্প নাই৷ বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ সুৰক্ষাৰ বাবে ক’ভিড প্রট’কল অতি জৰুৰী৷
শীতৰ প্রাকক্ষণত দুর্গাপূজাৰ সময়ছোৱাত সাৱধানতা অৱলম্বন কৰিলে, এইখন ৰাজ্যৰ জনসাধাৰণৰ বাবে শীতৰ সময়ছোৱা সিমান কঠিন হৈ নপৰিবও পাৰে৷ ইতিমধ্যে অসমত ক’ভিড–১৯ৰ সংক্রমণৰ হাৰ হ্রাস পাইছে৷ এই ধাৰাবাহিকতাক ভেকচিন নোলোৱালৈকে আগুৱাই নিব লাগিব৷ সিদিনাখন প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক আহ্বান জনাই দুই গজ দূৰত্ব বজাই ৰাখিবলৈ আৰু মাস্ক পিন্ধিবলৈ কৈছে৷ যেতিয়ালৈকে ভেকচিন বা দৰবৰ উদ্ভাৱন নহয়, তেতিয়ালৈকে ভাইৰাছবিধৰ পৰা সুৰক্ষিত হৈ থকাৰ ইয়েই একমাত্র পথ৷ প্রধানমন্ত্রী মোদীয়ে শাৰদীয় উৎসৱৰ বতৰৰ পূর্বে এনেয়েই দেশবাসীক ক’ভিড প্রট’কল মানি চলিবলৈ আহ্বান জনোৱা নাই৷ ইয়াৰ আঁৰত দেশবাসীক বিপর্যয়ৰ পৰা সুৰক্ষিত কৰি ৰখা তাগিদা আছে৷ উছৱৰ উলাহৰ মাজত ক’ৰোনাসৃষ্ট পৰিৱেশটো যাতে হাতৰ পৰা ওলাই নাযায়, সেইবাবেই দেশখনৰ মুৰব্বীগৰাকীয়ে জনসাধাৰণলৈ সেই আহ্বান জনাইছে৷ মুঠতে সংকটৰ সময়ছোৱাত দেশবাসীয়ে পূজাৰ আনন্দ–উলাহৰ লগতে সামাজিক দায়িত্বও পালন কৰিব লাগিব৷ ক’ভিড–১৯ৰ বাবে এই বছৰটোত কোনো উৎসৱ, পূজা–পার্বণ আডম্বৰপূর্ণভাৱে হোৱা নাই৷ শাৰদীয় দুর্গাপূজাও এই সংকটকালৰ মাজতে পৰিল৷ ৰাৱণৰ বিনাশৰ বাবে দেৱী দুর্গাৰ অকালবোধনৰ দৰে হঠাতে পৃথিৱীখনত কলীয়া ডাৱৰৰ দৰে ছানি ধৰা ক’ৰোনা বিনাশৰ যুঁজখনতো শীঘ্রেই মানৱ সভ্যতাৰ জয় হওক৷ দেৱী দুর্গাৰ পূজা হওক আমাৰ সকলোৰে এটা সংকল্প লোৱাৰ উছৱ৷ লগতে দুর্গাপূজা হ’ল অসুৰ বিনাশ অর্থাৎ অপ–সংস্কৃতি, অন্যায়–বিচাৰ,ব্যভিচাৰৰ বিৰুদ্ধে এখন সংগ্রাম৷ দেৱী পূজাৰ তেতিয়াহে সার্থকতা আহিব যেতিয়া মানুহে প্রথমে নিজৰ মাজত কঢ়িয়াই ফুৰা এই অপশক্তি তথা কু–প্রবৃত্তিবোৰক বিসর্জন দি সমাজখনকো নিকা কৰিব৷ দুর্গাপূজাৰ আয়োজনে মানুহক ভেদাভেদ পাহৰি এখন বৈষম্যহীন সমাজ গঢ়াৰ কথা কয়৷ ইয়াৰ জৰিয়তে কৃষ্টি–সংস্কৃতি, পৰম্পৰাৰো প্রকাশ ঘটে৷ এইক্ষেত্রত অসমত দুর্গাপূজা অধিক বৈচিত্র্যময়৷ ৰাজ্যখনত যুগ যুগ ধৰি বহু দেৱালয়–থান, মঠ–মন্দিৰত দেৱী দুর্গাৰ ভিন্ন ধৰণৰ আৰাধনা চলি আহিছে৷ সেই আয়োজনত নাই আডম্বৰতা, আধুনিকতাৰ পৰশ৷ তেনে সাধাৰণ পৰিৱেশত গভীৰ আধ্যাত্মিকতাৰে পূজাভাগ আয়োজন হয়৷ তেনে বহু সেৱাৰ থলীত মূর্তি নাথাকে৷ কলগছৰ পুলি, ঘট আদিকে দেৱীৰ ৰূপ দি পূজা কৰা হয়৷ এইবাৰৰ দেৱী দুর্গাৰ আৰাধনাৰ স্বকীয় ৰূপটো উদ্ভাসিত হ’ব৷

You might also like