নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পৰ বিৰুদ্ধে তদন্ত দাবী

আমেৰিকাৰ ৰাজনীতিত দীর্ঘদিনলৈ ড’নাল্ড ট্রাম্প এক বিতর্কিত ব্যক্তি হৈ থকাৰ সম্ভাৱনা প্রবল হৈ পৰিছে৷ দুবাৰকৈ দেশখনৰ ছিনেটত ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগ উত্থাপন হৈছিল যদিও মহাভিযোগত দোষী সাব্যস্ত কৰিব পৰা নগ’ল কট্টৰ ৰিপাব্লিকান নেতাগৰাকীক৷ বিগত ৰাষ্ট্রপতি নির্বাচনত ট্রাম্পৰ পৰাজয়ৰ পিছতো নেতাগৰাকীয়ে পৰাজয় স্বীকাৰ কৰিবলৈ মান্তি হোৱা নাছিল৷ কংগ্রেছ আৰু ছিনেটে আনুষ্ঠানিকভাৱে ডেম’ক্রেটিক নেতা জ’ বাইডেনক ৰাষ্ট্রপতি নির্বাচনত বিজয়ী ঘোষণা কৰাৰ দিনাখনেই ট্রাম্পৰ উচটনিমূলক বক্তব্যৰ দ্বাৰা অনুপ্রাণিত হৈ নেতাগৰাকীৰ সমর্থকসকলে কেপিট’ল হিলত আক্রমণ চলায়৷ আমেৰিকাৰ সংসদ কেপিট’ল হিলত ট্রাম্পৰ সমর্থকে আক্রমণ কৰাৰ লগে লগে দেশখনৰ গণতান্ত্রিক ঐতিহ্যত কলংকৰ দাগ পৰে৷ লক্ষণীয়ভাৱে এই আক্রমণ আৰু সংঘর্ষৰ ঘটনা নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে গুলী চলোৱাৰ ফলত ৫জনকৈ লোকে মৃত্যুক সাবটি ল’বলগীয়া হয়৷ ইফালে, এগৰাকী আৰক্ষী বিষয়ায়ো প্রাণ দিয়ে এই সংঘর্ষৰ ঘটনাত৷ এই অকল্পনীয় ঘটনাৰ পিছতে ৰাষ্ট্রপতি নির্বাচনত ড’নাল্ড ট্রাম্পে পৰাজয় স্বীকাৰ কৰে যদিও ভৱিষ্যতে দেশখনৰ ৰাষ্ট্রপতি নির্বাচনত যাতে ট্রাম্পে পুনৰ প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰে তাৰ বাবেই ডেম’ক্রেটিক সাংসদসকলে মহাভিযোগৰ দাবী উত্থাপন কৰে নেতাগৰাকীৰ বিৰুদ্ধে৷ এই মহাভিযোগৰ জৰিয়তে ট্রাম্পক দোষী সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছিল ডেম’ক্রেটিক পার্টীয়ে৷ আনকি কেইবাগৰাকীও ৰিপাব্লিকান সাংসদে এই মহাভিযোগৰ সপক্ষে ভোটদানৰ সিদ্ধান্ত লৈছিল৷ কংগ্রেছত মহাভিযোগ সফল হ’লেও উচ্চ সদন ছিনেটত ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগ প্রক্রিয়া ব্যর্থ হয়৷ সাতগৰাকী ৰিপাব্লিকান সাংসদে মহাভিযোগৰ সপক্ষে ভোটদান কৰা সত্ত্বেও ১০০ সদস্যবিশিষ্ট ছিনেটত এই প্রক্রিয়াত দুই–তৃতীয়াংশ সাংসদৰ ভোট লাভ কৰাটো সম্ভৱ নহ’ল৷ ৬৭গৰাকী সাংসদে ভোটদান কৰাহেঁতেন মহাভিযোগৰ বিচাৰ প্রক্রিয়াত ট্রাম্প দোষী সাব্যস্ত হ’লহেঁতেন৷ কিন্তু ৫৭গৰাকী সাংসদে সপক্ষে ভোটদান কৰাৰ লগে লগে ট্রাম্প এই প্রক্রিয়াৰ পৰা মুক্ত হয়৷ ফলত নেতাগৰাকীৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত থাকে৷ অর্থাৎ পৰৱর্তী ৰাষ্ট্রপতি নির্বাচনত বিচাৰিলে ট্রাম্পে পুনৰ প্রতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হ’ব৷
ট্রাম্পৰ ৰাজনৈতিক ভৱিষ্যৎ নিষ্কণ্টক হৈছে যদিও ডেম’ক্রেটিক প্রতিনিধি নিয়ন্ত্রিত মার্কিন কংগ্রেছে সহজে নেতাগৰাকীক ৰেহাই দিব বিচৰা নাই৷ সেইবাবে সংসদৰ বাহিৰত এক নিৰপেক্ষ আয়োগ গঠন কৰি ট্রাম্পৰ বিৰুদ্ধে তদন্ত চলোৱাৰ পোষকতা কৰিছে মার্কিন কংগ্রেছৰ নেত্রী নানচি পেল’ছিয়ে৷ নেত্রীগৰাকীয়ে উল্লেখ কৰিছে যে ৬ জানুৱাৰীত কেপিট’ল হিলত সংঘটিত আক্রমণৰ ঘটনাত কোন জড়িত আছিল তাৰ সত্যতা জনাৰ অধিকাৰ আছে দেশবাসীৰ৷ গতিকে নিৰপেক্ষ আয়োগ গঠন কৰি ইয়াৰ তদন্ত চলোৱাৰ সকলো প্রচেষ্টা গ্রহণ কৰিব ডেম’ক্রেটিক পার্টীয়ে৷ এইক্ষেত্রত ৯/১১ৰ সন্ত্রাসবাদী আক্রমণৰ পিছত আমেৰিকাক আঘাত কৰা ঘটনাত জড়িত লোকসকলৰ বিৰুদ্ধে তদন্ত চলাবলৈ যিধৰণৰ আয়োগ গঠন কৰা হৈছিল, অনুৰূপ আয়োগ গঠন কৰাৰ প্রয়োজন আছে বুলি পেল’ছিয়ে দাবী কৰিছে৷ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত সন্ত্রাসবাদীয়ে আমেৰিকাৰ নিউয়র্কস্থিত বিশ্ব বাণিজ্য কেন্দ্র আৰু প্রতিৰক্ষা দপ্তৰত সংঘটিত কৰিছিল ভয়াৱহ আক্রমণ৷ এই আক্রমণত প্রাণ হেৰুৱাইছিল তিনি সহস্রাধিক লোকে৷ আমেৰিকাৰ গর্ব হিচাপে পৰিচিত বিশ্ব বাণিজ্য কেন্দ্র আৰু পেণ্টাগনত সংঘটিত আক্রমণৰ দৰেই কেপিট’ল হিলত সংঘটিত আক্রমণো সমানেই হিংস্র আৰু নৃশংস বুলি অভিহিত কৰিছে ডেম’ক্রেটিক নেত্রীগৰাকীয়ে৷ আমেৰিকাৰ গর্বত আঘাত হনা সন্ত্রাসবাদী আক্রমণৰ দৰে ট্রাম্পে কেপিট’ল হিলত আক্রমণ চলাই সমগ্র দেশবাসীক লজ্জানত কৰিছে বুলি উল্লেখ কৰি পেল’ছিয়ে ট্রাম্পৰ বিৰুদ্ধে অনাগত দিনত অধিক কঠোৰ হোৱাৰ হুংকাৰ দিছে৷ বিদায়ী এগৰাকী ৰাষ্ট্রপতিৰ বিৰুদ্ধে দেশখনৰ ৰাজনীতিত চলি থকা এই তিক্ত পৰিৱেশে প্রমাণ কৰি দিছে যে ট্রাম্প আমেৰিকাৰ সর্বকালৰ বিতর্কিত নেতা৷

You might also like