আমাৰ ঘৰৰ ওপৰেৰে এজাক প্রচণ্ড ধুমুহা পাৰ হৈ গ’ল৷ প্রায় ১০–১২ দিন ইয়াৰ তাণ্ডৱ চলিল৷ কিন্তু প্রচণ্ড মানসিক শক্তি আৰু ভগৱানৰ আশীর্বাদত আমাৰ ঘৰখনলৈ পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিল৷ ‘ৰাখে হৰি মাৰে কোনে’– এই বাক্য সাৰোগত কৰিলোঁ আৰু নিজৰ শৰীৰৰ ওপৰত মানসিক শক্তিৰে ব্যায়াম কৰিলোঁ, গান শুনিলোঁ৷ অৱশেষত ৮ দিন জয়সাগৰ ক’ভিড হাস্পতালত থাকি নিজৰ ঘৰখনলৈ ঘূৰি আহিলোঁ৷
কেইদিনমানৰ পৰা জ্বৰ আৰু কাহত ভুগি থকাৰ কাৰণে শিৱসাগৰ সম্প্রীতি হাস্পতালত থকা ক’ভিড টেষ্ট চেণ্টাৰত যোৱা ১৩ মে’ত পৰীক্ষা কৰি গম পালোঁ যে মোৰ ক’ভিড পজিটিভ৷ তাৰ পিছত লগে লগে স্বামী আৰু মই জয়সাগৰ ক’ভিড হাস্পতালত ক’ভিড টেষ্ট কৰাওঁ, তাতো পজিটিভ পালোঁ, লগে লগে ভর্তি হ’লোঁ৷ প্রথমতে হোম কোৱাৰেণ্টাইন হ’ম বুলি ভাবিছিলোঁ৷ মোৰ অক্সিজেন লেভেল ৯০–৯১ত থকা কাৰণে হাস্পতালত থকাৰ সিদ্ধান্ত লৈ এটা সাধাৰণ ৱার্ডৰ এখন বিছনা ল’লোঁ৷ লাহে লাহে মোৰ কাহটো ভাল হ’ল৷ কিন্তু ১৫–১৬ মে’ত মোৰ অক্সিজেন লেভেলৰ কাৰণে চিকিৎসকে চিন্তা কৰি চিকিৎসালয়ৰ আই চি ইডৰ বিছনা লোৱাৰ কথা কৈছিল, কিন্তু মই নিজে ৰিস্ক ল’লোঁ আৰু সাধাৰণ ৱার্ডৰ বিছনাতে অক্সিজেন মাস্ক লগাই ডিজিটেল মিটাৰ সংলগ্ণ কৰি নিজৰ অক্সিজেন লেভেলটো নিৰীক্ষণ কৰি থাকিলোঁ৷ তাৰ লগে লগে মই শাৰীৰিক ব্যায়াম কৰিলোঁ৷ বিভিন্নজন ব্যক্তি, ৰোগী হিচাপে লগ পোৱা তেওঁলোকেও বহুত মানসিক সাহস দিলে৷ ফোনত স্বামী, ভাইটি, মা আৰু বিশেষকৈ আমাৰ ঘৰৰে মোহন দত্তৰ সু–পৰামর্শ ল’লোঁ আৰু লাহে লাহে অক্সিজেনৰ লেভেলটো ১৭ মে’ৰ পৰা বাঢ়িবলৈ ধৰিলে৷ ১৮ মে’ত অক্সিজেন মাস্ক আঁতৰাই প্রাকৃতিক নিয়মবোৰ মানি চিকিৎসালয়ত অক্সিজেনৰ লেভেল বঢ়ালোঁ৷ ১৯ মে’ত ক’ভিড নিগেটিভ হোৱাৰ ফলাফল ওলাল যদিও মই পুনৰ এদিন থাকি ২০ মে’ত ঘৰলৈ অহাৰ সিদ্ধান্ত ল’লোঁ৷ ১৩ মে’ত এৰি যোৱা মৰমৰ ঘৰখন ২০ মে’ত ১.৩০ বজাত আহি ঘূৰাই পালোঁ৷ নিজকে ধন্য মানিলোঁ৷ কিয়নো প্রচণ্ড মানসিক শক্তি আৰু অপৰিসীম ধৈর্য থাকিলে মানুহ সকলো দিশতে সফল হৈছে৷ সেয়েহে মই কওঁ– মানুহে ধৈর্য হেৰুৱাব নালাগে, মোৰ কেনেকুৱা পৰিস্থিতি হৈছিল, সেয়া মই বুজি পাইছিলোঁ৷ মই চিকিৎসালয়ত থকাৰ দুদিন পিছতে মোৰ পৰিয়ালটোৰ স্বামী আৰু সৰু ছোৱালীগৰাকীৰ ক’ভিড পজিটিভ হয়৷ মোৰ চাৰি বছৰীয়া ল’ৰাটো আৰু ডাঙৰ ছোৱালীগৰাকীৰ ক’ভিড নিগেটিভ, সিহঁত চাৰিওটা একেলগে আছে, কাৰণ ঘৰত ৰন্ধা–বঢ়া কৰিবলৈ আন কোনো নাই৷ স্বামীয়ে সকলো কৰিছে৷ আনহাতে, মোৰ ওচৰলৈ যাবলৈও কোনো ঘৰৰ সদস্য নাই, আমাৰ ঘৰ ‘কণ্টেইনমেণ্ট জ’ন’৷ ওচৰৰ দুই–এজন সচেতন নাগৰিকে বজাৰ–সমাৰ কৰি দিছে৷ ঘৰৰ ডাঙৰ বৌহঁতে মাজে সময়ে খোৱা–বোৱা যোগান ধৰিছে৷ মানে সকলো দিশৰ পৰা ভয়ংকৰ পৰিস্থিতি, তথাপি জীয়াই থাকিব লাগিব৷ মই ১৩ মে’ৰ পৰা ১৯ মে’লৈ থকা এই সময়ছোৱাত মোক চোৱাচিতা কৰা চিকিৎসক বিপুল বৰুৱা আৰু সকলো নার্ছক এই আপাহতে ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ তেওঁলোকেও বহুতো মানসিক সাহস দিলে৷ ভাল চিকিৎসা প্রদান কৰিলে, লগতে ডন্নত মানৰ খাদ্য যোগান ধৰিলে৷ এখন চিকিৎসালয়, বিশেষকৈ চৰকাৰী চিকিৎসালয়ত বিভিন্ন অসুবিধা থাকেই, তথাপি মই লক্ষ্য কৰিলোঁ– কর্মচাৰীসকলৰ অক্সিজেন চিলিণ্ডাৰ যোগান ধৰা, বিদ্যুতৰ ব’ডবোৰ ভাল কৰা, ৰোগীয়ে মতাৰ লগে লগেই ভাল সেৱা কৰা– এইবোৰ দেখি ভাল লাগিল৷ সেয়েহে মই সকলোকে পৰামর্শ দিওঁ যে হোম কোৱাৰেণ্টাইনত নাথাকি পাৰিলে চিকিৎসালয়ত চিকিৎসকৰ কাষত থাকি নিজৰ মনটো ঠিক ৰাখি চিকিৎসা কৰিলে ৰোগী সুস্থ হ’বই৷