নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসী হ’ল পেট্র’লঃ মহানগৰীত চেঞ্চুৰী কোবালে পেট্র’লৰ মূল্যই

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: ইন্ধনৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সর্বসাধাৰণ লোকক৷ প্রতিদিনে বাঢ়িছে পেট্র’ল–ডিজেলৰ দাম৷ দেশৰ বহু ৰাজ্যত ইতিমধ্যে পেট্র’লৰ দামে শতকৰ ক্লাবত প্রৱেশ কৰিছে৷ অসমতো সাধাৰণ পেট্র’লৰ মূল্যই শতকৰ ঘৰ অতিক্রম কৰাৰ পাছত শনিবাৰে গুৱাহাটী মহানগৰীতো চেঞ্চুৰী কোবালে পেট্র’লে।

লগতে পঢ়কঃ পূজাৰ প্রাক্ক্ষণত DGP ৰ বিস্ফোৰণঃ অসমত শত্রু ৰাষ্ট্রৰ চকু; পূজাত ভয়ংকৰ কূটাঘাতৰ সম্ভাৱনা

স্বাভাৱিকতে ঊর্ধ্বমুখী ইন্ধনৰ মূল্য সর্বসাধাৰণৰ বাবে হৈ পৰিছে লব নোৱাৰা বোজা৷ এহাতে, ক’ভিড পৰিস্থিতিত জনসাধাৰণৰ সন্মুখত জীৱন–জীৱিকাৰ অভাৱনীয় সংকট আহি পৰিছে, আনহাতে ইন্ধনৰ ব্যাপক মূল্যবৃদ্ধিৰ ফলত বজাৰত অত্যাৱশ্যকীয় সামগ্রী জুই–ছাই দামত বিক্রী হৈছে৷

এনে অভাৱনীয় সংকটৰ মুহূর্ততো পেট্র’ল–ডিজেলৰ মূল্য হ্রাস কৰিবলৈ কোনোধৰণৰ পদক্ষেপ লোৱা নাই কেন্দ্রীয় চৰকাৰখনে৷ তাৰ সলনি অধিক হাৰত আবকাৰী কৰৰ জৰিয়তে ৰাজহ সংগ্রহতহে ব্যস্ত হৈ পৰিছে চৰকাৰখন৷ কাজেই কৰৰ বোজাত দেশৰ নাগৰিকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিছে৷

You might also like