নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিত নলা–নর্দমা নিষ্কাশনত ২.২১ কোটিৰ কেলেংকাৰিঃ পৌৰ নিগমত চি এম ভিজিলেঞ্চৰ অভিযান; হার্ড ডিস্ক, নথিপত্র জব্দ

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: গুৱাহাটী পৌৰ নিগমত নলা–নর্দমা নিষ্কাশনৰ নামত সংঘটিত হোৱা ২.২১ কোটি টকাৰ কেলেংকাৰিৰ তদন্ত অব্যাহত ৰাখিছে চি এম ভিজিলেঞ্চে৷ যোৱা ১৬ আগষ্টত পৌৰ নিগমৰ কার্যালয়ত চি এম ভিজিলেঞ্চৰ এটা দলে কেলেংকাৰিৰ তদন্ত কৰিবলৈ নথিপত্র তন্ন তন্নকৈ পৰীক্ষা কৰে৷ আজি পুনৰ চি এম ভিজিলেঞ্চৰ এটা দল পৌৰ নিগমৰ কার্যালয়ত উপস্থিত হৈ কেইবাঘণ্টা ধৰি নথিপত্র পৰীক্ষা কৰে৷ অভিযানকাৰী দলটোৱে জিলা কোষাগাৰৰ পৰা পূর্বৰ বিলৰ মূল কপী জব্দ কৰে৷ অভিযানকাৰী দলটোৱে জি এম চি কার্যালয়ৰ পৰা এখন হার্ড ডিস্ক জব্দ কৰে৷ নলা–নর্দমা নিষ্কাশনৰ নামত ভুৱা বিলেৰে ২.২১ কোটি টকা মোকলাই নিয়াৰ বাবে পৌৰ নিগমৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া, অভিযন্তা আৰু ঠিকাদাৰে ফন্দি পাতিছিল৷ চলিত বর্ষৰ এপ্রিল আৰু মে’ মাহত নলা–নর্দমা নিষ্কাশনৰ নামত দিয়া ২.২১ কোটি টকাৰ বিল পৌৰ আয়ুক্তই তদন্ত কৰিবলৈ দিয়াৰ পাছতে বহু বিসংগতি ধৰা পৰিছিল৷ ইয়াৰ পাছতে পৌৰ আয়ুক্ত দেৱাশিস শর্মাই চি এম ভিজিলেঞ্চক সমগ্র বিষয়টো তদন্ত কৰিবলৈ পত্র প্রেৰণ কৰে৷

জি এম চিত সংঘটিত হোৱা এই কেলেংকাৰিত পৌৰ নিগমৰ বিশেষ কর্মৰত বিষয়া বাবুলাল শর্মা, তদানীন্তন মুখ্য অভিযন্তা তছদিকুৰ ৰহমান, স্বচ্ছতা বিষয়া আছিফ আহমেদৰ লগতে নিগমৰ একাংশ বিষয়া–কর্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে৷ অৱশ্যে তদন্ততহে পোহৰলৈ আহিব এই কেলেংকাৰিৰ লগত নিগমৰ কোন কোন বিষয়া, অভিযন্তা আৰু ঠিকাদাৰ জড়িত আছে৷ লক্ষণীয় যে নলা–নর্দমা নিষ্কাশনৰ এই কেলেংকাৰিত ঠিকাদাৰী প্রতিষ্ঠান বিনছনৰ স্বত্বাধিকাৰী দীনেশ জয়ছোৱাল আৰু ৱান টু টেনৰ স্বত্বাধিকাৰী ছাদ্দাম হুছেইন ওৰফে আকাশ আলীও জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এই অভিযোগৰ ভিত্তিতে চি এম ভিজিলেঞ্চৰ দলে দীনেশ জয়ছোৱালৰ কার্যালয়ত ইতিমধ্যে অভিযান চলাই বহু নথিপত্র জব্দ কৰি কৈফিয়ৎ তলব কৰিছে৷

উল্লেখ্য যে পৌৰ নিগমত নলা–নর্দমা নিষ্কাশনৰ নামত ভুৱা বিলেৰে কোটি কোটি টকা উলিয়াই নিয়াৰ নামত নিগমৰ একাংশ বিষয়া, অভিযন্তাই ৫০ লাখ টকা উৎকোচ লোৱা বুলিও অভিযোগ উঠিছে৷ এই কেলেংকাৰিৰ তথ্য পোহৰলৈ অহাৰ পাছতে নিগমৰ একাংশ বিষয়া–ভিযন্তাই বেলৰতলৰ ডাম্পিং গ্রাউণ্ড স্থাপনৰ নামতো কোটি কোটি টকা আত্মসাৎ কৰা বুলিও নিগমৰ ভিতৰচ’ৰাতে ব্যাপক চর্চা চলিছে৷

You might also like