নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ ৰাজপথত দাওদাওকৈ জ্বলিল যাত্ৰীবাহী মেজিক

যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নগৰৰ ৰাজপথত দাওদাওকৈ জ্বলি গ’ল এখন যাত্ৰীবাহী মেজিক বাহন। জানিব পৰা মতে, নগৰৰ যোৰহাট চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৰখাই থোৱা অৱস্থাত আছিল মেজিক বাহনখন। হঠাতে বাহনখনত জুই লাগি…

৪৫ কংগ্ৰেছীক ৬ বছৰলৈ নিলম্বন ধুবুৰী জিলা কংগ্ৰেছৰ

অহা ৪ মে'ৰ ভোট গণনাৰ আগে আগে দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ধুবুৰী জিলা কংগ্ৰেছ কমিটিয়ে মুঠ ৪৫ গৰাকীক দল বিৰোধী কাৰ্যকলাপৰ বাবে নিলম্বন কৰাৰ ঘটনাই দলটোৰ ভিতৰচৰাত তীব্ৰ জোকোৰনিৰ সৃষ্টি কৰিছে। নিলম্বিতৰ সেই দীঘলীয়া তালিকাত ধুবুৰী…

কোকৰাঝাৰৰ ভাওৰাগুৰিত বিষুৱা উৎসৱ পালনৰ প্ৰস্তুতি

কোকৰাঝাৰ জিলাৰ অধীনস্থ খলিচানীমাৰীত আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ বিষুৱা পালন কৰিবলৈ আজি লাইখুটা স্থাপন কৰে বিজেপিৰ ৰাজ্যিক সম্পাদক নিলেশ্বৰ ৰায়ে। অহা ২৭ এপ্ৰিলত ভাওৰাগুৰী অঞ্চলৰ ৰাইজে এই বেলি পোন প্ৰথমবাৰৰ বাবে খলিচানীমাৰীত…

ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্মৃতিগ্ৰন্থ ‘বহনা’ উন্মোচন

স্মৃতিগ্ৰন্থৰ বুকুত বৈ থাকে একোটা অনুষ্ঠানৰ নেদেখা ইতিহাস । স্মৃতিগ্ৰন্থই ব্যক্তি আৰু সমাজৰ ঐতিহ্য বহন কৰে। স্মৃতিগ্ৰন্থ এসময়ত অঞ্চলটোৰ বাবে এক মূল্যবান দলিল স্বৰূপ হৈ পৰে।সেয়ে ইয়াৰ গুৰুত্ব অপৰিসীম।' এই মন্তব্য নৰ্থ বেংক মহাবিদ্যালয়ৰ…

মহানগৰীৰ বশিষ্ঠ নৈত উদ্ধাৰ যুৱকৰ নিথৰ দেহ, চাঞ্চল্য

ডিজিটেল ডেস্ক, ২১ এপ্ৰিল : গুৱাহাটী মহানগৰীৰ বশিষ্ঠ নৈত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা যুৱকজনক আখতাৰ আলী বুলি চিনাক্ত কৰা হৈছে। প্ৰাথমিক তথ্য অনুসৰি, মেনহলেৰে উটি আহি মৃতদেহটো বশিষ্ঠ নৈত উপস্থিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা…

ইৰানে শান্তি বৈঠক বাৰণ কৰাত ঊর্ধ্বমুখী তেলৰ দাম, ভাৰতত দাম বৃদ্ধিৰ আশংকা

ডিজিটেল ডেস্ক, ২১ এপ্রিল : আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে ইৰানত চলোৱা আক্রমণৰ পিছৰ পৰা সমগ্র পশ্চিম এছিয়াত সৃষ্টি হোৱা অস্থিৰতাৰ অৱসান ঘটাৰ আশা প্রকট হৈছিল দুয়োপক্ষৰ মাজত প্রথম পর্যায়ৰ শান্তি আলোচনাৰ সিদ্ধান্তৰ ফলত৷ কিন্তু প্রথম…

তিলকৰ শতকেৰে জয়ৰ ধাৰালৈ উভতিল মুম্বাই, ৯৯ ৰানত হাৰিল গুজৰাট টাইটানছ

ডিজিটেল ডেস্ক, ২১ এপ্রিল : অৱশেষত জয়ৰ ধাৰালৈ উভতিল পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ৷ চলিত আইপিএলত ক্রমাগত চাৰিখন মেচত পৰাস্ত হোৱা মুম্বায়ে সোমবাৰে আহমেদাবাদত অনুষ্ঠিত মেচখনত ঘৰুৱা দল গুজৰাট টাইটানছক ৯৯ ৰানত পৰাস্ত কৰে৷ মেচখনত মুম্বাইৰ…

সম্পাদকীয় : মহিলাৰ আসন সংৰক্ষণ

আমি যিমানেই নাৰী সবলীকৰণৰ শ্ল’গান নিদিওঁ কিয়, দেশৰ মহিলাসকলৰ সামূহিক উত্থানত ভেটা দিয়া লোকৰ অভাৱ নাই৷ ভাৰতীয় সংবিধানৰ ১৩১সংখ্যক সংশোধনৰ জৰিয়তে দেশৰ মহিলাসকলৰ বাবে লোকসভা আৰু বিধানসভাত ৩৩ শতাংশ আসন সংৰক্ষণৰ বাবে সংসদৰ বিশেষ অধিৱেশনত উত্থাপন…

২১ এপ্ৰিল : আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ এপ্রিল, ব’হাগ মাহৰ ৭ তাৰিখ মঙলবাৰ : তিথি–শুক্লা চতুর্থী, নক্ষত্র : ভৰণী, যাত্রা : মধ্যম মেষ : আজি ঘৰুৱা সমস্যাৰ ওপৰত নজৰ দিয়ক৷ কর্মস্থানত মধ্যম৷ ব্যৱসায়ত বাধা৷ যান–বাহনৰ পৰা সতর্ক থাকিব৷ প্রেমত সন্দেহ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷…

নির্জীৱ জীৱন

🔹 ড০ পার্থসাৰথি মহন্ত মানুহৰ জীৱন দুটা– এটা দেখা পায়, জুখিব পাৰি– আনটো অকথিত, নীৰৱে ৰৈ থাকে৷ বেছিভাগ মানুহেই প্রথমটোৰ লগত জীয়াই থাকে, দ্বিতীয়টোক ভালকৈ লগেই নাপায়৷ জীৱন প্রত্যেকেই উদযাপন কৰিব নোৱাৰে৷ অনেকৰে জীৱন শেষ হয় অনুশোচনাত৷ কিছুমান…