নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভা নিৰ্বাচনত অস্তিত্বহীন বিৰোধীক কটাক্ষ ৰাজ্যিক বিজেপিৰ

"কাৰ্যতঃ বিৰোধীশূন্য হৈ পৰিছে অসমৰ ৰাজনীতি। বিৰোধী ৰাজনৈতিক দলৰ মিত্ৰতাৰ প্ৰসংগ এতিয়া সংবাদ মাধ্যমত চর্চা হোৱা বিষয়হে কেৱল। প্ৰকৃততে অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত কোনো ৰাজনৈতিক মিত্ৰতা বা ৰাজনৈতিক সহমত নাই। এই কথাটো আজি পুনৰবাৰ স্পষ্ট…

আজিও হিচাপ দাখিল নহ’ল সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ

সাহিত্য চৰ্চাতকৈ অন্য বিতৰ্কিত কামৰ দ্বাৰাহে সদায় বাতৰিৰ শিৰোনাম দখল কৰি অহা অসম সাহিত্য সভাৰ এবছৰ পূৰ্বে পাঠশালাত অনুষ্ঠিত সপ্তসপ্ততিতম অধিৱেশনৰ আজি পৰ্যন্ত কোনো হিচাপেই ৰাজহুৱা নোহোৱাত বজালীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে…

হাজোত পুঠিমাৰী নৈত সন্ধানহীন তিনি যুৱকৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল ডেস্ক, ৫ মাৰ্চ : ফাকুৱাৰ আনন্দ-উল্লাসৰ মাজতে তীৰ্থনগৰী হাজোত কালি সংঘটিত হৈছিল এক শোকাৱহ ঘটনা। ফাকুৱা খেলি ভোজ-ভাতৰ আয়োজন কৰি পুঠিমাৰী নৈত গা ধুবলৈ নামি সন্ধানহীন হৈ পৰিছিল তিনি বন্ধু। তিনি যুৱকৰ সন্ধানত পুঠিমাৰী নৈৰ বুকুত নামি…

ৰাজ্যসভালৈ নীতিশ : বিহাৰৰ মুখ্যমন্ত্ৰীৰ আসনত JDU নে BJP

বিহাৰত বিজেপিৰ মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত বুলি ৰাজনৈতিক মহলত আলোচনা চলিছে। নতুন চৰকাৰ গঠন সন্দৰ্ভত অমিত শ্বাহ আৰু নীতিশ কুমাৰৰ মাজত বিস্তৃত আলোচনা হোৱা বুলি জানিব পৰা গৈছে। এই সময়তে সূত্ৰসমূহে জনোৱা মতে নীতিশ কুমাৰে তৎক্ষণাৎ…

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল নীতিশ কুমাৰৰ

ডিজিটেল ডেস্ক, ৫ মাৰ্চ : ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত বিহাৰৰ ১০বাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বৃহস্পতিবাৰে ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল…

নগৰবেৰাত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, আটক দুই সৰবৰাহকাৰী

কামৰূপৰ নগৰবেৰা আৰক্ষীয়ে যোৱানিশা ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই দুজনকৈ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ১১টাকৈ কফ ছিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হয় | নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজ্যোতি দত্তৰ নেতৃত্বত নিশা আৰক্ষীৰ এটা দলে অভিযান চলাই…

উজনি মাজুলীত খহি পৰিল কুঁহিয়াৰবাৰী-মৰিসুঁতি দলং

মাজুলী জিলাৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ লুইতপৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত কুঁহিয়াৰবাৰী- মৰিসুঁতি সংযোগী কাঠৰ দলংখন আজি ভাগি পৰে৷ প্ৰায় দুটা বছৰ ধৰি অতি জৰাজীৰ্ণ হৈ থকা দলংখন মেৰামতিৰ বাবে বিগত সময়ত স্থানীয় জনসাধাৰণৰ নিজা প্ৰচেষ্টাত জৰাজীৰ্ণ…

চীনা ‘গো প্রো কেমেৰা’ত বন্দী পেহেলগামৰ নাৰকীয় ঘটনা

ডিজিটেল ডেস্ক, ৫ মার্চ : সমগ্র দেশ কঁপাই তোলা পেহেলগামৰ নাৰকীয় আক্রমণৰ দৃশ্য ধৰি ৰাখিবলৈ সন্ত্রাসবাদীসকলে ব্যৱহাৰ কৰিছিল গো প্রো কেমেৰা৷ ৰাষ্ট্রীয় তদন্তকাৰী সংস্থা এনআইএৰ সন্দেহ যে এই গো প্রো কেমেৰা চীনৰ এখন দোকানৰ পৰা কিনা হৈছিল৷ সেই সূত্র…

দক্ষিণ কামৰূপত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে দিনহাজিৰা কৰা লোকৰ বাসগৃহ

নিতৌ বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পাই আছে। কিন্তু স্থায়ী কোনো পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই বন বিভাগ তথা চৰকাৰে। এই বন্যহস্তীৰ উপদ্ৰৱৰ সময়তে যোৱানিশা খাদ্যৰ সন্ধানত অহা বন্যহস্তীয়ে কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জালুকবাৰীত উপদ্ৰৱ চলোৱাই…

ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল যোগেন মহন-তেৰছ গোৱালা-প্ৰমোদ বড়োৰ

ডিজিটেল ডেস্ক, ৫ মাৰ্চ : ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত বিজেপি নেতা তথা মন্ত্ৰী যোগেন মহন আৰু বিধায়ক তেৰছ গোৱালাই আজি দাখিল কৰে নিজৰ মনোনয়ন পত্ৰ। ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ…