নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি ঢকুৱাখনাত ৰক্তদান শিবিৰ

ৰক্তদান মহান দান। আপোনাৰ এটুপি তেজে কাৰোবাক দিব পাৰে জীৱন দান। এই মন্ত্ৰকে সাৰোগত কৰি সমাগত দেশৰ ৭৭সংখ্যক গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি ঢকুৱাখনাত বুধবাৰে অনুষ্ঠিত কৰা হয় এক ৰক্তদান শিবিৰ। ঢকুৱাখনা সম-জিলা প্ৰশাসন,ঢকুৱাখনা আৰু হাৰ্হি…

চাঞ্চল্য! বন্ধুক ডিঙি কাটি হত্যাৰ অপচেষ্টা বন্ধুৰ

নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত তথা দৌলাশাল আৰক্ষী চকীৰ অধীনৰ ২নং কাপলাবড়িত গাৰ নোম শিয়ঁৰি উঠা ঘটনা এটি সংঘটিত হৈছে৷ কাপলাবড়ি পাৰঘাটত নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো ৷ বন্ধুৱে বন্ধুক ডিঙি কাটি হত্যাৰ অপচেষ্টা চলোৱা ঘটনা…

লাহৰীঘাটত ভূমিকেন্দ্ৰিক সংঘাত, আহত চাৰি

লাহৰীঘাটত ভূমিকেন্দ্ৰিক সংঘাত। দুই পক্ষৰ মাৰপিটৰ ঘটনাত চাৰিজনকৈ লোক আহত হয়। লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত মৈৰাবাৰী মৌজাৰ দাঁতিয়ালবড়ি গাঁৱৰ এটুকুৰা মাটিক কেন্দ্ৰ কৰি আজি লাহৰীঘাটত সংঘটিত হয় এই মাৰপিটৰ ঘটনা। উল্লেখ্য যে উক্ত মাটি টুকুৰা ৪০…

আনন্দৰাম বৰুৱা একাডেমিৰ মুখপত্র অনুৰণনৰ দ্বাবিংশ সংখ্যা উন্মোচন

"আমি একো একোখন শিক্ষানুষ্ঠানৰ মুৰব্বী পদত থকাৰ পৰিপ্ৰেক্ষিতত আমাৰ অনেকেই শিক্ষাবিদ বুলি কব বিচাৰে৷ এনে ক্ষেত্ৰত আমাৰ বহু দায়িত্ব আহি পৰে৷ আমাক যে মানুহে সন্মানবোৰ দিয়ে তেতিয়া আমাৰ মনত প্ৰশ্ন উত্থাপন হয় যে মানুহে আমাৰ পৰা কি বিচাৰিছে?…

কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা

ঐতিহাসিক যুগৰ প্ৰাচীন বিনিময় প্ৰথাৰে পাহাৰ আৰু ভৈয়ামৰ সমন্বয়ৰ এনাজৰী গঢ়া গোভা দেওঁৰজাৰ জোনবিল মেলা জাগীৰোডৰ ইতিহাস প্ৰসিদ্ধ জোনবিলৰ পাৰত কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। এই মেলাতেই কিছু সময়ৰ বাবে স্তদ্ধ হৈ পৰিব আধুনিক মুদ্ৰাৰ…

ডিব্ৰু-ছৈখোৱাত দুষ্প্ৰাপ্য ঢেঁকীয়াপতীয়া বাঘৰ উপস্থিতি

পৰ্যটকৰ আকৰ্ষণৰ স্থলি হিচাপে বিবেচিত হোৱা অসমৰ বিভিন্ন পৰ্যটনস্থলি তথা অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান সমূহৰ ভিতৰত অন্যতম হৈছে উজনি অসমৰ তিনিচুকীয়া জিলাস্থিত বন্যপ্ৰাণীৰ এক গুৰুত্বপূৰ্ণ আৱাসস্থল “ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান”। আৰু এই…

ডিফুত কুঁৱা খন্দাৰ সময়ত শ্বাসৰুদ্ধ হৈ ৩জনৰ মৃত্যু

কাৰ্বি আংলং জিলাৰ ডিফুৰ ওচৰৰ এখন দুুৰ্গম গাঁৱত সংঘটিত এক হৃদয়বিদাৰক ঘটনাত কুঁৱা খন্দাৰ সময়ত শ্বাসৰুদ্ধ হৈ তিনিজন লোকৰ মৃত্যু হয়। দিছামা অঞ্চলৰ ছালেম টিছ’ গাঁৱত অৱস্থিত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ যুটীয়া সচিব টেঞ্জিং ৰংপিৰ বাসগৃহত এই…

মহাকাশ ইতিহাসৰ এক অধ্যায়ৰ সমাপ্তি, সুনীতা উইলিয়ামছৰ অৱসৰ

নাছাৰ সৈতে ২৭ বছৰীয়া দীঘলীয়া আৰু অনুপ্ৰেৰণাদায়ক কৰ্মজীৱনৰ অন্ত পেলালে সুপ্ৰসিদ্ধ মহাকাশচাৰী সুনীতা উইলিয়ামছে। মানৱ মহাকাশ অভিযাত্ৰাৰ ক্ষেত্ৰত এক ঐতিহাসিক যাত্ৰাৰ অন্ত হিচাপে এই অৱসৰ ঘোষণা কৰে নাছাই। মঙলবাৰে নাছাই জানিবলৈ দিয়ে যে সুনীতা…

আমছাৰ নৱনিৰ্বাচিত সভাপতি ডাঃ সুৰেন মজুমদাৰক নলবাৰীত সম্বৰ্ধনা

অসম চিকিৎসক সেৱা সন্থাৰ ৰাজ্যিক সভাপতি পদত নিৰ্বাচিত হৈছে নলবাৰীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ সুৰেন মজুমদাৰ৷ গোৱালপাৰাত অনুষ্ঠিত অসম চিকিৎসক সেৱা সন্থাৰ ৫২সংখ্যক অধিৱেশনত ডাঃ মজুমদাৰ বিপুল ভোটৰ ব্যৱধানত সভাপতি পদত নিৰ্বাচিত হয়৷ আনহাতে আমছাৰ নলবাৰী…

আজি ভাৰত–নিউজিলেণ্ডৰ মাজত প্রথম টি–২০

ঘৰুৱা দল টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ প্রথমখন মেচ আজি নাগপুৰত অনুষ্ঠিত হ’ব৷ সদ্যসমাপ্ত তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোত পৰাজয়ৰ সন্মুখীন হোৱা ভাৰতীয় দলটোৱে টি–২০ শৃংখলাটোত প্রত্যয়জনক আৰম্ভণি কৰাৰ লক্ষ্য…