নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ বছৰীয়া কেৰিয়াৰৰ সামৰণি : ভাৰতীয় ক্রীড়াৰ এক বর্ণিল অধ্যায়ৰ সমাপ্তি

সমাপ্তি ঘটিল ভাৰতীয় ক্রীড়া জগতৰ এক বর্ণিল তথা গৌৰৱময় অধ্যায়ৰ৷ পুলেল্লা গোপীচান্দৰ পিছত ভাৰতীয় বেডমিণ্টনক এক নতুন মাত্রা প্রদান কৰা ছাইনা নেহৱালক হাতত ৰেকেট লৈ আৰু ক’ৰ্টত দেখা পোৱা নাযাব৷ দীর্ঘদিন ধৰি আঁঠুৰ আঘাতৰ সৈতে যুঁজি থকাৰ পিছত অৱশেষত…

সম্পাদকীয় : ভোগালীৰ ভৱিষ্যৎ

অসমীয়াৰ কৃষিভিত্তিক সমাজ জীৱনৰ এক গভীৰ সাংস্কৃতিক প্রকাশ ভোগালী বিহু কেৱল উৎসৱৰ আনন্দ বা খাদ্য–ভোজৰ মাজতেই সীমাবদ্ধ নহয়, ইয়াত নিহিত আছে ঋতুচক্রৰ সচেতনতা, পৰিৱেশৰ সৈতে মানৱ সমাজৰ সহাৱস্থান, শ্রমৰ মর্যাদা, সামূহিক শ্রম–সংস্কৃতি, খাদ্য–ঐতিহ্য…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ জানুৱাৰী, মাঘ মাহৰ ৭ তাৰিখ বুধবাৰ : তিথি–শুক্লা তৃতীয়া, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই মেষ : যিকোনো শুভ কর্মৰ পৰা বিৰত থাকক৷ হাতলৈ ধন আগমনৰ সম্ভাৱনা আছে৷ বৃষ : কর্মক্ষেত্রৰ সূত্রে বিদেশ যাত্রাৰ যোগ আছে৷ পুৱা– গধূলি শিৱৰ জপ কৰক৷…

পীতাম্বৰ দেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ জিৰণি চ’ৰা উদ্বোধন 

মাজুলী জিলা শিক্ষা চক্ৰৰ অন্তৰ্গত মাধ্যমিক শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান পীতাম্বৰ দেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত আজি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা জিৰণি চ'ৰা উদ্বোধন কৰা হয়।  বিদ্যালয়খনৰ সমাজতত্ত্ব বিভাগৰ জ্যেষ্ঠ শিক্ষক গজেন বৰাই…

চামগুৰিৰ সোণাৰিবালিত ৫২টা চোৰাং গৰুসহ বাহন জব্দ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে আজি পুৱা পুনৰ চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই ৫২টাকৈ গৰু উদ্ধাৰ কৰাৰ লগতে এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষী থানাখনৰ অন্তৰ্গত সোণাৰিবালি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনসহ চোৰাং গৰুকেইটা জব্দ কৰে।…

কোকৰাঝাৰত উত্তপ্ত পৰিস্থিতি, ইণ্টাৰনেট সেৱা কৰ্তন

ডিজিটেল ডেস্ক, ২০ জানুৱাৰী : কোকৰাঝাৰৰ কাৰিগাঁৱত কালি নিশা প্ৰায় ৮ বজাত এক অপ্ৰীতিকৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত এজন লোকক ঘটনাস্থলীত মাৰপিট কৰি নিহত কৰিছিল ৷ এই লৈ আজি পুৱাৰ পৰা কাৰিগাঁও ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে কেইবাটাও ঘৰত অগ্নিসংযোগ কৰে…

বগীনদীৰ কদম টেঙাবস্তিত ছয় জুৱাৰীক নগদ ধনসহ আটক, জে’ললৈ প্ৰেৰণ

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদম টেঙাবস্তিত অভিযান চলাই নগদ ধনসহ ছয়জন জুৱাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে বগীনদী আৰক্ষীয়ে। আৰক্ষীয়ে জুৱা খেলি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা জুৱাৰীকেইজন হৈছে ক্ৰমে লখিমপুৰ জিলাৰ খেলমাটি…

কোকৰাঝাৰৰ কাৰিগাঁৱত উত্তপ্ত পৰিস্থিতি, সমগ্ৰ এলেকাত তীব্ৰ উত্তেজনা

ডিজিটেল ডেস্ক, ২০ জানুৱাৰী : কোকৰাঝাৰৰ কাৰিগাঁৱত আজি পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কালি নিশা প্ৰায় ৮ বজাত কাৰিগাঁৱত সংঘটিত এক অপ্ৰীতিকৰ পৰিস্থিতিত এজন লোকক ঘটনাস্থলীত মাৰপিট কৰি নিহত কৰিছিল ৷ এই লৈ আজি পুৱাৰ পৰা কাৰিগাঁও ৰাষ্ট্ৰীয়…

ভূপাল আৰক্ষীৰ জালত মৈৰাবাৰীৰ চাইবাৰ অপৰাধী ইব্ৰাহিম আলী

চাইবাৰ অপৰাধীক বিচাৰি মৰিগাঁও পালেহি অন্ধ্ৰপ্ৰদেশৰ ভূপাল আৰক্ষীৰ এটা বিশেষ অভিযানকাৰী দল। দলটোৰ উদ্দেশ্য আছিল ভূপাল আৰক্ষী থানাত ৰুজু হৈ থকা ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৩০৮ (২), ৩১৮ (৪), ৩১৯ (২), ৩৩৬ (৩), ৩৪০ (২)ৰ অধীনত ৰুজু হৈ থকা ২১৬/২৫…

অসম মহাপুৰুষীয়া সমাজৰ প্ৰাক্তন সভাপতি ত্ৰৈলোক্য দত্তৰ দেহাৱসান

অসম মহাপুৰুষীয়া সমাজৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ উপদেষ্টা তথা শিৱসাগৰ জিলা সমিতিৰ শৰণাচাৰ্য হাঁহচৰা লাটুম গাঁও নিৱাসী ত্ৰৈলোক্য দত্তৰ (৮৪) কালি মৃত্যু হয় ৷ উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ বিগত এমাহ দিন ধৰি চিকিৎসাধীন…