নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেৱ বিশ্ববিদ্যালয়ত “ভট্টদেৱ : জীৱন আৰু কৃতি” শীৰ্ষক আলোচনা চক্ৰ

"আমাৰ বৰ্তমান হৈছে অতীতৰ ভেটিত প্ৰতিষ্ঠিত এক সত্য৷ যেয়েহে ঐতিহ্যক বাদ দি আমি একো কৰিব নোৱাৰোঁ৷" এই মন্তব্য বিশিষ্ট চিন্তাবিদ, লেখক, সুবক্তা তথা সাহিত্য অকাডেমিৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ সমন্বয়ক দিগন্ত বিশ্ব শৰ্মাৰ৷ ভাৰত চৰকাৰৰ…

জুবিন গাৰ্গ হত্যাত অভিযুক্তৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম গঠন আদালতৰ

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰক কেন্দ্ৰ কৰি গুৱাহাটীৰ বিশেষ ফাষ্ট-ট্ৰেক আদালতে আজি গ্ৰেপ্তাৰ হোৱা সাতজন অভিযুক্তৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে চাৰ্জ ফ্ৰেম গঠন কৰে। বিচাৰপতি শৰ্মিলা ভূঞাৰ ফাষ্ট-ট্ৰেক আদালতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক…

অসম সন্তান ড০ জগন্নাথ বিশ্বকৰ্মাৰ ব্ৰিটেইনত জ্যেষ্ঠ বিজ্ঞানী পদত যোগদান

অসমৰ তথা নগাঁৱৰ সুসন্তান তথা পৰিবেশ বিজ্ঞানী ড° জগন্নাথ বিশ্বকৰ্মাই ইংলেণ্ডৰ পৰিৱেশ, খাদ্য আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগ (ডেফ্ৰা) ত পৰিবেশ আৰু জলসম্পদ সংলগ্ন অসামৰিক সেৱাৰ গুৰুত্বপূৰ্ণ জ্যেষ্ঠ বিজ্ঞান বিষয়া হিচাপেনতুন দায়িত্ব গ্ৰহণ কৰিছে।…

ঈদৰ প্ৰাকমুহূৰ্তত বিলাসীপাৰাত মৰ্মান্তিক ঘটনা

ঈদৰ প্ৰাক মুহূৰ্তত বিলাসীপাৰাত সংঘটিত হল মৰ্মান্তিক ঘটনা। ৰেল আস্থানৰ পানীৰ টেংকিৰ কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাবটিলে দুজন শ্ৰমিক। আস্থানটোৰ আৱাসীসকলৰ খোৱাপানীৰ বাবে স্থাপনৰ কৰিবলৈ লৈছিল টেংকীটো। নজন শ্ৰমিকে সু-উচ্চ টাৱাৰত…

ৰাইজে জিকাবও পাৰে, হৰুৱাবও পাৰে— নতুন বিধায়কক মুখ্যমন্ত্ৰীৰ বাৰ্তা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য প্ৰকাশ কৰি অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে উন্নয়ন, শান্তি, সামাজিক সম্প্ৰীতি আৰু নতুন অসমৰ দিশত চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিলে। মুখ্যমন্ত্ৰীয়ে কয় যে…

FIFA বিশ্বকাপত চোৰাংচোৱা : ফুটবলে নিজেই জনাব Offside-Onside

আগতে ফুটবলৰ অর্থ আছিল ২২জন ফুটবলাৰ আৰু মাত্র এটা বল৷ এতিয়া সেই বলটো কার্যতঃ মেচৰ ‘ষ্টাফ’ হৈ পৰিছে৷ আসন্ন ফিফা বিশ্বকাপৰ অফিচিয়েল বল ‘ট্ৰাইঅ’ণ্ডা’ই কেৱল কিক ল’বলৈ খেলপথাৰখন লোৱাই নহয়, ই তথ্য প্রেৰণ কৰিব, হিচাপ কৰিব আৰু ভিএআৰক সহায় কৰিব৷…

২৯ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৫-২৬ পৰ্যটন বৰ্ষ অহা ২৮ মে’ত আনুষ্ঠানিকভাৱে সমাপ্ত হ’ব। ইয়াৰ পিছতে ২৯ মে’ৰ পৰা পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰখন। এইবাৰৰ পৰ্যটন বৰ্ষই কাজিৰঙালৈ কঢ়িয়াই আনিছে দুটাকৈ বৃহৎ…

আৰক্ষীৰ গুলীত নিহত মৰিকলং কাণ্ডৰ অভিযুক্ত

এক বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত অসম আৰক্ষীৰ নগাঁও থানাৰ এটা দলে ৰাঙলু আৰক্ষী চকীৰ অন্তৰ্গত বৰকুণ্ডলি মিকিৰপাৰ অঞ্চলত বিশেষ অভিযান চলায়। অভিযান চলাকালীন সময়ত পাঁচজন সন্দেহযুক্ত লোক ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়। আৰক্ষীৰ দাবী অনুসৰি,…

পবিতৰা অভয়াৰণ্য আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ

অসম গৌৰৱ এশিঙীয়া গঁড়ৰ অন্যতম আৱাসস্থলী পবিতৰা অভয়াৰণ্য আজিৰে পৰা দেশী-বিদেশী সকলো পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে বন্ধ ঘোষণা কৰা হৈছে। বাৰিষাৰ আগমনৰ লগে লগে অভয়াৰণ্যখনৰ অন্তৰ্ভাগৰ পথসমূহ বোকাময় হৈ পৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বন…

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা

২২ জুনৰ পৰা আৰম্ভ হ’ব শক্তিপীঠ কামাখ্যা ধামৰ ঐতিহ্যবাহী অম্বুবাচী মেলা। ২৬ জুনলৈ চলিবলগীয়া এই ধৰ্মীয় মহোৎসৱৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰা অহা লাখ লাখ ভক্তক…