নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুধাকণ্ঠৰ জন্ম শতবর্ষ

অসংখ্য সৃষ্টিৰে বিশ্ব দৰবাৰত অসমীয়া জাতিক এটি উন্নত জাতিসত্তা হিচাপে প্রতিষ্ঠা কৰি থৈ গৈছে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাই৷ তেওঁ কেৱল এগৰাকী শিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, চলচ্চিত্র পৰিচালক আৰু ছবি নির্মাতাই নহয়, তেওঁ আছিল এগৰাকী…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ ছেপ্টেম্বৰ, ভাদ মাহৰ ২২ তাৰিখ সোমবাৰ : তিথি–কৃষ্ণা প্রতিপদ, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : শুভ মেষ : কোনো কামৰ বাবে চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে বা নতুন কোনো প্ৰতিষ্ঠানৰ পৰা স্বীকৃতি লাভ কৰিব পাৰে। কিন্তু শাৰীৰিক স্বাস্থ্য…

গুৱাহাটীত কৰ্মৰত গোৰেশ্বৰৰ দুই সন্তানৰ পিতৃ সন্ধানহীন : পৰিয়ালত হাহাকাৰ

নিয়মীয়া বাৰ্তা, গোৰেশ্বৰ, ৭ ছেপ্টেম্বৰ : তামুলপুৰ জিলাৰ গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত লোক্ৰা বৰনগৰৰ কুৰপাৰা চুবুৰিৰ চন্দেশ্বৰ বড়ো (৩২) গুৱাহাটীৰ গীতানগৰৰ নিজৰ শোৱনী কোঠাৰ পৰা ১ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হোৱা ঘটনাই গোৰেশ্বৰত চাঞ্চল্যৰ…

ধুবুৰী মেডিকেল কলেজত খালী পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৫ ছেপ্টেম্বৰ ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতালত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

শিলচৰত আটক ২ ভুৱা দন্ত চিকিৎসক, অবৈধ পেড জব্দ

নিয়মীয়া বাৰ্তা, শিলচৰ, ৭ ছেপ্টেম্বৰ : শিলচৰৰ পৰা দুজন ভুৱা দন্ত চিকিৎসকক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দেওবাৰে শিলচৰত অনুষ্ঠিত এখন সংবাদ মেলত কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে যোৱা ২ ছেপ্টেম্বৰত ভাৰতীয়…

বাক্সাৰ গোৱালবিলত বন্যহস্তীৰ আক্ৰমণত মহিলাসহ দুজন নিহত : ক্ষুব্ধ ৰাইজে অৱৰোধ কৰিলে ধমধমা-তামুলপুৰ পথ

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : ধমধমাৰ নিকটৱৰ্তী বাক্সা জিলাৰ গোৱালবিলত আজি পুৱা হাতীৰ আক্ৰমণত মহিলাসহ দুগৰাকীকৈ লোক নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, বাক্সা জিলাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত…

ভূপেন হাজৰিকাৰ নিয়ম ভঙাৰ হেঁপাহ

🔹 ড০ কৰবী ডেকা হাজৰিকা নিয়ম ভাঙিব পাৰে সেইজনেহে, যাৰ আছে সাহস, বিশ্বাস, শুভশক্তিৰ ওপৰত আস্থা আৰু সমাজৰ বাবে মংগল কামনা৷ তেনে ব্যক্তি আছিল শংকৰদেৱ৷ শংকৰদেৱে সৰু মানুহৰ মহৎ জীৱনৰ বাবে শূদ্র হৈও ভাগৱত ভাঙনি কৰাৰ দৰে ‘অনিয়ম’ কৰিছিল, প্রচলিত…

ভূমিকম্পত আহত মহিলাক মৰিবলৈ এৰি দিছে উদ্ধাৰকাৰীয়ে : ধর্মীয় গোড়ামিৰ নামত চূড়ান্ত অমানৱীয় কার্য

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ : ধর্মৰ নামত মানৱতাক একাষৰীয়া কৰা নিকৃষ্ট কাণ্ডক লৈ বিশ্বজুৰি তীব্র প্রতিক্রিয়া হৈছে৷ তালিবানশাসিত আফগানিস্তানত ধর্মৰ বাবেই ভূমিকম্পৰ ফলত হোৱা ধ্বংসস্তূপত আবদ্ধ হৈ থকা মহিলাক উদ্ধাৰ কৰা নাই, অর্থাৎ আহত মহিলাসকলক…

অবৈধ প্ৰেমৰ সাক্ষী হোৱাটোৱেই কাল হ’ল ডেলিভাৰী বয়ৰ : দুই অভিযুক্তক আটক

নিয়মীয়া বাৰ্তা, গৰৈমাৰী, ৭ ছেপ্টেম্বৰ : এটা চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গ'ল সমগ্ৰ দক্ষিণ কামৰূপক। অবৈধ প্ৰেমৰ সাক্ষী হোৱাৰ বাবেই হত্যাৰ বলি হ'ব লগা হ'ল গৰৈমাৰীৰ টুক্ৰাপাৰা গাঁৱৰ ৰজব আলীৰ পুত্ৰ আজাহাৰ আলী। ইতিমধ্যে আজাহাৰ আলী হত্যাকাণ্ডৰ…

আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট : ৩০ ছেপ্টেম্বৰৰ গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠানত ভাগ নলয়…

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ : আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেটৰ উদ্বোধনী অনুষ্ঠানত অংশ লোৱাৰ পৰা বিৰত থাকিব পাকিস্তান৷ ৩০ ছেপ্টেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান৷ পাকিস্তানৰ মহিলা দলটোৱে…