নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাৰ ফুল এইবাৰ কৰণিত নহয়, খাদ্যৰ থালত

ডিজিটেল ডেস্ক, ৮ মে’ : নার্জী ফুল আমি সাধাৰণতে পূজাৰ উপচাৰ বা উৎসৱৰ সাজ–সজ্জাৰ উপকৰণ হিচাপেই ব্যৱহাৰ কৰোঁ৷ কিন্তু প্র’টিনৰ বিপুল ভাণ্ডাৰ মজুত থকা এই ফুলে এদিন আমাৰ খাদ্যৰ থালতো ঠাই পাব পাৰে৷ শেহতীয়া এটা গৱেষণাত বিজ্ঞানীসকলে এই পৰিচিত…

বিশেষ লেখা : সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল!

-নৰেন্দ্ৰ মোদী ২০২৬ চনৰ আৰম্ভণিতে সোমনাথ মন্দিৰত প্ৰথম আক্ৰমণৰ সহস্ৰ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণৰ বাবে সোমনাথ ভ্ৰমণ কৰিছিলো । ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ দ্বাৰা পুনৰ নিৰ্মিত মন্দিৰ…

অমিত শ্বাহৰ উপস্থিতিত আজি নিশ্চিত হ’ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী

পশ্চিমবংগৰ নিৰ্বাচনত বিজেপিয়ে বিপুল জয়ৰ পিছতে নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া তীব্ৰ গতি লাভ কৰিছে। এতিয়া সকলোৰে দৃষ্টি মুখ্যমন্ত্ৰীৰ মুখৰ ওপৰত নিবদ্ধ হৈ আছে। বিজেপিয়ে কাক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিব, সেয়া শীঘ্ৰেই স্পষ্ট হ’ব। শুকুৰবাৰে…

সম্পাদকীয় : বিজেপিৰ বংগ বিজয়

দেশৰ পাঁচখন ৰাজ্যৰ শেহতীয়া বিধানসভা নির্বাচনৰ সদ্যঘোষিত নির্বাচনী ফলাফলত বিজেপিয়ে পশ্চিমবংগত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱাটো নিশ্চয়কৈ এটা ঐতিহাসিক ঘটনা৷ ৰাজ্যখনৰ ৩৪ বছৰীয়া বাঁও সাম্রাজ্য ভাঙি পেলাই ২০১১ চনত মমতা বেনাৰ্জী…

৮ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ মে’, ব’হাগ মাহৰ ২৪ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণ ষষ্ঠী, নক্ষত্র : মূলা, যাত্রা : মধ্যম মেষ : কর্ম আৰু ইচ্ছাশক্তি বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ নিবনুৱাই কর্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে৷ দাম্পত্যত শুভ৷ বিদ্যাত কিছু খেলিমেলি৷ শুভ ৰং বগা৷ শুভ…

কাইলৈৰ পৰা ফাটবিহু : উদুলি-মূ্দুলি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰি

পৰম্পৰাৰ সকলো উজ্জ্বল্য সামৰি কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে চাৰিকড়ীয়া নৈৰ পাৰৰ ম'হঘুলি চাপৰিত উদযাপন কৰা হ'ব ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু। আহোম ৰাজত্ব কালৰে পৰা নিজস্ব বৈশিষ্ট্য আৰু স্বকীয় পৰম্পৰাৰে উদযাপিত হৈ অহা ঢকুৱাখনাবাসীৰ…

নগাঁৱৰ ৰাজপথত দাওদাওকৈ জ্বলিল বিলাসী বাহন

বিশেষ বাৰ্তা, নগাঁও, ৭ মে' : নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰঘাট বাইপাছত আজি বিয়লি প্ৰায় ৩.৩০ বজাত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। চাৰিলেনযুক্ত বৰঘাট বাইপাছৰ উৰিয়াগাঁও আৰু বৰঘাটৰ মাজত এই ঘটনা সংঘটিত হয়। বৰঘাট বাইপাছৰ ৰাজপথত দাওদাওকৈ জ্বলি উঠিল…

অৰুণাচলৰ পাংচুপাছত আলফা (স্বাঃ)ৰ দুই কেডাৰৰ আত্মসমৰ্পণ

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংচু পাছত নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী অসম-স্বাধীন (আলফা-আই)ৰ দুজন সক্ৰিয় কেডাৰে নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে। উত্তৰ-পূবৰ অন্যতম বিদ্ৰোহ-বিৰোধী অভিযানৰ ক্ষেত্ৰত সেনা বিষয়াসকলে ইয়াক এক…

কাছাৰৰ হলী ফ্লাৱাৰ স্কুলত মৰ্মান্তিক ঘটনা, শ্ৰেণীকোঠাতে প্ৰাণ গ’ল শিশু ছাত্ৰৰ

নিয়মীয়া বাৰ্তা, শিলচৰ, ৭ মে' : কাছাৰৰ কাটিগড়াৰ ব্যক্তিগত শিক্ষানুষ্ঠান হলী ফ্লাৱাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সংঘটিত হয় এক কৰুণ ঘটনা। শ্ৰেণী চলি থকা সময়তে এটি শিশু ছাত্ৰৰ মৃত্যু হয়। এই সন্দৰ্ভত অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি হৈছে।…

IPL-ৰ ৫০সংখ্যক মেচত আজি সমুখসমৰত RCB vs LSG

IPL-ৰ ৫০সংখ্যক মেচখন আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত একানা ষ্টেডিয়াম লক্ষ্ণৌত অনুষ্ঠিত হ’ব। মেচখন সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব আৰু টছ অনুষ্ঠিত হ’ব সন্ধিয়া ৭ বজাত। আজিৰ মেচখন ইকানাৰ সেই একেখন পিচত খেলা…