নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃণালিনী দেৱীক ভীমবৰ দেউৰী বঁটা প্রদান

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ উপ–সভাপতি তথা বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱীক মঙলবাৰে চলিত বর্ষৰ জননেতা ভীমবৰ দেউৰী বঁটা প্রদান কৰা হয়৷ জননেতা ভীমবৰ দেউৰীৰ ৭৪সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত দেউৰী পিপল্ছ জাষ্টিচ ফ’ৰামৰ কেন্দ্রীয় সমিতিৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ সহযোগত আয়োজিত অনুষ্ঠানত বিশিষ্ট সাহিত্যিকগৰাকীক এই বঁটা প্রদান কৰে মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই৷ অনুষ্ঠানত বঁটাপ্রাপক সাহিত্যিকগৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি উদ্যোক্তাসকলৰ শলাগ লৈ কয় যে জনজাতীয় ভাই–ভনীসকলক ভীমবৰ দেউৰীয়ে একতাৰ দোলেৰে বান্ধি থৈ গৈছে৷ তেওঁৰ আদর্শ আমি জীয়াই ৰখাৰ উপৰি বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰিব লাগিব৷ তদুপৰি জননেতা ভীমবৰ দেউৰীক যুৱপ্রজন্মৰ মাজত পৰিচয় কৰাই দিব লাগিব৷

ভীমবৰ দেউৰী বঁটা গ্রহণ কৰি বঁটাপ্রাপক সাহিত্যিকগৰাকীয়ে দেউৰীসকলৰ উপৰি ৰাজ্যৰ প্রতিটো জনজাতিৰ লোকসকলক মাতৃত্বৰ চেনেহেৰে আঁকোৱালি লৈ এখন বৰ অসম গঢ়ি তোলাৰ আহ্বান জনায়৷ অনুষ্ঠানত মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই জননেতা ভীমবৰ দেউৰীক শ্রদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে ভীমবৰ দেউৰী আৰু ৰূপনাথ ব্রহ্মৰ দূৰদর্শিতা আৰু অৱদানৰ বাবেই অসম বহিঃৰাষ্ট্রৰ অন্তর্ভুক্ত নহ’ল বুলি মন্তব্য কৰে৷ সেয়ে এনে এজন মহান নেতাক অসমবাসীৰ মাজত জীয়াই ৰখাৰ বাবে সকলোৱে উদ্যোগ লোৱাৰ আহ্বান জনাই এইক্ষেত্রত ৰাজ্য চৰকাৰে পূর্ণ সহযোগ কৰিব বুলি উল্লেখ কৰে৷

ৰাজ্যৰ প্রতিটো জনগোষ্ঠীক আগুৱাই নিয়াৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ‘ইণ্ডিজেনাছ ফেইথ এণ্ড কালচাৰ’ নামৰ এক সুকীয়া বিভাগ গঠন কৰাৰ উপৰি যাৱতীয় ব্যৱস্থা গ্রহণ কৰা বুলি কয়৷ ৰাজ্যৰ ক্ষুদ্র ক্ষুদ্র সকলো জনগোষ্ঠী একত্রিত হৈ বৰ অসম গঢ়াৰ লগতে জাতীয়তাবাদৰ সংকীর্ণ ধাৰণা পৰিহাৰ কৰি সর্বভাৰতীয় পর্যায়ত প্রতিষ্ঠা কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে৷ একেখন সভাতে উদ্যোগক্তাসকলে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক চলিত বর্ষৰ ভীমবৰ দেউৰী যুৱ বঁটা প্রদান কৰে৷ বঁটা গ্রহণ কৰি বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে স্বাভিমানী জাতি প্রতিষ্ঠা কৰিবলৈ সংকল্প লোৱাৰ উপৰি এই স্বীকৃতিয়ে তেওঁৰ দায়িত্ব দুগুণ বঢ়োৱা বুলি মতামত ব্যক্ত কৰে৷ ডাঃ অনিল চৌধুৰীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ আৰম্ভণিতে ভীমবৰ দেউৰীৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অর্পণ কৰা হয়৷ অনুষ্ঠানত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ মুখ্য পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা, মইনবড়ী সত্রৰ সত্রাধিকাৰ অপূর্ব অধিকাৰী, মধুমিতা শর্মা, বিজয়া শর্মা, তাই আহোম নেতা গুণকান্ত গগৈ, উত্তম দেউৰী, প্রশান্ত বুঢ়াগোহাঞি, ৰাণা বশিষ্ঠ, শৃংখল চলিহা আৰু ত্রিদিব ভাগৱতীকে ধৰি কেইবাগৰাকী ব্যক্তিক সম্বর্ধনা জনোৱা হয়৷ ধর্মকান্ত গগৈয়ে আঁত ধৰা অনুষ্ঠানত দেউৰী পিপল্ছ ফ’ৰামৰ সভাপতি সঞ্জীৱ দেউৰী আৰু সম্পাদক হৰিপ্রসাদ দেউৰীকে ধৰি বহু নেতা–কর্মী উপস্থিত থাকে৷

You might also like