নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ জিম্মাৰ পৰা অভিযুক্তৰ পলায়নক লৈ দিছপুৰ থানাত অথন্তৰ

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ আৰক্ষীৰ জিম্মাত থকা এজন লোকৰ পলায়ন কৰা ঘটনাক লৈ মঙলবাৰে দিছপুৰ থানাত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ দিছপুৰ আৰক্ষী সূত্রে জানিব পৰা মতে মহানগৰীৰ ভাৰাঘৰত বাস কৰা ডিব্রুগড়ৰ উৎপল শইকীয়া নামৰ লোকজনে পত্নীক অকথ্য নির্যাতন চলাই আছিল৷

দীর্ঘদিন ধৰি পত্নীক শাৰীৰিক আৰু মানসিক নির্যাতন চলোৱাৰ বাবে পত্নীয়ে স্বামী উৎপল শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি আজি পুৱা অভিযুক্ত লোকজনক কৰায়ত্ত কৰে৷ দিছপুৰ থানাত সোধা–পোছা কৰি আৰক্ষীয়ে অভিযুক্ত শইকীয়াক ৰখাই থয়৷

আৰক্ষীৰ জিম্মাত থকা লোকজনে সুযোগ লৈ থানাৰ পৰা পলায়ন কৰাত দিছপুৰ থানাত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ পাছত পূব আৰক্ষী জিলাৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসে অভিযুক্তৰ মোবাইল ফোন ট্রেক কৰি বশিষ্ঠ চাৰিআলিৰ পৰা অভিযুক্ত লোকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ সম্প্রতি ধৃত লোকজনক আৰক্ষীয়ে দিছপুৰ থানাত জেৰা অব্যাহত ৰাখিছে৷

You might also like