নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এয়াৰবাছ হেলিকপ্টাৰ ক্রয় ৰবি পিল্লাইৰ

বিশেষ বাৰ্তা, ২ জুলাইঃ সমৃদ্ধিশালী ভাৰতীয়ৰ সামগ্রী ক্রয়ৰ চখৰ সীমা নাই৷ শেহতীয়াভাৱে আৰ পি গ্রুপৰ প্রতিষ্ঠাতা ৬৯ বছৰীয়া ৰবি পিল্লায়ে ১০০ কোটি টকা ব্যয় সাপেক্ষে ক্রয় কৰিছে এয়াৰবাছ হেলিকপ্টাৰ৷ এই এয়াৰবাছ হেলিকপ্টাৰ ক্রয় কৰা প্রথমগৰাকী ভাৰতীয় হিচাপে স্বীকৃতি পাইছে ৰবি পিল্লায়ে৷ হেলিকপ্টাৰ ক্রয় কৰি চখ পূৰণ কৰা ৰবি পিল্লাইৰ গেৰেজত আছে কেইবাখনো বিলাসী বাহন৷ কৃষক পৰিয়ালৰ সন্তান ৰবি পিল্লায়ে বিগত বর্ষৰ জুন মাহত কেৰালাৰ কোভালমত এয়াৰবাছ এইচ–১৪৫খন ৰাখিছে৷ এই হেলিকপ্টাৰখনেৰে ৰবি পিল্লায়ে প্রথম যাত্রা কৰে কোভালমৰ পৰা ৰবিজ অষ্টামুদিলৈ যায়৷ উল্লেখ্য যে ৰবিজ ৰিজ’ট ৰবি পিল্লাইৰ কোম্পানী৷ এই ৰবিজ ৰিজ’ট ৰাজ্যখনৰ বিভিন্ন প্রান্তত আছে৷ সাগৰপৃষ্ঠৰ পৰা ২০ হাজাৰ ফুট উচ্চতালৈ প্রতি ঘণ্টাত ২৪৫ কিলোমিটাৰ বেগেৰে উৰিব পৰা এয়াৰবাছ এইচ–১৪৫ চাৰি ব্লেডযুক্ত৷ দুগৰাকী পাইলট আৰু সাতজন যাত্রী ভ্রমণ কৰিব পাৰে৷

You might also like